নৱ বৰুৱা অসমীয়া গীত | Naba Baruah Assamese Song | নৱ ৱৰুৱা অসমীয়া সমূহ গীত |



ফাগুনৰে পছোৱাই

 

ফাগুনৰে পছোৱাই

আঁচলকে উৰুৱাই

 

ৰঙালী ঐ বিহুৰেনো

বাতৰি বিলাই যায়

 

মোৰ মন পিছলি যায় ।

তোৰেনো ঐ ভাবনায় হিয়াকে নচুৱাই

কোন অচিনা দেশলৈ

চিনাকি তোৰ লবলৈ

মোৰ মন ঘূৰি ফূৰি

সাজি কাচি উৰি যায়

তোকনো বিচাৰি হায় ।।

 

প্ৰেম ৰঙা তোৰ কবিতাৰ সপোন আবৰে

মৌসনা তোৰ সুৰৰে নিজৰা বাগৰে

বোলে সেন্দুৰিয়া ঐ জেতুকা পতীয়া

মোৰ মন সেন্দুৰিয়া জেতুকা পতীয়া

মোৰ মন উভতি যায় ।

হেৰুৱা কোন দিনৰে সুৰেযে ৰিঙিয়াই

মোৰ মন পিছলি যায়

মোৰ গানৰে পূৰবীত

মোৰ ফুলনিত সুৰভিত

তোৰেনো ঐ ভাবনাত ঢৌ খেলি খেলি যায় ।।