নুৰুল হকৰ গীত | Nurul Haque Assamese song | নুৰুল হকৰ অসমীয়া গীত সমূহ 


অসমীৰে চোতালতে

 

অসমীৰে চোতালতে

দালিৰে চেনেহতে

মৰমৰ ফাকু খেলে

ৰঙতে নাচে পখিলী

মাতে মোক হাত বাউলি ।

 

নীলা নীলা পাহাৰতে

ডালিমীয়ে কথা পাতে

জুৰিটিৰ কাষতে ৰৈ

হিয়াৰে বতৰা কৈ,

মলয়াত উৰে চুলি

মাতে মোক হাত বাউলি ।

 

ভৈয়ামৰে পথাৰতে

ৰোৱনী লখিমীহঁতে

উলাহত জুৰিলে গান

বনগীত সুৰীয়া তান,

হাঁচতিৰ তামোল খুলি

মাতে মোক হাত বাউলি ।

 

চেনেহৰে অসমখনি

কত ৰুপ জিলিঙনি

সপোনৰ সুৱদী মাত

হিয়া মোৰ কৰিলি শাঁত

কিনো ৰুপে ভুলালি

মাতে মোক হাত বাউলি ।

 

 

মনে মনে তুমি কাক মন যাচিবা ?

 

মনে মনে তুমি কাক মন যাচিবা ?

কাণে কাণে তুমি কাক গান শুনাবা ?

আলুসুৱা মনটি, আলাসৰ জোনটি

তোমাৰ মনতে, সেইটিনো কোনটি ?

কোৱানা সোণটি ।

বোলো শুনা, হেৰা ভাই মজনু

মৰমী লাইলিক এৰিলা কতেনো ?

সময় থাকোতেই, লোৱা বিচাৰি

উৰি যাব মনটি ।

আহা সুৰে সুৰে অলি হৈ গুনগুণাবা

কাণে কাণে তুমি কাক গান শুনাবা ?

কোৱানা সোণটি ।

কোনে কি কয়, কোনেনো শুনে

উৰণীয়া মনে, বাধা যে নামানে ।

চগা উৰিব, সিখা বিচাৰি

জ্বলিলে বন্তি ।

উৰি উৰি শিখাটিক চুমিনো যাবা

কাণে কাণে তুমি কাক গান শুনাবা ?

কোৱানা সোণটি ।