ৰসানন্দ গগৈৰ গীত | Rasananda Gogoi Assamese Song | ৰসানন্দ গগৈৰ অসমীয়া গীত সমূহ



শংকৰে সিচে নামৰ কঠিয়া


শংকৰে সিঁচে নামৰ কঠিয়া

অসমীয়া হবা বুলি ৰখীয়া

পিচে দেখো শংকৰৰ মহিমা

আজিৰ অসমীয়াই একো নুবুজা

কিহৰে ৰাগিনী পালা অসমীয়া

কিহৰে ৰাগিনী পালা ।।

 

অতীতৰ ৰস-গুণ কিয়নো পাহৰা

মিছা আৱৰণে নিজক কিয় সজোৱা

লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা

হেমকোষৰ শব্দকো নুবুজা

শ্বেক্সপীয়েৰ-শ্বেলী বুলি চিঞৰা

সত্ৰীয়া নাট-গীতক নুপুজা

কিহৰে ৰাগিনী পালা...

 

অসমীয়া বুলি গৰবী নহবা

আছে আছে বুলি ভাবি নেথাকিবা

আজি যদি তুমি নিজকে নিচিনা

পুৰণি পুৰুষৰ গৰিমাক পাহৰা

অহাকালি নিজকে হেৰুৱাবা

অসমীয়া হব তুমি নিচিলা

পুৰণিক সুঁৱৰি চোৱা অসমীয়া ।।

শংকৰে সিঁচে নামৰ কঠিয়া

অসমীয়া হবা বুলি ৰখীয়া

পিচে দেখো শংকৰৰ মহিমা

আজিৰ অসমীয়াই একো নুবুজা

কিহৰে ৰাগিনী পালা অসমীয়া

কিহৰে ৰাগিনী পালা ।।




Post ID : DABP005238