চন্দ্ৰকুমাৰ আগৰৱালাৰ কিছু চমু বিৱৰণ | Some brief descriptions of Chandrakumar Agarwala | চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা | Written by Chandrakumar Agarwala | 
আৰম্ভঃ-
চন্দ্ৰকুমাৰ আগৰৱালাৰ
জন্ম  ঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল ১৮৬৭ চনৰ ২৮ নৱেম্বৰ তাৰিখে শোণিতৰপুৰ জিলাৰ গহপুৰৰ ব্ৰহ্মজানত। তেখেতৰ পিতৃৰ নাম আছিল হৰিবিলাস আগৰৱালা আৰু মাতৃৰ নাম মলমা আগৰৱালা।
শিক্ষা  ঃ তেখেতে তেজপুৰতে শিক্ষাজীৱন লাভ কৰি কিছুদিন কলিকটাৰ হিন্দু বিদ্য়ালয়তো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্য়মিক বিদ্য়ালয়ৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰেচিডেন্সী ৰ পৰা এফ. এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। 
সাহিত্য় জীৱনৰ উল্লেখনীয় বিৱৰণ  ঃঅসমীয়া সাহিত্য়লৈ ৰোমাণ্টিক সাহিত্য়ৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্য়তম। তেখেত এজন অসমীয়া কবি, সাহিত্য়িক আৰু লেখক ও আছিল। তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি খনৰ নাম হ'ল 'প্ৰতিমা'। সেইবাবেই তেখেতক 'প্ৰতিমাৰ খনিকৰ' বোলা হয়। তেখেতৰ কবিতা পুথিসমূহ হ'ল一 প্ৰতিমা, বীণ ব'ৰাগী, চন্দ্ৰামৃত আদি। তেখেতৰ সম্পাদিত কাকত-আলোচনী一 'সাদিনীয়া অসমীয়া', তেখেত 'জোনাকী কাকত' ৰো প্ৰথম সম্পাদক আছিল। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা 一এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্য় চৰ্চা কৰা সকলে 'জোনাকীৰ ত্ৰিমুৰ্ত্ৰি' বুলিছিল। এই ত্ৰিমুৰ্ত্ৰিৰ অৱদান সৰ্বজন সমাদৃত। তেখেতে লিখা কবিতাসমূহ হ'ল বনকুৱঁৰী, বীণব'ৰাগী, মহাত্মা আদি তেওঁৰ পবিত্ৰ কবিতাসমূহৰ ভিতৰত অন্য়তম।
মৃত্য়ু  ঃ এই গৰাকী মহান ব্য়ক্তিৰ মৃত্য়ু হয় ১৯৩৮ চনৰ ২ মাৰ্চত নিজাবাসগৃহত মৃত্য়ুবৰণ কৰে।

Type:- Bidyut Thakuria.
A Short Essay by Chandrakumar Agarwala