সুবীৰ মুখাৰ্জীৰ গীত | Subir Mukherjee Assamese Song | সুবীৰ মুখাৰ্জীৰ অসমীয়া গীত সমূহ


সাগৰিকা কিনো কলা

 

সাগৰিকা কিনো কলা

মনে মনে কিনো দিলা

উচুপি আহি মৰমতে

কি মৰম সানি দিলা ।।

যদি তুমি নিৰলে থাকি সাঁচি ৰখা

হিয়াৰ অলেখ অযুত মৰম দিলা ঢালি,

মন মোৰ বিয়াকুল ভাবি নেপাওঁ কূল

তুমি নিবিড় নীৰৱ

নিশাতে নেমাতি গলা ।

মেঘ কলা চুলি মেলি যেন আহিলা

তুমি আউলী-বাউলী মেঘৰ দৰে খেলি

মন মোৰ কি যে হল,

দোমোজাতে পৰি ৰ

তুমি, নেজানি-নেভবি-নুবুজি

কি যে যাচিলা ।।