বগাকৈ বগলী । জুবিনৰ অসমীয়া গান বগাকৈ বগলী । বগাকৈ বগলী জুবিনৰ অসমীয়া গান | Zubeen Garg Assamese Song Bagakoi Bogoli |   

বগাকৈ বগলী

 

বগাকৈ বগলৈ বহলাই বহিছে

বলুকাত বিয়লি বেলা,

অ’ বকুল বাগৰিছে ববছা বলতে,

বুটলি বিলাওঁগৈ ব’লা ।

অ’ আমি জোনাকি মন

অ’ জোনাকি মন

বগাকৈ বগলী বহলাই বহে

বহিলে বহিব কিনো যায় আহে

চিনাকি তেওঁৰে তোমাৰে মোৰে

মিলনৰ একেটি বাজনা বাজে

নাচে জোনাকী মন

বেলি আহে ন উলাহত

কুহুমিয়া মন আমাৰ

বেলি গ’লে জিকেমিকাই

জোনৰ দৰে মন আমাৰ

এজাৰো ফুৰিলে নকৰো বেজাৰ

পহোৱাল বুকুতে সপোন হেজাৰ

উছবৰ বেলিকা হাঁহিতেই হাঁহি

কামৰে বেলিকা কামতেোই মগন

অ’ জোনাকী মন ।

শতৰু কোন মিতিৰনো কোন

চিনিবলে নাই লেঠা

মনে জানে মনে চিনে

নক’লেও যায় বুজা ।

পাহাৰৰ পাহাৰী ভৈয়ামৰ ভদাই

দুয়োৰো মিলিলে কোনে কিতো কয়

চিনাকি তেওঁৰে তোমাৰে মোৰে

মিলনৰ একেটি বাজনা বাজে

নাচে জোনাকি মন ।।