বিচৰা মৰম... । জুবিনৰ অসমীয়া গান বিচৰা মৰম...। বিচৰা মৰম জুবিনৰ অসমীয়া গান । Zubeen garg Assamese Song Bisora Morom
বিচৰা মৰম ....
তুমি ল’বা জানাে দুহাতে সাবটি মােক
সােণৰে পালেঙত তুমি উমলিলা
কোমলকৈ দলিচাত তুমি খােজ পেলােৱা
আহিবা জানাে উৰুঙা পঁজালৈ মােৰ
তুমি ল’বা জানাে দুখকে আদৰি মােৰ
মৰম মানে নহয় সােণৰে কাৰেং ঘৰ ঐ
ধুমুহা আহিলে নাথাকে সিয়াে যে ৰৈ
জোনাকো নামিব তৰায়ে খেলিব
তুমি সােণ আহিলে সকলাে আহিব
মােৰেনাে জীৱনলে ।
আহিবা জানাে উৰুঙা পঁজালৈ মােৰ
তুমি ল’বা জানাে দুখকে আদৰি মােৰ
দিবও নােৱাৰৰ মণি মুকুতা সােণ ঐ
উকা দুহাতেৰে আছাে যে তােমালৈ ৰৈ
ডেউকা মেলিছে উৰিব খুজিছাে
শয়নে সপােনে তােমাকেই দেখিছাে
মােৰে মন পদূলিতে
আহিবা জানাে উৰুঙা পঁজালে মােৰ
তুমি ল’বা জানাে দুখকে আদৰি মােৰ
বিচৰা মৰম দিবানে মৰমী মােক
তুমি ল’বা জাননা ...।