মাতে পকা ধানে ৰিঙিয়াই । জুবিনৰ অসমীয়া গান মাতে পকা ধানে ৰিঙিয়াই ... । মাতে পকা ধানে ৰিঙিয়াই জুবিনৰ গান । Zubeen Garg Assamese Song Mate poka Dhane Ringiyai |
মাতে পকা ধানে ৰিঙিয়াই....
বগীতৰা যায় আগুৱাই
বোকোচাত দি যোৱা কেঁচুৱাটি আঘোণাই
নিচুকণি গীত গাই আমাৰে আঘোনা কাই
বগীতৰা আগুৱাই যায় ।
হাতত কাচিঁখনি মুখত তামোলখনি
কঁকালত টঙালি, বুকুত মেথনি
তাইৰ আৰু কোনো নাই
উকলেই গুচালে মুখৰ চুৱা-ছাই
সকামটো পাতিলে ৰজনজনাই ।
আঘোনৰ অৱদান অতবোৰ মাটিৰ ধান
কোলাত পালে্ এটি নাতি লৰা সন্তান
তাইক আৰু লাগে কি ?
তাইৰ যদিও আজি আঘোনী নাই
তাইৰ ওচৰত আজি হাত পাতে গঞাই
মাতে পকা ধানে ৰিঙিয়াই.... ।।
মাতে