মনতোনো আজি..... । জুবিনৰ অসমীয়া গান মনতেনো আজি । মনতোনো আজি জুবিন গাৰ্গৰ   গান |  Zubeen garg Assamese song Monote nu Aji |  

 মনতেননা আজি….

মনতেনাে আজি কিহৰে নাচোন । 

উলাহে নধৰে হিয়া দেখােন 

তোৰে পৰশতে আজি নামে সপােন 

গুণ গুণ গানেৰে নতুন নতুন 

প্রাণৰে সখা মােৰ ঘূৰি আহিলি 

ঘূৰাই আনিলি , মােৰ চকুৰে ঘুমতি 

মনতে ...

 পুৰণি কথাৰে মন নিচুকাই 

তােৰে মােৰে মৰমকে ৰাখিম জীয়াই 

আজি যেন পাহৰিম সকলাে দুখ মােৰ 

মিলি যাম তােৰ চেনেহ পাই । 

হাঁহি ধেমালিৰে গ'ল কতনা ৰাতি

 বুজা - নুবুজাকে ৰ'ল ক’ত যে ছবি

 তথাপি নুনুমাই মৰম চাকি

 জ্বলি ৰয় তিৰবিৰ হৃদয় ঢাকি 

খিৰিকীৰ সিপাৰে আছে ৰৈ আমালে ।

 পৃথিৱীৰ য'ত সপােন 

চকুৰে টিপতে পৃথিৱী আমাৰে 

আজি বুকুৰে আপােন 

মনতে ...

হাতে হাত ধৰি আহিলাে ওলাই 

দুবাহুৰ শকতিৰে জিকিম সদায় 

লাগে মাথোঁ মনৰে মিলন । 

খােজে খােজে এটি এটি ক্ষণ

 দুচকুতে চিকমিক হাঁহি জিলিকাই 

সুখৰে পঁজাতি পােহৰে সজায়

 কৰি লওঁ আজি পণ একে হােৱাৰ 

জীৱনে - মৰণে একে থকাৰ

 শান্তিৰ নিজৰা বৈ বৈ বাগৰে

 আমাৰে মনৰ মাজত 

ৰচে মিলনৰ সঁচা এনাজৰী 

বান্ধে প্রাণৰে প্ৰাণত ।

 মনতে ...।।