অনিমা দত্তৰ 

1) অনিমা দত্তৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ-  অনিমা দত্তৰ জন্ম হৈছিল ১৯৩৮ চনত শিৱসাগৰত।

2) অনিমা দত্তই কম সংখ্যক গল্প লিখি জনপ্ৰিয়তা অৰ্জন কৰা গল্পপুথি দুখনৰ নাম কি?

উত্তৰঃ- অনিমা দত্তৰ কম সংখ্যক গল্প লিখি জনপ্ৰিয়তা অৰ্জন কৰা গল্পপুথি দুখনৰ নাম হল কাঞ্চনজংঘা আৰু বেলিফুলৰ সপোন। 

3) অনিমা দত্তৰ পিতৃ নাম কি আছিল?

উত্তৰঃ- অনিমা দত্তৰ পিতৃ নাম আছিল স্বৰ্গীয় সহজানন্দ ভঁৰালী।

4) অনিমা দত্তৰ মাতৃ নাম কি আছিল?

উত্তৰঃ- অনিমা দত্তৰ মাতৃ নাম আছিল স্বৰ্গীয় জীউতৰা ভঁৰালী।

5) অনিমা দত্তই কিমান দশকৰ পৰাই গল্প লিখিবলৈ আৰম্ভ কৰে?

উত্তৰঃ- অনিমা দত্তই ষাঠিৰ দশকৰ পৰাই গল্প লিখিবলৈ ধৰে।

6) অনিমা দত্তৰ উল্লেখযোগ্য গল্প কেইখনৰ নাম কি?

উত্তৰঃ-  অৱশ্যম্ভাবি, সূৰ্যসম্ভৱা, বিষন্ন বিস্ময়, উত্তৰণ আৰু অৱগাহন লেখিকাৰ এই কেইখন অনিমা দত্তৰ উল্লেখযোগ্য গল্প। 

7) অনিমা দত্তৰ কোন পৰিয়ালত জন্ম গ্ৰহণ কৈছিল?

উত্তৰঃ-  অনিমা দত্তৰ ভৰালী পৰিয়ালত জন্ম গ্ৰহণ হৈছিল।

8) অনিমা দত্তৰ কি বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰঃ- অনিমা দত্তৰ বাসন্তী দেৱী বঁটাৰে সন্মানিত কৰা হৈছিল। 

9) অনিমা দত্তৰ স্বামীৰ নাম কি আছিল?

 উত্তৰঃ- অনিমা দত্তস্বামীৰ নাম আছিল হীৰেন্দ্ৰ নাথ দত্ত।

10) অনিমা দত্তই কি গল্প লিখি বাসন্তী বঁটা লাভ কৰিছিল?

উত্তৰঃ- অনিমা দত্তই কাঞ্চনজংঘা গল্প লিখি বাসন্তী বঁটা লাভ কৰিছিল। 

11) অনিমা দত্তৰ ২০০৪ চনত কি বঁটাৰ লাভ কৰিছিল?

উত্তৰঃ- অনিমা দত্তৰ প্ৰবীণা শইকীয়া সাহিত্য বঁটা লাভ কৰিছিল।

12) অনিমা দত্তৰ তিতাবৰ সাহিত্য সভাই অসমৰ বৈষ্ণৱ সাহিত্য আৰু দৰ্শন গ্ৰন্থৰ বাবে তেওঁক কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰঃ- অনিমা দত্তক চন্দকান্ত আৰু হীৰাপ্ৰভা বঁটা প্ৰদান কৰা হৈছিল।

13) ২০১০ চনত সদৌ অসম লেখিকা সমাৰোহে যোৰহাট অধিৱেশনত তেওঁক কি বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰঃ- ২০১০ চনত অনিমা দত্তক শ্ৰেষ্ঠ লেখিকাৰ বঁটা প্ৰদান কৰা হৈছিল।

Type Sumit Patar