বৰ্দ্ধমান মহাবীৰ

বৰ্দ্ধমান মহাবীৰ
বৰ্দ্ধমান মহাবীৰ 

চমু পৰিচয়ঃ- 

বৰ্দ্ধমান মহাবীৰ জন্ম হয় ৫৯৯ খ্ৰীষ্টপূৰ্ব। কুণ্ডগ্ৰাম, বৰ্তমান বৈশালী জিলা। খৃঃপূঃ ষষ্ঠ শতিকাত ভাৰতত জৈন ধৰ্ম উত্থান হৈছিল। বিশ্বাস কৰা হৈ যে জৈন পৰম্পৰা মতে তেখেত এগৰাকী বিহাৰত এক ৰাজ পৰিয়ালত তেখেতৰ জন্ম হয় বৰ্দ্ধমান মহাবীৰ কুন্দপুৰ নামৰ ঠাইত ক্ষত্ৰিয় গোষ্ঠীৰ দলপতি এজনৰ পুত্ৰ আছিল কুন্দপুৰ বজ্জি সংঘৰাজ্য লিচ্চবীৰ অন্তৰ্গত। 


জৈন ধৰ্মৰ ধ্যান-ধাৰণা বা ভাবধাৰাবোৰ বহু আগৰ পৰাই আৰম্ভ হৈছিল। জৈন প্ৰবাদমতে ২৪ জন তীৰ্থংকৰ বা ধৰ্ম প্ৰচাৰকে জৈন ধৰ্মৰ কথাবোৰ প্ৰচাৰ কৰিছিল। তেওঁলোকৰ প্ৰথমগৰাকী নাম আছিল ঋষভ আৰু শেষ গৰাকী বদ্ধমান মহাবীৰ। মহাবীৰৰ দিনতে জৈন ধৰ্মৰ ধ্যান-ধাৰণাই ব্যাপক  প্ৰচাৰ ব্যাপক প্ৰচাৰ লাভ কৰে। সেয়েহে বৰ্দ্ধমান মহাবীৰকে জৈন ধৰ্মৰ প্ৰধান প্ৰৱৰ্তক বুলি জনা যায়। তেওঁ অনুগামীসকলক জৈন ধৰ্মী বুলি কোৱা হয়। 


ক্ষত্ৰিয় ৰাজকুমাৰ হ'লেও মহাবীৰে সংসাৰৰ মায়া-মোহবোৰ ভাল পোৱা নাছিল। সেয়েহে তেখেতে ৩০ বছৰ বয়সতে ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী জীৱন-যাপন কৰিছিল। সুদীৰ্ঘ ১২ বছৰ কাল তেওঁ কঠোৰ তপস্যাত নিমগ্ন হৈছিল। তপস্যাৰ অন্তত তেওঁ 'কৈৱল্য' বা 'আত্মজ্ঞান' লাভ কৰে।  তেতিয়াৰ পৰা তেওঁ 'সৰ্বজ্ঞ' আৰু 'জিতেন্দ্ৰিয়' হিচাপে জ্ঞাত হৈছিল। ইন্দ্ৰিয় জয় কৰিছিল কাৰণে তেওঁ 'জিন' উপাধি পাইছিল। সুৰ্দীঘ ৩০ বছৰ কাল কোশল, মগধ, মিথিলা বিদেহ, অংগ আদি বিভিন্ন ঠাইত জান ধৰ্ম প্ৰচাৰ কৰি ৭২ বছৰ বয়সত তেওং ইহলীলা সম্বৰণ কৰে।


জানি লওঁ আহা

তেখেতৰ জন্ম বৰ্দ্ধমান মহাবীৰ জন্ম কুণ্ডগ্ৰাম হয়। ৫৯৯ খ্ৰীষ্টপূৰ্ব।দেউতাকৰ নাম সিদ্ধাৰ্থ আৰু মাকৰ নাম ত্ৰিশলা তেখেতৰ মৃত্যু ৫৭২ খ্ৰীষ্টপূবত।

 

তেখেতৰ জন্ম তাৰিখটোত গোটেই পৃথিৱীত জৈন ধৰ্মালম্বীসকলে জয়ন্তী হিচাপে পালন কৰা হয়।

Nayan Jyoti Bordoloi