ভট্টদেৱ


 

 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ



চমু পৰিচয়

ভট্টদেৱ জন্ম হৈছিল ১৫৫৮ চনৰ বৰপেটা জিলাৰ বৰনগৰ অঞ্চলত। তেখেতৰ পিতৃ নাম শ্ৰীচন্দ্ৰ ভাৰতী। তেখেতৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য। ভট্টদেৱ আছিল অসমীয়া সাহিত্যৰ জন্মদাতা। 

সকলো শাস্ত্ৰতে ভট্টদেৱৰ গভীৰ ব্যুৎপত্তি আছিল। অসাধাৰণ দক্ষতাৰে ভাগৱত আৰু পুৰাণ ব্যখ্যা কৰিছিল। তাৰ বাবে তেখেতক কবিৰত্ন আৰু ভট্টচাৰ্য উপাধিৰে বিভূষিত কৰিছিল। তেখেত গদ্য পুথি কথা ভাগৱত, কথা-গীতা আৰু কথা ৰত্নাৱলী ৰচনা কৰিছিল। ইয়াৰ উপৰিও অসমীয়া ভাষাত শৰণ-মালিকা, গুৰু-বংশাৱলী, প্ৰসংগ-মালা আৰু সংস্কৃত ভাষাত 'ভক্তিসাৰ' আৰু 'ভক্তি বিবেগ ' ৰচনা কৰিছিল।


ভট্টদেৱৰ আগতে কোনো আৰ্যমূলীয় ভাৰতীয় ভাষাতে গদ্যত পুথি ৰচনা হোৱা নাছিল। অৱশ্যে তেখেতৰ গদ্য বুৰঞ্জী ভাষাৰ দৰে কথিত গদ্য নহয়; সমসাময়িক পদ্যৰ ভাষাৰ দ্বাৰা প্ৰৱান্বিত গদ্যহে। কিন্তু অসমীয়া লিখিত গদ্যৰ গাঁথনিৰ ৰূপটো ভট্টদেৱৰ গদ্যতে পোন প্ৰথমে স্পষ্ট হৈছিল।

Nayan Jyoti Bordoloi



Post ID : DABP003895