Bihu Photo

বিহু ৰচনা 

বিহু আমাৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। এই বিহু অসমৰ অসমীয়া লোকসকলে পালন কৰে। সাধাৰণতে বিহু তিনিটা। ব'হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ব'হাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বুলিও কোৱা হয়। বিহু আগদিনাখন উৰুকা বুলি কোৱা হয়।


ব'হাগ বিহু (ৰঙালী বিহু



ব'হাগ বিহু বা ৰঙালী বিহু বসন্ত আগমণত পতা হয়। ব'হাগ বিহু বা ৰঙালী বিহু অহা লগে লগে প্ৰকৃতিৰ  জিলিকি উঠে, আৰু কুলিয়ে মাতে। ব'হাগ বিহু সাধাৰণতে সাতদিন উদযাপন কৰা হয়। ব'হাগ বিহু প্ৰথম দিনা গৰু বিহু বুলি জনা যায়। এই বিহু ডেকা- গাভৰু লগ লাগি অসমীয়া বিহুৰে হুচৰি গায়। 


কাতি বিহু (কঙালী বিহু)

কাতি বিহু সাধাৰণতে আহিন মাহৰ আৰু কাতি মাহৰ সংক্ৰান্তি দিনা উদযাপন কৰা হয়। এই মাহৰ সময়ত মানুহে ধান চপায়। এই বিহুত সকলো বয়ৃ-বস্তুৰে অভাৱ হয় বাবে ইয়াক কাতি বিহু বোলা হয়। কাতি বিহু বা কঙালীত সাধাৰণতে মানুহে তুলসী গছত আৰু শস্য পথাৰত মাটি চাঁকি দিয়ে আৰু আকাশবন্তি জ্বলায়।


মাঘ বিহু বা ভোগালী বিহু

পুহ আৰু মাঘৰ মাহত মাঘ বিহু বা ভোগালী বিহু উদযাপন কৰা হয়। মাঘ বিহু বা ভোগালী বিহু মূল আকৰ্ষণ মেজি জ্বলোৱা। এই বিহুত ডেকা-গাভৰু একেলগে লগ হৈ পাথাৰৰ নাৰ-কাটি ভেৰাঘৰ আৰু মেজি তৈয়াৰ কৰে। আৰু এই ভেৰাঘৰত ডেকা-গাভৰু লগ হৈ এসাজ ভোজ তৈয়াৰ কৰে। এই উৎসৱত সাধাৰণতে মানুহে খাব বাবে নতুন চাউলেৰে আৰু তিল, নাৰিকল, মিঠৈ আদিয়ে বিভিন্ন খাদ্য প্ৰস্তুত কৰে। যেনে- চাউলেৰে প্ৰস্তুত জলপান, চাউল আৰু তিলে প্ৰস্তুত কৰা তিল পিঠা, চাউল আৰু নাৰিকলে প্ৰস্তুত কৰা নাৰিকলৰ লাৰু আদি।

Nayan Jyoti Bordoloi

(Morigaon Assam)