কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈ 


কৰ্ম্মবীৰ নবীনচন্দ্ৰ দেৱৰ ১৭৯৭ চনৰ কাতি মাহৰ ১৩ তাৰিখে উত্তৰ−গুৱাহাটীত জন্ম হয়। তেখেতৰ পিত্য়ৃৰ নাম মাধৱচন্দ্ৰ বৰদলৈ আৰু মাতৃ সোমেশ্বৰী দেৱা আছিল। যি মূলা বাঢ়ে তাৰ দুপাততে চিন ওলোৱাৰ দৰে বাল্য়কালতে নবীন চন্দ্ৰই অধ্য়ৱসায় আৰু মেধাৰ পৰিচয় দিয়ে। তেজপুৰ উচ্চ ইংৰাজী স্কুলৰ পৰা ১৮৯২ চনত এণ্টেঞ্চ (প্ৰৱেশিকা), কলিকতাৰ চেণ্ট জেভিয়াৰ্চ কলেজৰ পৰা এফ, এ, প্ৰেচিডেন্সি কলেজৰ পৰা ১৮৯৬ চনত বি. এ আৰু কলিকতাৰ পৰীই আইনৰ উপাধি লৈ ১৮৯৯ চনত গুৱাহাটীলৈ আহে। তেখেতে ১৯০১ চনত স্থাপিত কটন কলেজ স্থাপনত আগ ভাগ লয়। ইয়াৰ বাহিৰেও অসম সাহিত্য় সভা, অসম ছাত্ৰ সন্মিলন, ল'কেল বোৰ্ড, খাদী ভাণ্ডাৰ স্থাপন আদি বিভিন্ন আনুষ্ঠানৰ সৈতে জড়িত হৈ প্ৰকৃত কৰ্মবাৰৰ পৰিচয় দি ৰাইজৰ পৰা 'কৰ্মবীৰ' উপাধি লাভ কৰে। অৱশেষত ১৯৩৬ চনৰ মাৰ্চ মাহত কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে।


Type Nabajyoti Bora