----------------------------------------------------------------------------------

জন্ম ১৯৩২ চনত আৰু ইহলীলা সম্বৰণ কৰিছিল ২০১২ চনত

হীৰেন ভট্টচাৰ্য

হীৰেন ভট্টচাৰ্য    (১৯৩২ -২০১২) ৰ  যোৰহাটত  জন্ম লাভ কৰিছিল।কেইবাখনো চহৰৰ স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই,এ,পাছ কৰে।ছপাশালৰ কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকী আছিল। 'সুগন্ধি পখিলাৰ কবি' হিছাপে জনাজত ।তেওঁৰ কবিতাপুথি হ' ল-ৰৌদ্ৰ কামনা ;'তোমাৰ বাঁহী; 'সুগন্ধি পখিলা ;'বিভিন্ন দিনৰ কবিতা ;'মোৰ প্ৰিয় বৰ্ণমালা 'ইত্যাদি।'শইচৰ পথাৰ মানুহ' কবিতাপুথিৰ বাবে তেওঁ সাহিত্য অকাডেমী বটা লাভ কৰিছিল। তেখেতে ২০১২ চনত ইহলীলা সম্বৰণ কৰে ।