বিদ্যুৎ সেৱাৰ ক্ষেত্ৰতঃ

বিদ্যুৎ অবিহনে উন্নতিৰ কথা আমি ভাবিব নোৱাৰোঁ। বৈদ্যুতিকৰণৰ ফলতেই আমাৰ দেশৰ সকলো দিশৰ উন্নয়ন  সম্ভৱ হৈছে। এক কথাত কবলৈ হ'লে বিদ্যুতৰ ব্যৱহাৰ আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে। আজিকালি গাঁও অঞ্চলত প্ৰায় ঘৰে ঘৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা তোমালোকে দেখিবলৈ পাইছা। বৰ্তমান চৰকাৰে গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ যোগেদি ৰাজ্যৰ প্ৰায়বোৰ গাঁৱলৈ বিজুলী সংযোগৰ ব্যৱস্থা হাতত লৈছে।

ওপৰৰ আলােচনাৰ পৰা দেশ এখনৰ অর্থনৈতিক উন্নয়ন চৰকাৰে কেনেধৰণৰ ভূমিকা লয় তাৰ চমু আভাস পালা। সমাজ এখনৰ আর্থ-সামাজিক দিশৰ অগ্ৰগতিৰ বাবে চৰকাৰে বহুধৰণৰ ব্যৱস্থা আঁচনি গ্ৰহণ কৰে। আমাৰ দেশৰ চৰকাৰেও উন্নয়নৰ বিভিন্ন দিশসমূহত নানা পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ আর্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত লােৱা কিছুমান আঁচনি যেনে-বৃদ্ধ পেঞ্চন, চৰকাৰী আৱাস যােজনা, সূলভ মূল্যৰ চাউল আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ যােগান, অটল অমৃত অভিযান আদি আঁচনিৰ জৰিয়তে দেশৰ দুখীয়া জনসাধাৰণৰ সমস্যা বহুখিনি লাঘৱ কৰাৰ চেষ্টা কৰিছে। চৰকাৰৰ এনেধৰণৰ প্ৰচেষ্টাই দেশৰ জনসাধাৰণৰ জীৱন স্বচ্ছল কৰাত সহায় কৰে। জীৱনৰ স্বচ্ছলতাই মানুহক সদায় কর্মপ্রেৰণা যােগায় যিয়ে দেশৰ উন্নয়নৰ গতি খৰতকীয়া কৰে।


Class 7 Social Science 

Type: Nayan Moni Deka 




Post ID : DABP004004