দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে চমু প্ৰশ্ন উত্তৰঃ- 

১) দুৰ্গেশ্বৰ শৰ্মা কোন আছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মা এজন কবি আৰু এজন নাট্যকাৰ আছিল । 

২)দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম কোন চনত হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম  ১৮৮৫ চনত হৈছিল । 

৩) দুৰ্গেশ্বৰ শৰ্মাৰ পিতৃৰ নাম কি আছিল লিখাঁ ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাৰ পিতৃৰ নাম কমলচন্দ্ৰ শৰ্মা আছিল।

৪) দুৰ্গেশ্বৰ শৰ্মাই কোন স্কুলত শিক্ষাজীৱনৰ আৰম্ভ কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই পটীয়া গাওঁ প্ৰাইমেৰী স্কুলত শিক্ষাজীৱনৰ আৰম্ভ কৰিছিল। 

৫) দুৰ্গেশ্বৰ শৰ্মাই কোন চনত কোন স্কুলৰ পৰা এট্ৰেন্স পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৮৯৯ চনত যোৰহাটৰ হাইস্কুলৰ পৰা এট্ৰেন্স পৰীক্ষাত উৰ্ত্তীন হৈছিল।

৬) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত এছ.এ পৰীক্ষা পাছ কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯০১ চনত এছ.এ পৰীক্ষা পাছ কৰিছিল।

৭) দুৰ্গেশ্বৰ শৰ্মাই কোন কলেজৰ পৰা  এছ.এ পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই কোচবিহাৰ কলেজৰ পৰা এছ.এ পৰীক্ষাত উৰ্ত্তীন হৈছিল।

৮) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত বি.এ পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯০৩ চনত বি.এ পৰীক্ষাত উৰ্ত্তীন হৈছিল । 

৯) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত বি.এল পৰীক্ষাত উৰ্ত্তীন হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯০৬ বি.এল পৰীক্ষাত উৰ্ত্তীন হৈছিল।

১০) দুৰ্গেশ্বৰ শৰ্মাই কি কামেৰে কৰ্মজীৱন আৰম্ভ কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 

১১) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত এক্সট্ৰা  এছিছটেন্ট কমিছনাৰৰ পদ লাভ কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯১১ চনত এক্সট্ৰা এছিছটেন্ট কমিছনাৰৰ পদ লাভ কৰিছিল। 

১২) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত মেনেজাৰ ক'ট অৱ ৱাৰ্ডছ হিচাপে নিযুক্তি লাভ কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯১৭ চনত মেনেজাৰ ক'ট অৱ ৱাৰ্ডছ হিচাপে নিযুক্তি লাভ কৰিছিল। 

১৩) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত বৰপেটা মহকুমাধিপতি হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯২৬ চনত বৰপেটা মহকুমাধিপতি হিচাপে নিৰ্বাচিত হৈছিল।

১৪) দুৰ্গেশ্বৰ শৰ্মাই জৰ্জৱ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ হোৱাৰ সপোন কিমান চনত পূৰন কৰিছিল ? 

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই জৰ্জৱ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ হোৱাৰ সপোন ১৯২৮ চনত পূৰন কৰিছিল । 

১৫) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত মঙলদৈ মহকুমাধিপতি হিচাপে নিৰ্বাচিত হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯৩১ চনত মঙলদৈ মহকুমাধিপতি হিচাপে নিৰ্বাচিত হৈছিল ।

১৬) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত কি চাকৰি কৰি অৱসৰ গ্ৰহন কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯৮০ চনত কানি নিবাৰন এক্সাইজ কমিছনাৰ হিচাপে অৱসৰ গ্ৰহন কৰিছিল । 

১৭)দুৰ্গেশ্বৰ শৰ্মা ওপৰত অঞ্জলী নামৰ কবিতাপুথি কিমান চনত ৰচনা কৰা হৈছিল ?

উত্তৰঃদুৰ্গেশ্বৰ শৰ্মা ওপৰত অঞ্জলী নামৰ কবিতাপুথিখন ১৯১০ চনত ৰচনা কৰা হৈছিল ।

১৮) দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা নিবেদন নামৰ কবিতাপুথিখন কিমান চনত ৰচনা কৰা হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা নিবেদন নামৰ কবিতাপুথিখন ১৯১৫ চনত ৰচনা কৰা হৈছিল । 

১৯) দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা পাৰ্থ পৰাজয় নামৰ নাটকখন কিমান চনত ৰচনা কৰা হৈছিল ?

উত্তৰঃদুৰ্গেশ্বৰ শৰ্মাৰ ওপৰত পাৰ্থ পৰাজয় নামৰ নাটকখন ১৯০৯ চনত ৰচনা কৰা হৈছিল 

২০) দুৰ্গেশ্বৰ শৰ্মাই চন্দ্ৰাৱলী নামৰ নাটকখন কিমান চনত ৰচনা কৰা হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাৰ ওপৰত চন্দ্ৰাৱলী নামৰ নাটকখন ১৯১০ চনত ৰচনা কৰা হৈছিল । 

২১) দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত বালী বধ নামৰ নাটখন ৰচনা কৰিছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯১২ চনত বালী বধ নামৰ নাটখন ৰচনা কৰিছিল ।

২২) দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা দুখন মুকলি অনুবাদৰ নাম লিখাঁ ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা দুখন মুকলি অনুবাদৰ নাম হ'ল-চন্দ্ৰাৱলী আৰু পদ্মাৱতী । 

২৩) দুৰ্গেশ্বৰ শৰ্মাক কোন কোন ঠাইত দেৱানৰ পদ যচা হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাক গৌৰীপুৰ আৰু বিজনীৰ দেৱনৰ পদ যচা হৈছিল । 

২৪) দুৰ্গেশ্বৰ শৰ্মাৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু হৈছিল ?

উত্তৰঃ- দুৰ্গেশ্বৰ শৰ্মাৰ ১৯৬১ চনৰ ৪ ছেপ্তেম্বৰ তাৰিখে মৃত্যু হৈছিল | 

 

Type Arup koch