শ্ৰমৰ সমমূল্য ঃ
মালতী দাস এগৰাকী ঘৰুৱা কাম কৰা মহিলা। ডিব্ৰুগড় চহৰৰ মানুহ এঘৰত তেওঁ মাহিলী হিচাপত কাম কৰে। মালতীৰ কামৰ সময় ৰাতিপুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ অৰ্থাৎ ১২ ঘণ্টা। চাহ-জলপান কৰা, ৰন্ধা-বঢ়া, বাচন-বৰ্তন ধোৱা, কপোৰ ধোৱা, কাপোৰ ইস্ত্ৰি কৰাকে ধৰি মালতীৰ কামৰ হিচাপ তেওঁ নিজেই নাজানে। মালতীয়ে মাথোঁ জানে ১২ ঘণ্টাৰ ভিতৰত তেওঁ আটাইবোৰ কাম কৰি আদায় কৰিব লাগিব নহ'লে গৃহস্থৰ ধম্কি শুনিব লাগিব। মালতীৰ মাহিলী দৰমহা ২০০০ টকা। কিবা কাৰণত যদি এদিন কাম খতি হয়, তেনেহ'লে সেই দিনটোৰ দৰমহা কটা যায়। সেয়েহে কাম খতি নকৰিবলৈ মালতীয়ে যৎপৰোনাস্তি চেষ্টা কৰে। ২০০০ টকাৰে তেওঁ জোৰা-টাপলি মাৰি কোনোমতে সংসাৰখন চলায়। মালতীয়ে তেওঁৰ কামৰ মূল্য ২০০০ টকা বুলিয়ে ভাবে।
ৰফিকউদ্দিন বৃত্তিত এজন কাঠমিস্ত্ৰী। একেখন চহৰৰ বহুমহলীয়া ফ্লেট এটাত তেওঁ দৈনিক হাজিৰা হিচাপত কাম কৰি আছে। গোটেই ফ্লেটটোৰ কাঠৰ কামৰ দায়িত্ব ৰফিকউদ্দিনৰ ওপৰত। ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈ ৰফিকৰ কামৰ সময়য। দুপৰীয়া ১ ঘণ্টা খোৱাৰ ছুটি। তেওঁৰ দৈনিক ৩০০ টকা। ফ্লেটৰ মালিকে মাজে সময়ে কামৰ তদাৰকী কৰে। কামত গোলমাল দেখিলেও তেওঁ ৰফিকক ধমকি নিদিয়ে, ভালদৰে কৰিবলৈ কয়। ভাল কাম কৰিলে বকচিছ দিম বুলিও কয়। মুঠৰ ওপৰত ৰফিকৰ কামৰ সময় ৭ ঘণ্টা। মাজে সময়ে ৰফিকে আধা ঘণ্টা বা ৪৫ মিনিট আগতেই কাম সামৰে। কিন্তু নিৰ্ধাৰিত সময়ৰ ওপৰঞ্চি কাম কৰিলে মালিকৰ পৰা ঘণ্টা হিচাপত মজুৰি বিচাৰে। মালিকেও দিয়ে, নহ'লে কাম পৰি থকিব। এক কথাত ক'বলৈ গ'লে ৰফিকৰ ক্ষেত্ৰত নিয়ম ইমান কঠোৰ নহয়। ৰফিকেও জানে তেওঁৰ কামৰ চাহিদা আছে। সময় সাপেক্ষে মজুৰি বৃদ্ধিৰ দাবী কৰিব পাৰে।
Class 7 Social Science
Type: Nayan Moni Deka
Post ID :DABP003809