স্বাস্থ্য়ৰ ক্ষেত্ৰতঃ

নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক আমি স্বাস্থ্যৱান ব্যক্তি বুলি কওঁ পুষ্টিকৰ আহাৰ, বিশুদ্ধ খোৱাপানী, প্ৰদূষণমুক্ত পৰিৱেশে আমাৰ স্বাস্থ্য সুস্থ কৰি ৰাখে। সৰীৰ সুস্থ খাকিলে আমি শাৰীৰিক আৰু মানসিক শ্ৰম কৰিব পাৰোঁ। স্বাস্থ্যৱান ব্যাক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে। 

তলৰ কথােপকথনখিনিৰ আলমত চৰকাৰে স্বাস্থ্য ৰক্ষাৰ নামত গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে কিছু বুজ লওঁ আহা— নমিতাই গৰমৰ বন্ধত আইতাকৰ ঘৰলৈ গৈছিল। এদিন দুপৰীয়া তাই আইতাকৰ লগত কথা পাতিছে—‘আইতা, আজিকালি তােমালােকৰ পুখুৰীটোৰ পৰা কোনেও পানী নিনিয়ে কেলেই? আগতে ইমান ধুনীয়াকৈ ছােৱালী বােৱাৰীবিলাকে লাইন পাতি তােমালােকৰ পুখুৰীটোৰ পৰা পানী নিছিলহি। দেখিলেই ভাল লাগে! ‘আই অনমিতা, আজিকালি আমাৰ গাঁৱত পানী যােগান কেন্দ্র এটা খুলিলে নহয়। এতিয়া আমাৰ গাঁৱৰ মানুহে বিশুদ্ধ পানী খাবলৈ পায়। আগৰ দৰে য’ৰে তৰে পানী খাব নালাগে। পুখুৰীৰ পানীত কত বীজাণু থাকে, নহয়নে? হয় আইতা, পিছে পানী যােগান কেন্দ্রটোনাে কোনে খুলিলে? ‘এইবিলাক চৰকাৰৰ কাম আইজনী। চৰকাৰৰ এটা ডাঙৰ দায়িত্ব হ’ল জনসাধাৰণৰ স্বাস্থ্যৰ যত্ন লােৱা। পানীৰ কাৰণে মানুহৰ ডায়েৰীয়া, কলেৰা, জণ্ডিচ আদি নানা ৰোগ হব পাৰে। গতিকে আমাৰ গাঁৱতো চৰকাৰে গ্ৰাম্য পানী যোগান আঁচনিৰ অধীনত এই পানী যোগান কেন্দ্ৰটো খুলি দিছে। এতিয়া বহুতে ইয়াৰ পৰা পানী পোৱাৰ সুবিধা কৰি লৈছে। আমাৰ গাঁৱৰ মানুহে এতিয়া অপৰিষ্কাৰ পানীও খাব নালাগে আৰু পানী কঢ়িয়াই কষ্টও  কৰিব নালাগে। বৰ্তমান গাঁৱত বেমাৰ-আজাৰ আগতকৈ বহুত কমিছে।" 

নমিতাৰ আইতাকহঁতৰ গাঁৱৰ দৰে এতিয়া আমাৰ দেশৰ প্ৰায় প্ৰতিখন গাঁৱৰ ৰাইজেই বহুখিনি ৰোগমুক্ত হ'ব পাৰিছে। চৰকাৰে সকলো ঠাইতেই বিশুদ্ধ পানীৰ যোগান সম্ভৱপৰ কৰি তুলিছে। 

ঠিক একেধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে আৰু বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে। মাজে-সময়ে তোমালোকে মানুহৰ ইটো-সিটো বেমাৰ-আজাৰ হোৱা নিশ্চয় লক্ষ্য কৰিছা। বেমাৰ-আজাৰ হ'লে আমি ডাক্তৰৰ পৰামৰ্শমতে ঔষধ খাব লাগে। সাধাৰণ ৰাইজে ডাক্তৰৰ চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ চৰকাৰে বিভিন্ন ধৰণৰ চৰকাৰী চিকিৎসালয় প্ৰতিষ্ঠা কৰিছে। আমাৰ দেশৰ প্ৰায় ৭০ শতাংশ লোক গাঁৱত বাস কৰে। এই লোসকলৰ স্বাস্থ্য ৰক্ষাৰ্থে চৰকাৰে ৰাষ্ট্ৰী গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ অধীনত গাঁও অঞ্চলত চিকিৎসালয় স্থাপন কৰিছে। তাত ডাক্তৰ আৰু নাৰ্ছক লগ পােৱাৰ উপৰি ৰােগীৰ বাবে প্রয়ােজনীয় ঔষধ- পাতিও পােৱা যায়। গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু- পৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে আশা কর্মী নিয়ােগ কৰিছে। জননী সুৰক্ষা যােজনাৰ সহায়ত মাতৃ আৰু নৱজাত শিশুৰ কল্যাণৰ বাবে বহুখিনি সা-সুবিধা প্রদান কৰিছে। ১০৮ নম্বৰত ফোন কৰি আকস্মিক দুর্ঘটনা বা মাৰাত্মক ৰােগত আক্রান্ত। ব্যক্তিসকলক মৃত্যুঞ্জয় সেৱাৰ সুবিধা প্রদান কৰা হৈছে। ২০০৮ বৰ্ষৰ পৰা ৩৮০ খন এম্বুলেঞ্চে অসমৰ কেউখন জিলাতে এই জৰুৰীকালীন সেৱা আগবঢ়াইছে। ইয়াৰ উপৰি ১০৪ নম্বৰ ফোন সেৱাযােগে বিনামূলীয়াকৈ বিভিন্ন ৰােগ নিৰাময়ৰ বাবে সু-পৰামৰ্শ লাভ কৰাৰ সুবিধাও উপলব্ধ এতিয়া তােমালােকে চৰকাৰে জনস্বাস্থ্যৰ কাৰণে কেনেধৰণৰ কাম কৰে নিশ্চয় বুজিব পাৰিছা। এই কামবােৰ ৰাজ্যিক আৰু কেন্দ্রীয় চৰকাৰে জনসাধাৰণৰ সুবিধাৰ বাবে সম্পাদন কৰে।



Class 7 Social Science

Type: Nayan Moni Deka  




Post ID : DABP004247