যোগাযোগৰ ক্ষেত্ৰত ঃ

যােগাযােগ ব্যৱস্থাই আজি সমগ্র বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। বিজ্ঞান-প্রযুক্তিৰ প্ৰভাৱত এই ব্যৱস্থা ইমানেই আধুনিক আৰু সক্রিয় হৈছে যে ঘৰত বহি নিমিষতে আমি পৃথিৱীৰ ইমূৰ-সিমূৰৰ বাতৰি পাবলৈ সক্ষম হৈছে। অসম চৰকাৰেও এইক্ষেত্ৰত যথেষ্ট দৃঢ় পদক্ষেপ গ্রহণ কৰিছে। বিদ্যালয়সমূহত ইণ্টাৰনেটসহ কম্পিউটাৰ প্রদানৰ আঁচনি গ্ৰহণ কৰিছে আৰু বহুখিনি কার্যকৰী কৰিছে। ইতিমধ্যে গাঁও অঞ্চলত টেলিফোন সেৱা, কম্পিউটাৰ আৰু ইণ্টাৰনেট সেবা সম্প্রসাৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে। উদাহৰণস্বৰূপে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ছাত্র-ছাত্রীসকলক লেপ্টপ আৰু ইন্টাৰনেট সেৱা প্ৰদান কৰিছে যাতে উন্নত যােগাযোগ সেৱাৰ দ্বাৰা তেওঁলােক উপকৃত হয়। উন্নতযােগাযােগ ব্যৱস্থাই অনেক তথ্যৰ যােগান ধৰে, যাৰ ফলত মানুহে বহুতাে দূৰূহ কাম সহজে সম্পন্ন কৰিব পাৰে। মুঠৰ ওপৰত মানৱ জাতিৰ উন্নতিত যােগাযােগ ব্যৱস্থাৰ অৱদান অতুলনীয়। সেয়েহে চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰিবলৈ যােগাযােগ মাধ্যমসমূহক শক্তিশালী কৰাত যথেষ্ট গুরুত্ব প্রদান কৰিছে।


Class 7 Social Science

Type: Nayan Moni Deka  




Post ID : DABP004262