আদিবাসীসকল


    অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগই নহয়, অসমীয়া সংস্কৃতি আৰু অসমৰ আর্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। ৭ চাহ বাগিচা তথা গাঁৱত বসবাস কৰা এই গােষ্ঠীসকলৰ পূর্ব-পুৰুষসকল আদিবাসী বুলি পৰিচিত। অৱশ্যে 7 কিছু সংখ্যক লােকে নিজকে আর্য বুলি দাবী কৰে। যিহেতু বুৰঞ্জীবিদসকলে এওঁলােকক আদিবাসী বুলি চিহ্নিত কৰিছে, সেয়েহে এওঁলােকক আদিবাসী বুলি সম্বােধন কৰা হয়। 

    আদিবাসী শব্দৰ অৰ্থ এনেদৰে দিব পাৰি — ‘আদি’ মানে প্রথমে ‘বাসী’ মানে বাসিন্দা অর্থাৎ দেশৰ প্রথম বাসিন্দাসকলক ‘আদিবাসী' বুলি কোৱা হয়। অসমীয়া অভিধান ‘হেমকোষ’ৰ মতে ‘আদিবাসী ’ শব্দৰ অর্থ ‘ প্রথম নিবাসী’, ‘কোনাে ঠাইত আগেয়ে থকা’। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক মহলৰ পাঠ্যপুথি ‘ভাৰত বুৰঞ্জীত (পৃঃ ৩) প্রফুল্ল বৰুৱাই আদিবাসী জনগােষ্ঠীৰ পৰিচয় দিছে। এই গােষ্ঠীৰ লােকসকলৰ চুটি-চাপৰ, অতি কলা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলােকে সাধাৰণতে পাহাৰ আৰু হাবি জংঘলত থাকি ভাল পাইছিল। তেওঁলােকৰ লিপি নাছিল আৰু ভাষা আর্য গােষ্ঠীৰ ভাষাৰ পৰা সম্পূর্ণ বেলেগ আছিল। কোল, ভিল, মুণ্ডা আদি জাতিৰ লােকসকল এই গােষ্ঠীৰ ভিতৰত পৰিছিল। 

    গতিকে ‘আদিবাসী' বুলিলে কাঁৱাৰ, কল, ভূমিজ, চৱৰ, চুৰিয়া পাহাৰিয়া, চাউতাল, পাহাৰিয়া, ওৰাং মুণ্ডা, মাল পাহাৰিয়া, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুড়মালি, হ্, গৰাইড, গড়, চিক বাড়াইক, চে, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া , বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া প্রধান ইত্যাদি লােকক বুজায়। অসমৰ গাঁও-বস্তি আৰু চাহ বাগিছাত থকা এটা জাতিৰ লােকে নিজকে ‘আদিবাসী’ বুলি পৰিচয় দি গৌৰৱ কৰে। অৱশ্যে বহুতে এওঁলােকক চাহ বনুৱা, কুলি, চাহ জনজাতি, সেউজ অসমীয়া আদি নানা নামেৰে নামকৰণ কৰি আহিছে। 

আদিবাসীসকলৰ সংস্কৃতিঃ 

    পূর্বতে আদিবাসীসকলে প্রকৃতিপ্রেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফলমূল খাই জীৱন ধাৰণ কৰিছিল। কৃষি কাৰ্য আৰম্ভ হােৱাৰ লগে লগে তেওঁলােকৰ সকলাে কার্য, ৰীতি-নীতি কৃষিভিত্তিক হৈ পৰে। সেইদৰে তেওঁলােকৰ মূখ্য উৎসৱসমূহ তলত দিয়া ধৰণৰ 

কৰম উৎসৱঃ 

    ভাদ মাহব একদাশীৰ দিনা এই উৎসৱ উদ্যাপন কৰা হয়। কবম’ প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। কম (Nauclea Parvifola) এবিধ গছ। গাঁৱৰ মহিলাসকলে বিশেষকৈ যুৱতীসকলে জংঘলৰ পৰা কৰম ডাল কাটি আনি গাঁৱৰ আখৰাত (চোতালত) স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কম দেৱতাৰ পূজা কৰে। আদিবাসীসকলে (পাহায়) পুৰােহিতৰ পূজাৰ পাচত কৰম কাহিনী কয়, য'ত আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থাকে। কম উৎসৱটি বন্ধুত্ব, সম্প্রীতি -একতা, ভাল ফচল আৰু আগন্তুক বিবাহ। হ’বলৈ প্রস্তুত হােৱা যুৱতীসকলৰ বাবে এক ব্ৰতৰ সময়। ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্রার্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা পৰব (চাৰহুল), চহৰাই, মাগে, ফাগুৱা ইত্যাদি উৎসৱ পাতে। কম, ঝমৰ, ডমকচ, জাদুৰ, লাহচুৱা আদি নাচ-গানেৰে আদিবাসীসকলে উৎসৱসমূহ উদযাপন কৰে।

আদিবাসী ভাষাঃ  

    আদিবাসী ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্রিক গােষ্ঠীয় ভাষা। উদাহৰণ স্বৰূপে উৰাংসকলৰ কুডুষ ভাষাটি দ্রাবিড় গােষ্ঠীৰ সেইদৰে মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা অষ্ট্রিক গােষ্ঠীৰ কোলাৰীয়ান ভাষা। খাছি’ সকলৰ ভাষা আৰু কিছু ৰীতি-নীতিৰ মিল থকালৈ আঙুলিয়াই তেওঁলােকে নিজৰ মাজত উমৈহতীয়া ভাষা আদিবাসীয়া (চাদৰ) কথা পাতে। আদিবাসী কুড়ুয (ওৰাং), মুণ্ডা, চাওঁতাল, চাওৰা, কুড়মালী, খাড়িয়া ইত্যাদি জাতিৰ নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলােকৰ মাজত কুডুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহা সভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে। 

আদিবাসী সমাজৰ বিশেষ ব্যক্তিসকলঃ 

    খ্রীষ্টচন মুণ্ডাঃ  ভাৰতৰ স্বাধীনতা সংগ্রামত ১৯১৬ চনতে এইজন শ্বহীদে প্রাণ আহুতি দিয়ে। তেজপুৰৰ ওচৰৰ ফলবাৰী চাহ বাগিচাত খ্রীষ্টচন মণ্ডাই অসমৰ কৃষক আৰু শ্ৰমিকৰ বিদ্রোহ ১৯১০-১৯১৬ balo sifo groboy ( Tea Garden Labourers of North East India - S . Karotemprel B , Dutta Roy P - 166-167 )। ব্রিটিচ চৰকাৰে খ্রীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে যাতে পুনৰ কোনাে শ্রমিকে ব্রিটিচ চৰকাৰৰ বিৰােধ কৰিবলৈ সাহস কৰিব নােৱাৰে। কিন্তু এই ঘটনাৰ পাচতেই চাহ বাগিচাসমূহত স্বাধীনতা আন্দোলন বিয়পি পৰে। হেলেম, চনাজুলি, কাচাৰী গাঁও, আদি চাহ বাগিছা বোৰত জঙ্গী আন্দোলন হয়। (Planter Raj to Swaraj-A Guha)। মালতি ওৰাং (মাংগ্ৰী মেম), দয়াল পানিকা, বাঁকুডু চাওঁৰা আদি বহুত আদিবাসী লোক স্বাধীনতা সংগ্ৰামত শ্বহীদ হয়।

    জাষ্টিন লাক্ৰাঃ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা, জাষ্টিন লাক্ৰাৰ জন্ম হৈছিল চৰাইবিলৰ কচু গাঁৱৰ ২ অক্টোবৰৰ ১৯৭০ চনত। ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত শিক্ষা হৈ থাকোঁতে নামনি অসমত গোষ্ঠী সংঘৰ্ষই দেখা দিয়ে আৰু প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ শিক্ষা এৰি ৰাইজৰ সেৱাত নামি পৰে। ২০১৫। ২০১৫ চনত ১৩ জুলাইত মহান আদিবাসী নেতা জাষ্টিন লাক্ৰাই ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিছচলৈ আদিবাসীসকলৰ 'জাতীয় পিতা' বুলি আখ্যা দিয়া হ'ল।



Type : Priyam Jyoti Patar



Post ID : DABP003885