গণতন্ত্ৰৰ প্ৰকাৰঃ 

গণতন্ত্ৰৰ প্ৰকাৰ বুলিলে সাধাৰণতে দুই ধৰণৰ ব্যৱস্থাক বুজায়। যেনে一 (ক) প্ৰত্যক্ষ গণতন্ত্ৰ 

(খ) পৰোক্ষ গণতন্ত্ৰ 

প্ৰত্যক্ষ গণতন্ত্ৰ 

যি গণতন্ত্ৰত জনসাধাৰণে চৰকাৰৰ শাসন ব্যৱস্থাত পোনপটীয়াকৈ অংশগ্ৰহণ কৰে তেনে ব্যৱস্থাক প্ৰত্যক্ষ গণতন্ত্ৰ বোলে। প্ৰাচীন গ্ৰীচৰ নগৰৰাষ্ট্ৰসমূহত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল। আধুনিক ৰাষ্ট্ৰবোৰত প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰহে প্ৰচলন আছে। ছুইজাৰলেণ্ডৰ কোনো কোনো কেণ্টনত এতিয়াও প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে।

পৰোক্ষ গণতন্ত্ৰঃ

যি গণতন্ত্ৰত জনসাধাৰণে প্ৰত্যক্ষভাৱে চৰকাৰ পৰিচালনা নকৰি তেওঁলোকে সময়ে সময়ে নিৰ্বাচন কৰি দিয়া প্ৰতিনিধিসকলৰ দ্বাৰা চৰকাৰ পৰিচালনা কৰা হয় তাকে পৰোক্ষ গণতন্ত্ৰ বোলে। ভাৰতবৰ্ষ, ইংলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদি দেশত পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন আছে।


Class 7 Social Science 

Type: Nayan Moni Deka 



Post ID : DABP003814