নাগৰিক আৰু নাগৰিকত্বঃ
অতীজৰ পৰা মানুহে ভিন ভিন পৰিৱেশত বসবাস কৰি আহিছে। আদিম মানুহে বসবাস কৰিবলৈ পৰ্বতৰ গুহা, গছৰ খােৰোং আদিক আশ্রয় হিচাপে লৈছিল। কৃষিকাৰ্য আৰম্ভণিৰ লগে লগে মানুহে সমাজ পাতি স্থায়ীভাৱে থাকিবলৈ ল’লে। সমাজত শান্তি শৃঙ্খলা ৰক্ষাৰ বাবে তেওঁলােকে কিছুমান ৰীতি নীতিও প্রস্তুত কৰি ললে। সভ্যতাৰ ক্ৰমবিকাশৰ ফলস্বৰূপে গাঁও, চহৰ, নগৰ আদিৰ সৃষ্টি হৈ এখন উন্নত সমাজ গঠন হ’ল। সময়ৰ বিৱৰ্তনৰ লগে লগে সমাজৰ বুকুত ৰাষ্ট্রৰ জন্ম হ'ল। কালক্ৰমত ৰাষ্ট্ৰৰ অন্তৰ্গত সকলাে লােককেই নাগৰিক আখ্যা দিয়া হ'ল। আমি সকলােৱে এনেধৰণৰ একো একোখন ৰাষ্ট্ৰৰ সদস্য বা নাগৰিক। এই নাগৰিক শব্দটোৱে প্ৰকৃততে কি বুজায় তলৰ কথােপকথনখিনিৰ পৰা ভালদৰে জানি লওঁ আহা—
গৰমৰ বন্ধত দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি থকা পিংকীৰ ককায়েক পংকজ ঘৰলৈ আহিছে। সন্ধিয়া দুয়ােজনে টিভিত আঞ্চলিক বাতৰি চাই থকাৰ মাজত দৃশ্যমান হ’ল এক বিশাল সমদল। সমদলত মানুহবােৰে বেনাৰ, ফেষ্টুন, প্লেকার্ড আদি লৈ চিঞৰি চিঞৰি শ্লোগান দিছে নাগৰিকক সুৰক্ষা দিয়ক’, নাগৰিকৰ গণতান্ত্রিক অধিকাৰ অক্ষুন্ন ৰাখক আদি। শ্লোগানবােৰে পিংকিৰ মনত কৌতূহলৰ সৃষ্টি কৰিলে। ককায়েকলৈ চাই তাই প্রশ্ন কৰাত লাগিল—
পিংকীঃ দাদা এই মানুহবােৰে যে শ্লোগান দিছে নাগৰিকক সুৰক্ষা দিয়ক’ নাগৰিকক সুবিধা দিয়ক’ আদি বুলি; প্ৰকৃততে নাগৰিক মানে কি ভালদৰে বুজাই কোৱাচোন।
পংকজঃ দূৰ অতীতত সভ্যতাৰ প্রাণকেন্দ্রস্বৰূপ নগৰসমূহত বাস কৰা লােকসকলকে নাগৰিক বুলি আখ্যা দিয়া হৈছিল। কিন্তু সময়ৰ লগে লগে সেই ধাৰণা সলনি হ’ল। বর্তমান এখন ৰাষ্ট্ৰৰ ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰা সকলাে লোককে সেইখন দেশৰ নাগৰিক হিচাপে গণ্য কৰা হয়। নাগৰিকে ৰাষ্ট্ৰই প্ৰদান কৰা সকলো অধিকাৰ ভোগ কৰিব পাৰে।
পিংকীঃ দাদা, আমি যে বিদেশী বুলি কও তাৰ মানে কি?
পংকজঃ শুনা। যেতিয়া কোনো এখন নাগৰিকে অন্য এখন দেশলৈ গৈ দীৰ্ঘদিন ধৰি তাত থাকে তেতিয়া তেনেলোকক বিদেশী বুলি কোৱা হয়। এসময়ত আমাৰ অসমৰ চাহ বাগিচাবোৰ ইংলেণ্ডৰ মানুহে পৰিচালনা কৰিছিল। সেই সময়ত তেওঁলোকে নিজ পৰিয়াল লৈ বছৰ বছৰ ধৰি বাগিচাৰ বঙলাত বসবাস কৰিছিল।
পিংকীঃ তেনেহ'লে আমাৰ ককাহঁতৰ ঘৰৰ ওচৰৰ নীল বাগানখনো ইংলেণ্ডৰ মানুহে পৰিচালনা কৰিছিল নেকি?
পংকজঃ অ' কৰিছিল। তেনেকুৱা এটা পৰিয়ালৰ লগত আমাৰ ককাহঁতৰ বেছ বাল সম্পৰ্ক আছিল। বিদেশী চাহাবজনৰ নাম আছিল জৰ্জ এণ্ডাৰছন। এণ্ডাৰচনৰ পত্নী এঞ্জেলিনা। তেওঁলোকৰ এহাল ল'ৰা-ছোৱালী আছিল মেৰী আৰু বিকী। আজি কেইবাবছৰো হ'ল তেওঁলোক অসমৰ পৰা গুচি গ'ল।
পিংকীঃ তাৰমানে তুমিও তেওঁলোকক ভালদৰে জানিছিলা। দাদা, বিদেশী আৰু নাগৰিকৰ মাজত পাৰ্থক্য আছে নেকি?
পংকজঃ আছে। এখন দেশৰ নাগৰিকে সেই দেশৰ পৌৰ আৰু ৰাজনৈতিক অদিকাৰ দুয়োটাই ভোগ কৰিব পাৰে। নাগৰিকে সদায় দেশৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য দেখুৱাবলৈ বাধ্য। আনহাতে বিদেশীলোকে অকল পৌৰ অধিকাৰহে ভোগ কৰিব পাৰে ৰাজনৈতিক অধিকাৰ নাপায়। তেওঁলোকে নিজৰ দেশৰ বাহিৰে আন দেশৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য দেখুৱাবলৈ বাধ্য নহয়।
পিংকীঃ জৰ্জ চাহাবহঁত যে ইমান বছৰ অসমত আছিল তেওঁলোক ভাৰতৰ নাগৰিক হ'ব নোৱাৰিলেহেঁতেননে?
পংকজঃ ইচ্ছা কৰিলে পাৰিলেহেঁতেন। নাগৰিকত্ব লাভৰ বাবে কেইটামান উপায় আছে। জৰ্জ চাহাব আৰু তেওঁৰ পত্নীয়ে আমাৰ দেশৰ নাগৰিক হ'ব বিচাৰিলে তেওঁলোকে নাম পঞ্জীয়ন কৰি নাগৰিকত্ব ল'ব পাৰিলেহেঁতেন।
পিংকীঃ কিন্তু মেৰী, বিকী কোন দেশৰ নাগৰিক হ'লহেঁতেন?
পংকজঃ মেৰী আৰু বিকীৰ পিতৃ-মাতৃ ইংলেণ্ডৰ। সেয়েহে বংশানুক্ৰমিকভাৱে তেওঁলোক ইংলেণ্ডৰ নাগৰিক। কিন্তু পিতৃ-মাতৃ ইংলেণ্ডৰ মেৰী আৰু বিকীৰ জন্ম যিহেতু অসমত সেয়েহে জন্মসূত্ৰে তেওঁলোক আমাৰ দেশৰ নাগৰিক।
পিংকীঃ আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰাৰ আৰু কিবা উপায় আছে নেকি দাদ?
পংকজঃ নিশ্চয় আছে। যদি কোনো বিদেশীলোকে নিজৰ দেশৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতৰ প্ৰতি শ্ৰদ্ধা আৰু আনুগত্য দেখুৱাই ইয়াত নিগাজীকৈ থাকিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে দেশীয়কৰণ পদ্ধতিৰে তেওঁ আমাৰ দেশৰ নাগৰিক হব পাৰিব। অৱশ্যে তেওঁৰ নাগৰিকত্ব লাভৰ বিষয়টো চৰকাৰৰ বিচাৰ-বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰিব।
পিংকীঃ তাৰমানে মেৰী-বিকীহঁতেও ইচ্ছা কৰিলে আমাৰ দেশতে থাকি ইয়াৰ নাগৰিক হ'ব পাৰিলেহেঁতেন?
পংকজঃ অ, পাৰিলেহেঁতেন। তুমি সুধিছাই যেতিয়া আৰু এটা কথা জানি থোৱা। কোনো অঞ্চল যদি ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ লগত চামিল হয় তেতিয়া সেই অঞ্চলত বাস কৰা লোকসকলে ভাৰতীয় নাগৰিকত্ব লাভ কৰে। চিকিম এসময়ত ভাৰতৰ অংশ নাছিল। কিন্তু ১৯৭৫ চিকিম ভাৰতত চামিল হোৱাৰ লগে লগে সেইদেশৰ নাগৰিকসকলে ভাৰতৰ নাহৰিক হিচাপে স্বীকৃতি লাভ কৰিলে। ঠিক তেনেদৰে গোৱা, দমন-দিউৰ লোকসকলেও আমাৰ দেশৰ নাগৰিকত্ব লাভ কৰিছে। পিংকীঃ দাদা, আমাৰ দেশৰ নাগৰিক এজনে তেওঁৰ নাগৰিকত্ব হেৰুৱাব পাৰে নেকি?
পংকজঃ অ, পাৰে। ধৰি লােৱা যদি কোনাে ব্যক্তি সৈন্যবাহিনীৰ পৰা পলাই যায়, কোনােৱে যদি দেশ বিৰােধী কাম কৰে তেনেহলে তেওঁ ভাৰতীয় নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব।
পিংকীঃ তাৰ বাহিৰেও নাগৰিকত্ব হেৰুওৱাৰ অন্য কিবা কাৰণ আছে নেকি?
পংকজঃ আছে। যদি এখন দেশৰ নাগৰিকে নিজ ৰাষ্ট্রৰ অনুমতি নােলােৱাকৈ অন্য দেশৰ পৰা কোনাে উপাধি গ্রহণ কৰে তেতিয়াহ'লে তেওঁৰ নাগৰিকত্ব বিলােপ হ’ব। ঠিক সেইদৰে ভাৰতীয় ছছাৱালী এজনীয়ে যদি অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে তেওঁ ভাৰতৰ নাগৰিকত্ব হেৰুৱাব। তাৰ বাহিৰেও যদি তুমি বা মই বহু বছৰ ধৰি একেৰাহে নিজৰ দেশৰ পৰা আঁতৰি থাকো তেতিয়াও আমাৰ এই দেশৰ নাগৰিকত্ব বিলােপ হ’ব পাৰে।
Class 7 Social Science
Type: Nayan Moni Deka