কৃষিৰ ক্ষেত্ৰতঃ

কৃষি হ'ল আমাৰ দেশৰ প্ৰধান জীৱিকাৰ ক্ষেত্ৰ। দেশৰ ৭০ শতাংশতকৈও অধিক লোক কৃষি কৰ্মত নিয়োজিত। কৃষি ক্ষেত্ৰৰ উন্নতি নহ'লে এইসকল মানুহে সুস্থ-সবল জীৱন-যাপন কৰিব নোৱাৰে। সেয়েহে উন্নয়নৰ প্ৰক্ৰিয়াত কৃষিক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হয় যাতে কৃষক ৰাইজৰ উপাৰ্জন সহায়ত মানুহে নিজৰ অভাৱসমূহ দূৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে জীৱন-ধাৰণৰ মান উন্নত কৰিব পাৰে। অন্যান্য দিশৰ দৰে আমাৰ দেশৰ কৃষি ক্ষেত্ৰতো এতিয়া চকুত লগা পৰিৱৰ্তন পৰিলক্ষিত হৈছে। এই বিষয়ক কিছু আভাষ তোমালোকে আগৰ শ্ৰেণীৰ পাঠত পাই আহিছা। উন্নত জলসিঞ্চন ব্যৱস্থা, ট্ৰেক্টৰ, পাৱাৰটিলাৰ, মৰণা মৰা যন্ত্ৰ, উইডাৰ, উন্নত বীজ, উন্নত সাৰ, কীটনাশক দ্ৰব্য যোগানৰ দ্বাৰা চৰকাৰে এতিয়া আমাৰ কৃষিক্ষেত্ৰত যথেষ্ট আধুনিক আৰু বিজ্ঞানসন্মত কৰি তুলিছে। ফলত আমাৰ দেশৰ কৃষিখণ্ডৰ উৎপাদন ভালেখিনি বৃদ্ধি পাইছে। তদুপৰি চৰকাৰে কৃষিবিষয়ক সা-সুবিধাও প্ৰদান কৰিছে। যেনে কিষান কল চেণ্টাৰৰ সহায়ত আমাৰ দেশৰ কৃষকসকলে ২৪ ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা-পৰামৰ্শলাভ কৰিবলৈ সক্ষম হৈছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সহায়ত এতিয়া কৃষকসকলে অতি সহজেই হ্ৰস্বম্যাদী কৃষি ঋণ পাব পাৰে। এই সকলো সা সুবিধাৰ ফলত বৰ্তমান আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নত কৃষিক্ষেত্ৰৰ অৱদান মনকৰিবলগীয়া।


Class 7 Social Science 

Type: Nayan Moni Deka    




Post ID : DABP004255