চৈয়দ আব্দুল মালিক

চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনৰ ১৫ জানুৱাৰী নাহৰণি, গোলাঘাটত। আৰু মৃত্যু হয় ২০০০ চনৰ ১৯ ডিচেম্বৰ তাৰিখে। তেখেত এগৰাকী অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেত ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেত সন্মানিত হৈছিল। তেখেতে ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰবন্ধ ৰচনা কৰিছিল। 

Sumit Patar ( Morigaon Assam)