প্রত্যক্ষ নির্বাচনঃ
যি নির্বাচনত ভােটাৰসকলে পােনপটীয়াভাৱে ভােটদান কৰি প্রতিনিধি নির্বাচন কৰে তেনে নির্বাচনক প্রত্যক্ষ নির্বাচন বােলে। এই নির্বাচনত ভােটাৰসকল ব্যক্তিগতভাবে ভােটকেন্দ্ৰলৈ যায়। ভােটকেন্দ্ৰত তেওঁলােকে বিভিন্ন প্রার্থী মাজৰ পৰা নিজৰ পছন্দৰ প্ৰাৰ্থীক ভােট দি নির্বাচিত কৰি লয়।
পৰোক্ষ নিৰ্বাচন ঃ
যি নিৰ্বাচনত ভোটাৰসকলে নিজে অংশগ্ৰহণ কাৰাৰ সলনি তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰে তেনে নিৰ্বাচনক পৰোক্ষ নিৰ্বাচন বোলে। উদাহৰণস্বৰূপে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপ্ৰতিক পৰোক্ষভাৱে নিৰ্বাচন কৰা হয়। এই নিৰ্বাচনত জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰি পঠিওৱা সাংসদ আৰু ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলে অংশগ্ৰহণ কৰে।
ৰাজনৈতিক দলঃ
গণতন্ত্ৰৰ এক অন্যতম অংগ হ'ল ৰাজনৈতিক দল। গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হ'লে ভোটাৰসকল যিদৰে অপৰিহাৰ্য ঠিক তেনেদৰে ৰাজনৈতিক দলসমূৃহো অপৰিহাৰ্য। প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। আমাৰ দেশত নির্দিষ্ট আদৰ্শৰ ভিত্তিত প্রতিষ্ঠিত বহুকেইটা ৰাজনৈতিক দল আছে। তাৰে কিছুমান ৰাষ্ট্ৰীয় দল আৰু কিছুমান আঞ্চলিক দল। নিজস্ব মতাদর্শক প্রাধান্য দি দেশব্যাপী থকা সংগঠনৰ ভিত্তিত সাধাৰণতে একো একোটা ৰাজনৈতিক দল গঢ়ি উঠে। এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দল হিচাপে মর্যাদা লাভ কৰিবলৈ হ'লে নির্বাচনী আয়ােগৰ স্বীকৃতিপ্রাপ্ত হােৱাৰ উপৰি তিনিখন বা ততােধিক ৰাজ্যৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিবৰ বাবে পঞ্জীয়নভূক্ত হ’ব লাগে। ৰাষ্ট্ৰীয় দলৰ ভিতৰত কিছুমান দল হ’ল—ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জনতা পার্টি, ভাৰতৰ কমিউনিষ্ট পার্টি, বহুজন সমাজ পার্টি আদি। আনহাতে কোনাে ৰাজ্যৰ আঞ্চলিক স্বার্থত গুৰুত্ব দি অঞ্চলটোৰ আর্থ সামাজিক, সাংস্কৃতিক বিকাশৰ উদ্দেশ্য আগত ৰাখি কিছুমান দল গঠন হয়। এই দলসমূহে যেতিয়া নিৰ্বাচন আয়োগৰ স্বীকৃতি লাভ কৰে তেতিয়া তাক আঞ্চলিক দল বোলে। আঞ্চলিক দলসমূহৰ ভিতৰত কিছুমান দল হ'ল一 অসম গণ পৰিষদ (অসম), আকালি দল (পাঞ্জাৱ), তেলেণ্ড দশম পাৰ্টি (অন্ধ্ৰপ্ৰদেশ) আদি।
নির্বাচন প্রক্রিয়াঃ
নির্বাচন অনুষ্ঠিত কৰিবলৈ কিছুমান বিশেষ প্রক্রিয়া আছে। তলৰ আলােচনাৰ পৰা এই বিষয়ে জানি লােৱা। ভাৰতবৰ্ষত বিভিন্ন নির্বাচন পৰিচালনা কৰিবলৈ ৰাষ্ট্রপতিয়ে কেন্দ্ৰত এখন নির্বাচনী আয়ােগ গঠন কৰি দিয়ে। এই আয়ােগত এজন মুখ্য নির্বাচনী আয়ুক্ত আৰু দুজন নির্বাচনী আয়ুক্ত থাকে। মুখ্য নির্বাচনী আয়ুক্তজনক ৰাষ্ট্রপতিয়ে নিয়ােগ কৰে। ঠিক তেনেদৰে ৰাজ্যসমূহতাে একোখন ৰাজ্যিক নির্বাচনী আয়ােগ গঠন কৰা হয়। নির্বাচনৰ কামকাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে এই আয়ােগে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰি নিৰ্বাচনৰ তাৰিখ আৰু কাৰ্যসূচীপ্রস্তুত কৰে। নির্বাচনৰ বাবে মনােনয়নপত্র দাখিলৰ তাৰিখ, মনােনয়নপত্র পৰীক্ষা আৰু প্রত্যাহাৰৰ তাৰিখ, নির্বাচনৰ ফলাফল ঘােষণা কৰাৰ তাৰিখাে আয়ােগে নির্ধাৰণ কৰে। নির্বাচনী আয়ােগৰ নীতি-নির্দেশনাসমূহ কঠোৰ। নির্বাচন অনুষ্ঠিত হ'বলগীয়া ঠাইত নির্দিষ্ট সময়ৰ বাবে আয়ােগে কেতবােৰ নির্বাচনী আচৰণবিধি বলৱৎ কৰে যাতে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰিব পাৰি। বিধি উলংঘাকাৰীৰ ওপৰত আয়ােগে বিহিত ব্যৱস্থা ল'ব পাৰে। নির্বাচনী আয়ােগে নির্বাচনৰ দিন ঘােষণা কৰাৰ পাছত ৰাজনৈতিক দলসমূহে তেওঁলােকৰ নিজ দলৰ প্ৰাৰ্থীক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ মনােনীত কৰে। নির্বাচনৰ সময়ৰ কামকাজবােৰ তােমালােকে বাৰু মন কৰিছানে? ৰাজনৈতিক দলসমূহে নিজ দলৰ হৈ প্রতিদ্বন্দ্বিতা কৰিবলগীয়া নেতাজনক লগত লৈ নিজ নিজ সমষ্টিত ৰাজহ্বা সভা অনুষ্ঠিত কৰি দলৰ লক্ষ্য, উদ্দেশ্য, ভৱিষ্যতৰ কর্মপন্থা ৰাইজৰ আগত দাঙি ধৰে। তদুপৰি নির্বাচনী প্রচাৰ অভিযানৰ বাবে দলৰ কৰ্মীসকলে ভােটাৰসকলৰ ঘৰে ঘৰে গৈ নিজৰ প্রার্থীজনক ভােট দিবলৈ অনুৰােধ জনায়। ভােটৰ তালিকাত পৰিয়ালৰ প্রাপ্তবয়স্কসকলৰ নাম আছে নে নাই তাক নিশ্চিত কৰে। নিজ দলে ভৱিষ্যতে কৰিবলগীয়া কৰ্মৰাজি ইস্তাহাৰ হিচাপে প্ৰকাশ কৰি ৰাইজৰ মাজত বিতৰণ কৰে। কিছুমান দলীয় সমর্থকে দলৰ প্রতীক, বেনাৰ আৰু প্ৰাৰ্থীক লৈ চাইকেল, মটৰচাইকেল আদিৰ সমদল উলিয়াই নির্বাচনী সভা অনুষ্ঠিত কৰে।
নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰী চাকৰিয়ালসকলক নিৰ্বাচন সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত আগতীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। নিৰ্ধাৰিত দিনত প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলে নিৰাপত্তাৰক্ষীসহ নিৰ্দিষ্ট ভোটকেন্দ্ৰত উপস্থিত হয়। ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিষয়া আৰু পৰ্যবেক্ষকৰ তত্ত্বাৱধানত ভোটাৰসকলে ইলেক্ট্ৰনিক ভোটদান যন্ত্ৰ (ই ভি এম) বা বেলট পেপাৰ যোগে ভোটদান কৰে। এখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন হৈ যোৱাৰ পাছত কেনেধৰণে চৰকাৰ গঠন হয় জানি লোৱা一 ভোট গ্ৰহণৰ কিছুদিন পাছত ভোট গণনা হয়। গণনাৰ অন্তত যি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেইদলৰ
নেতাজনক ৰাজ্যপালে চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় । যেতিয়া কোনাে ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা (আধাতকৈ বেছি আসন লাভ কৰা) নাপায় বর্তমান তেতিয়া ৰাজ্যপালে বিবেচনা কৰি বিধানসভাৰ ভিতৰৰ আটাইতকৈ বেছি আসন লাভ এয়ােদশ বিধানসভাৰ কৰা দলটোৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আমন্ত্রণ জানায়। আনহাতে এনে কার্যকাল চলি আছে। পৰিস্থিতিত কেতিয়াবা কেইবাটাও দল লগলাগি এটা জেট সৃষ্টি কৰে তাক মিত্রজোট বুলি কোৱা হয়। মিত্ৰজোঁটে তেওঁলােকৰ মাজৰ পৰা সমুহীয়াকৈ এজন নেতা নির্বাচন কৰি লয়। যেতিয়া মিত্রজোঁটে বিধানসভাত তেওঁলােকক সংখ্যাগৰিষ্ঠ বুলি প্রতিপন্ন কৰি ৰাজ্যপালক চৰকাৰ গঠনৰ প্রস্তাৱ দিয়ে তেতিয়া ৰাজ্যপালে সেই জোঁটৰ নেতাজনক চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়। ৰাজ্যপালে চৰকাৰ গঠণৰ বাবে আমন্ত্ৰণ জনোৱা দলটোৰ নেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰী পৰিষদ গঠণ হয়। বিধানসভাৰ কাৰ্যকাল যিহেতু পাঁচ বছৰ সেয়ে ৰাজ্যচৰকাৰৰ কাৰ্যকালো পাঁচবছৰৰ বাবে সীমিত।
Class 7 Social Science
Type: Nayan Moni Deka