অধ্যায়ঃ ১৪

শক্তিৰ উৎসসমূহ


    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer
    👉Paid Answer      Buy Now )

1. শক্তিৰ ভাল উৎস কি?

উত্তৰঃশক্তিৰ ভাল উৎসৰ বাবে কিছুমান বৈশিষ্ট্যৰ প্ৰয়োজন। বৈশিষ্ট্যসমূহ হ’ল 一

(a) ই প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে অতি বেছি কাৰ্য কৰিব লাগিব।

(b) ই সহজলভ্য হ’ব লাগিব।

(c) উপযুক্ত জ্বলন উষ্ণতা থকা উচিত।

(d) ই সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগিব।

2. ভাল ইন্ধন কি?

উত্তৰঃ- ভাল ইন্ধনৰ চৰ্তসমূহ হ’ল 一

(a) ই দহনৰ দ্বাৰা অতি বেছি পৰিমানৰ তাপ নিৰ্গত কৰিব লাগিব।

(b) ই সহজলভ্য হ’ব লাগিব।

(c) ই কম পৰিমাণৰ ধোৱা উৎপন্ন কৰিব লাগিব।

3. যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়?

উত্তৰঃৰন্ধনৰ বাবে তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ কৰিম। কিয়নো 一

(i) ই সহজলভ্য।

(ii) ই কম পৰিমাণৰ ধোঁৱা উৎপন্ন কৰে।

(iii) ই দহনৰ দ্বাৰা উচ্চ পৰিমাণৰ তাপ উৎপন্ন কৰে।


প্ৰশ্নাৱলীঃ


1. জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ(i) জীৱাশ্মজাত ইন্ধন অনৱীকৰণযোগ্য শক্তিৰ উৎস। গতিকে, ইহঁতৰ ভাণ্ডাৰো সীমিত।

(iii) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত নাইট্ৰ’জেন আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। যি এছিডে বৰষুণৰ সৃষ্টি কৰি মাটি আৰু জলসম্পদৰ ক্ষতিসাধন কৰে।

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয়?

উত্তৰঃজীৱাশ্ম ইন্ধনবোৰ অনৱীকৰণযোগ্য শক্তিৰ উৎস। পৃথিৱীত এই ইন্ধনবোৰৰ ভাণ্ডাৰ খুব দ্ৰুত গতিত হ্ৰাস পাই আছে আৰু এদিন শেষ হৈ যাব। সেয়েহে শক্তিৰ বিকল্প উৎসৰ দৰকাৰ।

3. আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?

উত্তৰঃবায়ুকলৰ উদ্ভৱনৰ দ্বাৰা বায়ু শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধন কৰা হৈছে। বায়ুকল এটাত ডাঙৰ বিজুলী পাংখাৰ দৰে এক গঠন থাকে। যাক কিছু উচ্চতাত এক দৃঢ় আধাৰৰ ওপৰত স্থাপন কৰা হয়। বতাহৰ গতি শক্তিক বায়ুকলৰ দ্বাৰা আৱদ্ধ কৰি তাৰ সহায়ত বায়ুকলৰ পাংখা ঘুৰোৱা হয় আৰু এই ঘূৰ্ণন গতিয়ে টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে।

            এনেদৰে জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ উন্নতি সাধনৰ বাবে বান্ধ নিৰ্মাণ কৰা হয়। নদীত সু-উচ্চ বান্ধ নিৰ্মাণ কৰি নদীৰ পানীক ভেটা দিয়া হয় আৰু এনেদৰে বৃহৎ জলঘৰত পানী সংগ্ৰহ কৰা হয়। পানীৰ স্তৰ ওপৰলৈ উঠাৰ ফলত বোৱতী পানীৰ গতি শক্তি স্থিতি শক্তিলৈ পৰিৱৰ্তিত হয়। বান্ধৰ পৰা পানী পাইপেৰে বোৱাই নি বান্ধৰ তলৰফালে থকা টাৰ্বাইললৈ নিয়া হয়। এনেদৰে জলশক্তিক বান্ধবোৰত ব্যৱহাৰ কৰি টাৰ্বাইন ঘুৰোৱা হয় আৰু এনেকৈ বিদ্যুৎ উৎপাদন হয়।


প্ৰশ্নাৱলীঃ


1. কোন ধৰণৰ দাপোন 一 অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট? কিয়?

উত্তৰঃঅৱতল দাপোন উৎকৃষ্ট।

         কিয়নো, অৱতল দাপোণৰ প্ৰকৃতি অভিসাৰী। অৰ্থাৎ, ই সমান্তৰাল ৰশ্মিক মুখ্য ফ’কাচলৈ অভিসাৰী কৰে। সেয়ে, এখন অৱতল দাপোণে বেছিভাগ সূৰ্যৰ ৰশ্মিকে সৌৰ কুকাৰৰ পিনে অভিসাৰী কৰে। সেয়ে, সৌৰ কুকাৰটোৱে সৰ্বোচ্চ তাপ লাভ কৰে।

2. মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?

উত্তৰঃসীমাৱদ্ধতাসমূহ 一

(i) জোৱাৰ শক্তিৰ আহৰণৰ বাবে সমুদ্ৰ-তীৰত বান্ধ নিৰ্মাণ কৰিবলৈ উপযুক্ত স্থান সীমিত।

(ii) যিবিলাক অঞ্চলত মহাসাগৰৰ ঢৌবোৰ অতি শক্তিশালী তেনে অঞ্চলতহে তৰংগ শক্তি আহৰণ কৰিব পাৰি।

(iii) মহাসাগৰৰ পৃষ্ঠৰ আৰু 2 km পৰ্যন্ত গভীৰতাৰ পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 k বা বেছি হ’লেহে মহাসাগৰৰ তাপ শক্তি ৰূপান্তৰণ প্ৰকল্পসমূহে ঠিকমতে কাম কৰিব পাৰে।

3. তাপীয় শক্তি কি?

উত্তৰঃভূ-পৃষ্ঠৰ অভ্যন্তৰ ভাগত থকা হটস্পট সংস্পৰ্শত অহা জলীয় বাষ্পৰে পোৱা শক্তিক ভূ-তাপ শক্তি বোলে।

4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?

উত্তৰঃ(i) নিউক্লীয় শক্তিৰ ব্যৱহাৰ পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয়।

(ii) ইউৰেনিয়ামৰ এটা নিউক্লিয়াচৰ নিউক্লীয় বিযোজনত, কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াচ এটাৰ দহনৰ তুলনাত 10 নিযুত গুণ শক্তি উৎপন্ন হয়। বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নিৰ্গত কৰা স্বপোষী নিউক্লীয় বিযোজন শৃংখল বিক্ৰিয়াত এনে নিউক্লীয় ‘ইন্ধন’ ব্যৱহাৰ হয়।


প্ৰশ্নাৱলীঃ


1. শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?

উত্তৰঃশক্তিৰ যিকোনো উৎসই পৰিৱেশৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায়। গতিকে, শক্তিৰ উৎস প্ৰদূৰ্ষণমুক্ত হ’ব নোৱাৰে।

2. ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কিয় নকৰা?

উত্তৰঃহাইড্ৰ’জেন CNG তকৈ পৰিষ্কাৰ ইন্ধন নহয়। কাৰণ হাইড্ৰ’জেন দহনৰ ফলত কোনো হানিকাৰক পদাৰ্থ সৃষ্টি নহ’লেও হাইড্ৰ’জেন প্ৰস্তুতকাৰী শক্তিৰ উৎসসমূহ পৰিষ্কাৰ নহয়। ইয়াৰ বিপৰীতে CNG প্ৰাকৃতিকভাৱে আহৰণ কৰা হয় আৰু ই কম মাত্ৰাত প্ৰদূষণ কৰে।


প্ৰশ্নাৱলীঃ


1. তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃনবীকৰণযোগ্য শক্তিৰ দুটা উৎস হ’ল 一 (i) সৌৰশক্তি আৰু (ii) বায়ু শক্তি। 

            এই শক্তিৰ পছন্দৰ কাৰণ হ’ল এই দুয়োটা শক্তিৰ উৎস ব্যৱহাৰ কৰি থকাৰ ফলতো ই শেষ নহয়। এই দুটা শক্তিৰ উৎসক সেয়ে নবীকৰণযোগ্য শক্তিৰ উৎস ক’ব পাৰি।

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।

উত্তৰঃদুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ'ল জীৱাশ্ম ইন্ধন আৰু নিউক্লীয় শক্তি।

            ইয়াৰ কাৰণ হ’ল এই উৎস দুটা অনৱীকৰণযোগ্য শক্তিৰ উৎস। ইহঁতক নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থকাৰ ফলত ইহঁত এদিন পৃথিৱীৰ পৰা শেষ হৈ যাব।


অনুশীলনীঃ


1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা 一

(a) ৰৌদ্ৰোজ্বল দিন (b) ডাৱৰীয়া দিন 

(c) গৰম দিন (d) বতাহে কোবোৱা দিন।

উত্তৰঃ- (b) ডাৱৰীয়া দিন।


2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়?  

(a) খৰি         (b) গোবৰ গেছ  

(c) নিউক্লীয় শক্তি (d) কয়লা।  

উত্তৰঃ(c) নিউক্লীয় শক্তি।   

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়? 

(a) ভূ-তাপীয় শক্তি (b) বায়ু শক্তি 

(c) নিউক্লীয় শক্তি (d) জৈৱ উপাদান। 

উত্তৰঃ(c) নিউক্লীয় শক্তি।

4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰঃ-


5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা। 

উত্তৰঃ-

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি? 

(a) বতাহ (b) তৰংগ (c) জোৱাৰ - ভাতা 

উত্তৰঃ- (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাৱদ্ধতা 一

(i) বায়ুপামসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে বহু ডাঙৰ অঞ্চলৰ মাটিৰ প্ৰয়োজন হয়।

(ii) বায়ুপামসমূহ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক খৰচৰ পৰিমাণ অতি বেছি।

(iii) বায়ুশক্তি বায়ু প্ৰৱাহৰ প্ৰৱলতাৰ ওপৰত নিৰ্ভৰ কৰে।

(b) তৰংগ শক্তি উৎপাদনৰ সীমাৱদ্ধতা 一

এনে শক্তি কেৱল তেনে অঞ্চলতহে আহৰণ কৰা সম্ভৱ য’ত সাগৰ বা মহাসাগৰ ঢৌবোৰ অতি শক্তিশালী।

(c) জোৱাৰৰ পৰা শক্তি আহৰণ কৰাৰ মুখ্য অসুবিধাটো হ’ল যে এই শক্তি আহৰণ কৰাৰ বাবে নিৰ্মাণ কৰা সমুদ্ৰতীৰত সুবিধাজনক স্থানৰ অভাৱ। 

7. কি আধাৰত শক্তিৰ উৎসসমূহ 

(a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য 

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু 

বুলি শ্রেণীভুক্ত কৰিবা? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে? 

উত্তৰঃ(a) আৰু (b)ত উল্লেখ কৰা বাছন একেই। নৱীকৰণযোগ্য আৰু অক্ষষিষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ ফলত শেষ হৈ গ’লেও ইয়াক পুনৰ উদ্ধাৰ কৰিব পাৰি। যেনেঃ সৌৰশক্তি।

অনৱীকৰণযোগ্য আৰু ক্ষষিষ্ণু শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ দ্ধাৰা পুনৰুদ্ধাৰ কৰিব নোৱাৰি। যেনেঃ জীৱাশ্ম ইন্ধন।

৪. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি? 

উত্তৰঃ(i) ই প্ৰতি একক আয়তন বা ভৰ সাপেক্ষে এক বৃহৎ পৰিমাণৰ কাৰ্য কৰে।

(ii) ই সহজলভ্য হয়।

(iii) ই সঞ্চয় আৰু পৰিবহণৰ বাবে সুবিধাজনক হয়।

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত? 

উত্তৰঃসৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’ল一

(i) সৌৰ চুলা সৌৰ শক্তিৰ সহায়ত চলে। সেয়ে ই কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে। 

(ii) ই সুলভ আৰু বহণ কৰা সুবিধাজনক।

        অসুবিধাসমূহ হ’ল一

(i) ই ৰন্ধনৰ বাবে বেছি সময় লয়।

(ii) যিহেতু সৌৰ চুলা সৌৰ শক্তিৰ দ্বাৰা চলে, এনে আহিলা ডাৱৰীয়া বা বৰষুণৰ দিনত কাৰ্যক্ষম নহয়।

সৌৰ চুলাৰ প্ৰয়োগ সেইবিলাক স্থানত সীমিত হ’ব য’ত সূৰ্যৰ তীৰ্ব্ৰতা কম বা য’ত দিনবোৰ অতিকৈ চুটি।

10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা?

উত্তৰঃশক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ 一

(i) আমি অতি উচ্চ হাৰত পৰিৱেশৰ পৰা শক্তিৰ উৎসসমূহ আহৰণ কৰাৰ ফলত, পৰিৱেশৰ সমতা বিনষ্ট হৈছে।

(ii) শক্তিৰ চাহিদা বৃদ্ধিৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে।

শক্তিৰ ব্য়য় হ্ৰাস কৰিব বাবে 一

        শক্তিৰ অপব্যৱহাৰৰ বাবে শক্তিৰ চাহিদা বৃদ্ধি হৈছে। সেয়ে প্ৰতিজন ব্যক্তিয়ে শিক্ষিত, সচেতন আৰু সজাগ হোৱাটো দৰকাৰ। যাতে শক্তিৰ অপচয় নহয় আৰু প্ৰয়োজনতহে ব্যৱহৃত হয়।



Buy Our Best Quality Answer Bank Only 59/- Rupees Get All Chapter


BUY NOW

Kaberi Barman

(M.Sc in Chemistry)

Spelling checked by 一 Mampi Kakati