আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ 

 তোমালোকৰ চৌপাশৰ যিকোনো বস্তু সলনি কৰিব পৰাকৈ যদি হঠাতে তোমালোকে যাদু শক্তি পোৱা তোমালোকৰ কেনেকুৱা আনন্দ লাগিব ! তোমালোকে বাৰু কি সলনি কৰিবলৈ বিচাৰিবা? 

  অৱশ্য়ে, আমাৰ কোনো যাদু শক্তি নাই। কিন্তু আমি আমাৰ চৌপাশৰ কিছুমান বস্তু পৰিৱৰ্তন কৰিব পাৰোঁ। যাদু শক্তি ব্য়ৱহাৰ নকৰাকৈ তোমালোকৰ চৌপাশৰ কোনবোৰ বস্তু সলনি কৰিব পাৰি তাৰ এখন তালিকা প্ৰস্তুত কৰিব পাৰিবানে? 

 আমমাৰ চাৰিওকাষে নিজে নিজে বহুতো পৰিৱৰ্তন ঘটি থাকে। শস্য়ৰ পথাৰত শস্য়বোৰৰ সময়ে সময়ে পৰিৱৰ্তন হৈ থাকে। কেতিয়াবা গছৰ পৰা পাাতবোৰ সৰি পৰে, বৰণৰ সলনি হয় আৰু শুকাই যায়। ফুলবোৰ ফুলে আৰু মৰহি যায়। তোমালোকৰ শৰীৰটোত বাৰু কিবা পৰিৱৰ্তন ঘটে নে? তোমালোকৰ নখ আৰু চুলিবোৰ বাঢ়ে। ডাঙৰ হৈ অহাৰ লগে লগে তোমালোক ওখ হোৱা আৰু তোমালোকে ওজন বৃদ্ধি হয়। তোমালোকৰ চৌপাশে যে সকলো সময়তে ইমানবোৰ পৰিৱৰ্ত হৈ থাকে তোমালোকে আগতে অনুভৱ কৰিছিলানে? পৰিৱৰ্তনবোৰৰ কিছুমানক বাৰু একেগোট কৰিব পৰিনে?  

  বিভিন্ন পৰিৱৰ্তনক আমি কেনেকৈ গোট হিচাপে ভাগ কৰিম? যদি আমি সিহঁতৰ মাজত সাদৃশ্য় বিচাৰি উলিযাব পাৰোঁ তেতিয়াহে'লে সিহঁতক গোটত ভাগ কৰিবলৈ সুবিধা হ'ব।