গৌতম বুদ্ধ (Gautama Buddha)

গৌতম বুদ্ধ
গৌতম বুদ্ধ

 চমু পৰিচয়ঃ- গৌতম বুদ্ধ জন্ম হৈছিল ৬২৩ খৃষ্টপূৰ্বাব্দ আৰু মৃত্যু হৈছিল  ৫৪৩ খৃষ্টপূৰ্বাব্দত। গৌতম বুদ্ধ জন্ম হৈছিল কপিলাবস্তু নামৰ এখন ৰাজ্যৰ ৰাজপৰিয়ালত।তেওঁৰ লৰালিকালৰ নাম আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থ সৰুৰে পৰাই চিন্তাশীল আছিল। তেওঁৰ ৰাজকাৰেঙৰ লাহ- বিলাহ সুখ- সম্ভোগে তেওঁক সুখী কৰিব পৰা নাছিল। মাথোঁ ২৯ বছৰ বয়সত ৰাজকুমাৰ সিদ্ধাৰ্থই এদিন মাজৰাতি পুত্ৰ পৰিয়ালক এৰি মানুহৰ সুখ- শান্তিৰ উপায় বিচাৰি ঘৰৰ পৰা ওলাই আহিল অৱশেষত বোধগয়া নামৰ ঠাইত তপস্যা কৰি দিব্যজ্ঞান লাভ কৰে আৰু এক মহান সত্যৰ কথা জগতক জনাবলৈ সমৰ্থ হল। তেওঁৰ সকলো জীৱৰ প্ৰতি দয়া অহিংসা আৰু সমাজৰ ভেদ, ভাৱ পাহৰি কেনেকৈ এক শুদ্ধ জীৱন যাপন কৰিব পাৰি সেই কথা মানৱ জাতিক জনালে। তেতিয়াৰ পৰা সিদ্ধাৰ্থ - বুদ্ধ অৰ্থাৎ পৰম জ্ঞানী বুলি খ্যাত হৈছিল। তেওঁ কৈছিল যে এটা ভাল জীৱন যাপন কৰিবৰ বাবে বলি বিধান বা যাগ- যজ্ঞৰ প্ৰয়োজন নাই। জাতিভেদ প্ৰথাৰো কোনো প্ৰয়োজন নাই। সৎ পথত থাকি এটা সহজ সৰল জীৱনৰহে মানুহে সুখ- শান্তি লাভ কৰিব পাৰে। সেই উদ্দেশ্যে তেওঁৰ চাৰিটা মহৎ সত্যৰ কথা কৈছিল। এই চাৰি সত্য হল- পৃথিৱীখন দুখময়, মানুহৰ আশা- আকাংক্ষা পৰা দুখ উৎত্তি হয়,  আশা- আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তি বাবে অষ্টাংগিক মাৰ্গ বা আঠটা পথ অনুসৰণৰ প্ৰয়োজন আছে। 

সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ বুদ্ধৰ এই বাণীসমূহৰ মৌখিকভাৱে পালি ভাষাৰ প্ৰচাৰ কৰা হৈছিল। বুদ্ধদেৱৰ মৃত্যুৰ পিছত তেওঁৰ শিষ্যসকলে এই বাণীসমূহ সংগ্ৰহ কৰি পুথিৰ আকাৰত প্ৰকাশ কৰিছিল। ইয়াকে ত্ৰিপিটক নামেৰে জনা যায়। ত্ৰিপিটক বৌদ্ধধৰ্মৰ মূল ধৰ্মপুথি। ত্ৰিপিটক পালি ভাষাৰ ৰচিত হৈছিল বৌদ্ধধৰ্মৰ উপাসকসকল পাছলৈ  দুটা ভাগত বিভক্ত হৈছিল। এই ভাগ দুটা হল হীনযান আৰু মহাযান।

* বিনয় পিটক, সত্ত পিটক, অভিধৰ্ম পিটক এই তিনি গ্ৰন্থৰ সমষ্টি হল ত্ৰিপিটক।

* অষ্টাংগিক  মাৰ্গ হল - সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য সৎ আচৰণ, সৎ কৰ্ম, সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ ধ্যান।

বুদ্ধদেৱে তেওঁৰ মতবাদসমূহৰ প্ৰথমে বাৰাণসীৰ ওচৰত সাৰনাথত প্ৰচাৰ কৰে। 

 জানি থওঁ আহাঃ-

বুদ্ধৰদেৱৰ পিতৃ নাম আছিল শুদ্ধোধন আৰু মাতৃৰ নাম আছিল মায়াদেৱী। পত্নীৰ নাম গোপা বা যশোধৰা। যিজোপা আহত গছৰ তলত সিদ্ধাৰ্থই দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপা বোধিদ্ৰুম বৃক্ষ বুলি জনাজাত হৈছিল। গৌতম বুদ্ধৰ জন্ম  বুদ্ধত্বপ্ৰাপ্তি  আৰু মহাপতি নিৰ্বাণ বহাগ মাহৰ পূৰ্ণিমা তিথিতে ঘটিছিল। সেয়েহে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো সমগ্ৰ বিশ্বই বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰি আহিছে। 

জানি থওঁ আহা উত্তৰখিনি ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞানৰ পৰা লোৱা হৈছে। 

 

Sumit Patar ( Morigaon Assam)