ৰিমঝিম ঝিম বৰষুণ পৰিছিল

 

ৰিমঝিম ঝিম বৰষুণ পৰিছিল

মাজে মাজে বিজুলীয়ে নাচিছিল

এনেহেন লাগিছিল য্নে ময়ো এটি

সুৰ হৈ তাতে মিলি যাম ।।

 

ডাৱৰে ডাৱৰে আকাশ ভৰিছিল

বতাহে বতাহে আলোড়ন জাগিছিল

এনেহেন লাগিছিল যেন ময়ো এটি

সুৰ হৈ তাতে মিলি যাম ।।

 

বৃষ্টিমুখৰ হল সন্ধ্যা ধূসৰ

ধুই নিলে অৱসাদ উদাসী মনৰ

প্ৰাণে প্ৰাণে দীপক জ্বলিছিল

ছন্দে ছন্দে তাৰ শিখা কঁপিছিল

এনেহেন লাগিছিল যেন এটি

সুৰ মিলি যাম ।।