হেমচন্দ্ৰ গোস্বামী


হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ১৮৭২ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে। তেওঁৰ পিতৃ-মাতৃৰ নাম ডম্বৰুধৰ গোস্বামী আৰু ঘনকান্তী দেৱী। হেমচন্দ্ৰ গোস্বামীয়ে তিনিটকীয়া বৃত্তি গাৱঁৰ বিদ্যালৰ পৰা লাভ কৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা পাছ কৰে। ইয়াৰ পাছত গোলাঘাটত অন্তৰ্ভুক্ত উইলিয়ামচন মাইনৰ বিদ্যালয়ত নামভৰ্তি হয়। ১৮৮৮ চনত নগাওঁ জিলাৰ চৰকাৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। উচ্চ শিক্ষাৰ বাবে তেওঁ কলিকতালৈ যায়। তাত তেওঁ চাৰি বছৰ পঢ়ি থাকেকিন্তু বি.এ ডিগ্ৰী লাভ নকৰাকৈ গুৱাহাটীলৈ উভতে । হেমচন্দ্ৰ গোস্বামীয়ে ১৮৯৪ চনত সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কিন্তু এক বিশেষ কাৰণত স্কুল কৰ্ত্তৃপক্ষৰ লগত মত বিৰোধ হৈ এই পদ ত্যাগ কৰিব লগীয়া হয়। তেওঁ এডৱাৰ্ড গেইটৰ সহায়ত ১৮৯৫ চনত শ্বিলঙৰ সচিবালয়ত এটা চাকৰি লাভ কৰে। হেমচন্দ্ৰ গোস্বামীয়ে ১৮৮৮ চনত কলকতাত এফ.এ পঢ়ি থকা অৱস্থাতে লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে লগ লাগি 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' প্ৰতিষ্ঠা কৰে। ১৯২৮ টনৰ মে' মাহৰ ২ তাৰিখে হেমচন্দ্ৰ গোস্বামীদেৱৰ গুৱাহাটীৰ নিজ বাসগৃহত মৃত্যু হয়।

Type: Sri Chinmay Kakati.