বহু ৰাতি হ’ল জানা


বহু ৰাতি হ’ল জানা

বহু গান আজি হ’ল গোৱা

ৰাতি পুৱাবলে অলপ সময়

জানা নে নেজানা

মোৰ বাবে চকুলো নুটুকিবা

যোৱাৰ পৰত ক’লো

শোণিতেৰে বুকুত নাম লিখি

আজি দূৰণিলে ওলালো অকলশৰে

অ’ মোৰ লগৰী

বহু ৰাতি...।

 

চাওঁনে নেচাওঁকৈ চোৱা

দেখি কৰুণ মুখখনি

বুকুৱেদি বৈ যাব খোজে

জুই সনা বিষাদ নদী 2

 

যাবলে ওলাই আজি

থমকে কিয় দুভৰি অজানিতে

অ’ মোৰ লগৰী ।

বহু ৰাতি হ’ল জানা...।

 

পৰিলে মনত মোক পাবা

সপোন নদী পাৰতে

সুধিলে খবৰ মোৰ পাবা

তৰা ভৰা আকাশতে 2

জোনাকতে যিমান পোহৰ

সিমান মৰম তোমালে বুকু ভৰি

অ’ মোৰ লগৰী ।

বহু ৰাতি হ’ল ।।