অধ্যায় ২ 

মেকলেৰ প্ৰতিবেদন 

(Macaulay's Minute)

১। মেকলেৰ প্ৰতিবেদন বিষয় চমু বৰ্ণনা কৰা।(Explain Briefly on Macaulay's Minute).

Answer: ১৮১৩ চনৰ চনদৰ ৪৩ নং ধাৰাক লৈ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থী লোকসকলৰ মাজত তুমুল বিবাদ চলি থকাৰ সময়তেই লৰ্ড-মেকলে  ১৮৩৪ চনৰ ১০ জুনত পদাৰ্পণ কৰে । লৰ্ড মেকলে এগৰাকী সাৰ্থক লিখক, পণ্ডিত আৰু বাগ্মী পুৰুষ আছিল । তেওঁক জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল । লগতে তেওঁ গৱৰ্ণৰ জেনেৰেল কাৰ্যবাহী পৰিষদৰ এগৰাকী আইনজ্ঞ আছিল । গতিকে প্ৰাচ্য আৰু পাশ্চাত্যপন্থীসকলৰ মাজত চলা বিবাদখন নিস্পত্তি কৰাৰো দায়িত্ব মেকলেৰ ওপৰত পৰিল ।আৰু ১৮৩৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে মেকলে তেওঁৰ ঐতিহাসিক প্ৰতিবেদনখনত নিজস্ব যুক্তি প্ৰকাশ কৰি বিবাদখন অন্ত পেলায় । মেকলে ১৮১৩ চনৰ চনদৰ ৪৩ নং ধাৰাটোৰ সম্পৰ্কত তেওঁৰ প্ৰতিবেদনত এই বুলি ব্যাখ্যা কৰে যে সাহিত্য শব্দই ইংৰাজী সাহিত্যকে বুজাইছে । আকৌ শিক্ষিত ভাৰীয় বোলোতে সেইসকল লোকক বুজাইছে যিসকল লোকৰ দৰ্শন আৰু মিল্টনৰ কবিতাৰ ওপৰত পাণ্ডিত্য আছে । লগতে বিজ্ঞান শিক্ষাৰ প্ৰৱৰ্তন আৰু উন্নতি সাধনৰ যি কথা কোৱা হৈছে সেয়াও কেৱল সম্ভৱ ইংৰাজী মাধ্যমৰ জৰিয়তেহে । মেকলে এইবুলি ভাবুকি দিছিল যে যদি তেওঁৰ যুক্তিক মানি লোৱা নহয়, তেন্তে ১৮১৩ চনৰ চনদৰ ৪৩ নং ধাৰাটোৱে সংশোধন কৰাৰ প্ৰস্তাৱ দিব । প্ৰাচ্য শিক্ষাৰ অনুষ্ঠানবোৰ চলাই ৰখাৰ বিৰোধী আছিল লৰ্ড মেকলে । তেওঁৰ মতে যিহেতু এই অনুষ্ঠানবোৰে কোনো দৰকাৰী উদ্দেশ্য সাধন কৰিব পৰা নাই, সেইবাবে ইয়াক বন্ধ কৰি দিব লাগে । 

শিক্ষাৰ মাধ্যম সম্পৰ্কত মেকলেই মত দিয়ে যে ইংৰাজী ভাষাই হব আটাইতকৈ বেছি উপযোগী মাধ্যম । আচৰিত কথা এয়ে যে পাচ্যপন্থী আৰু পাশ্চাত্যপন্থী দুয়োটা দলেই শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষাৰ দাবীক একাষৰীয়াকৈ থৈ দিছিল ।  সংস্কৃত, আৰৱী, বা পাৰ্চী কোনো এটা ভাষাতেই মেকলেই অভিজ্ঞ নাছিল । তথাপি তেওঁ এইবুলি কৈছিল যে ভাৰতবৰ্ষৰ আৰু আৰৱৰ সমগ্ৰ কিতাপৰ মূল্য এটা ভাল ইউৰোপীয় পুথিভৰালৰ এথাক কিতাপৰ মূল্যতকৈ কম ।   ইয়াৰ দ্বাৰাই মেকলে তেওঁৰ অজ্ঞতা, অহংকাৰ আৰু দাম্ভিকতাকেই প্ৰকাশ কৰিছে । ইংৰাজী ভাষাৰ সপক্ষে তেওঁ এইবুলি যুক্তি প্ৰকাশ কৰিছিল যে ই হৈছে শাসকগোষ্ঠীৰ ভাষা । গোটেই প্ৰাচ্যত ই বাণিজ্যিক ভাষা হিচাপে পৰিগণিত হৈছে । ইংৰাজী ভাষাই ভাৰতবৰ্ষৰ ঐক্যবদ্ধতাত সহায় কৰিব । 

২। ভাৰতীয় শিক্ষালৈ মেকলে আগবঢ়োৱা অৰিহণাৰ বিষয় চমুকৈ আলোচনা কৰা।(Discuss briefly about the contributions of lord Macauly to India Education)

Answer:  ভাৰতীয় শিক্ষাৰ ইতিহাসত মেকলেই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে । কিয়নো মেকলেৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে ভাৰতবৰ্ষৰ শিক্ষানীতিয়ে এটা নিৰ্দিষ্ট গঢ় লবলৈ সক্ষম হৈছিল । কিন্তু শিক্ষাৰ ক্ষেত্ৰত লোৱা মেকলেৰ ভূমিকাক জনসাধাৰণে বিভিন্ন ধৰণে সমালোচনা কৰা দেখা যায় । কিছুমানলোকে মেকলেক ভাৰতীয় শিক্ষাৰ বাটকটীয়া বুলি কৈছে । আনহাতে  কিছুমানে আকৌ ভাৰতবৰ্ষৰ দাসত্বৰ বাবে তেওঁকে জগৰীয়া কৰিছে । কিন্তু ইয়াৰ কোনো এটা মতেই পক্ষপাতশূন্য নহয় । লৰ্ড মেকলে ভাৰতীয় শিক্ষাৰ জোৰ জ্বলাওতা বা বাটকটীয়া হবই নোৱাৰে । কিয়নো ১৮৩৪ চনত তেওঁৰ ভাৰতলৈ আগমন হোৱাৰ পূৰ্বেই ভাৰতীয় শিক্ষাত যথেষ্ট উন্নতি পৰিলক্ষিত হৈছিল । দেশীয় শিক্ষাৰ পশ্চিমীয়াকৰণৰ ব্যৱস্থা, ভাৰতবৰ্ষত মিছনেৰীসকলৰ কাৰ্যাৱলীৰ লগতে আৰম্ভ হৈছিল । ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত এদল শিক্ষিত ভাৰতীয়ই পশ্চিমীয়া শিক্ষা গ্ৰহণৰ মত প্ৰকাশ কৰিছিল । ফলস্বৰূপে জনসাধাৰণৰ ইংৰাজী শিক্ষাৰ প্ৰতি ধাউতি বাঢ়িছিল । তদুপৰি মেকলে অহাৰ পূৰ্বৰে পৰা জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিতিত পাশ্চাত্যপন্থীসকল আছিলেই । অৱশ্যে এটা কথা ঠিক যে মেকলেৰ যুক্তিয়ে চৰকাৰক পুনৰ বিলম্ব নকৰাকৈ শিক্ষানীতি ঘোষণা কৰাত সহায় কৰিছিল ।  একেসময়তে মেকলেই দেশৰ ক্ষতিসাধন  কৰিছে বুলি অভিযোগ কৰা হৈছিল । দেশীয় ভাষাসমূহৰ অৱমাননা কৰা বুলি কিছুমানে তেওঁক দায়ী কৰিছিল । স্বীকাৰ কৰিব লাগিব যে তেওঁ দেশীয় ভাষাবোৰক অনুন্নত,বৰ্বৰ, দৰিদ্ৰ বুলি তিৰস্কাৰ কৰিছিল । কিন্তু ইয়াৰ উন্নতিৰ পথত অন্তৰায় হোৱা নাছিল । জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিতিৰ প্ৰতিবেদনতো যাৰ সভাপতি আছিল লৰ্ড মেকলে ।

গতিকে দেশীয় ভাষাসমূহৰ ক্ষেত্ৰত অন্যায় সাধন কৰিছে বুলি মেকলেক দোষাৰোপ কৰিব নোৱাৰি । আচলতে প্ৰাাচ্যৰ ধৰ্ম-সংস্কৃতিক তীব্ৰভাৱে তিৰস্কাৰ কৰাৰ কাৰণে মেকলেক এইদৰে জগৰীয়া কৰা হৈছিল । মেকলেই ভাৰতীয় শিক্ষা, দৰ্শন, ধৰ্ম আৰু সাহিত্যক বিদ্ৰুপ কৰিছিল । কিন্তু তেওঁ নিজেই আছিল 

সম্পূৰ্ণ মুৰ্খ যিয়ে ভাৰতীয় দৰ্শন অথবা সাহিত্য সম্পৰ্কে একোকে নাজানিছিল । মেকলেই ভাৰতীয় সাহিত্য -সংস্কৃতি সম্বন্ধে একপক্ষীয়ভাৱে কিছুমান পূৰ্বধাৰণা লৈ ভাৰতলৈ আহিছিল । ভাৰতীয় সাহিত্য সম্বন্ধে কোনো অধ্যয়ন নকৰাকৈ মেকলেই ইয়াৰ মূল ইউৰোপীয় পুথিভৰালৰ এথাক কিতাপৰ সমান বুলি কৈ নিজৰ অভিজ্ঞতাৰ পৰিচয় দিছিল । 

৩। লৰ্ড মেকলে কোন আছিল? তেওঁ প্ৰাচ্য-পাশ্চাত্যৰ বাদানুবাদত কি ভূমিকা লৈছিল।(Who Was Lord Macaulay? What part he played in the Aglicist classicist controversy?)

Answer:

৪। টোকা লিখা (Write notes on):

ক। মেকলেৰ প্ৰতিবেদন (Macaulay's Minute)

Answer:

খ। নিম্নমুখী পৰিস্ৰাৱন নীতি (Down ward filtration theory)

Answer: শিক্ষা বিস্তাৰৰ পদ্ধতি সম্পৰ্কত মেকলেৰ মত হল ভাৰতবৰ্ষত এনে এচাম লোকৰ সৃষ্টি কৰিব লাগিব । যিসকল বৃটিছ শাসক আৰু কোটি কোটি প্ৰজাৰ মধ্যস্থতাকাৰীৰূপে অৱৰ্তীণ হব । এইসকল ভাৰতীয় তেজমঙহৰ হব কিন্তু তেওঁলোক ৰুচি, মতামত, নৈতিকতা আৰু বৌদ্ধিক ক্ষেত্ৰত ইংৰাজৰ লেখিয়া হব । এইসকল লোকেই শিক্ষিত হৈ পশ্চিমীয়া সাহিত্যৰ দ্বাৰা নিজৰ উপভাষাসমূহক চহকী কৰি তেওঁলোকৰ বৃহত্তৰ জনগণক শিক্ষা দিয়াৰ দায়িত্ব বহন কৰিব পাৰিব । মেকলেৰ এই পদ্ধতিটোক নিম্নমুখী পৰিশ্ৰাৱণ নীতি হিচাপে জনা যায় । পৰিশ্ৰাৱণৰ অৰ্থ হল শোধন হোৱা । শোষণ পাত্ৰত পানী যেনেকৈ ওপৰৰ পৰা তললৈ নিগৰি নিগৰি শেষত আটাইখিনি পানীয়েই শোষণ হয় ঠিক তেনেদৰে মেকলেৰ এই শিক্ষা পদ্ধতিত শিক্ষাও ওপৰ শ্ৰেণীৰ লোকৰ পৰা তলৰ শ্ৰেণীলৈ নিগৰি পৰিব আৰু এইদৰে ভাৰতৰ সকলো লোকেই এদিন শিক্ষিত হব । মেকলেই আৰু আশা কৰিছিল যে তেওঁলোকৰ এই সু-শিক্ষাৰ বাবে এনে এটা দিন আহিব, যিদিনা নেকি ভাৰতবাসীয়ে ইউৰোপীয় শিক্ষানুষ্ঠানৰ দাবী কৰিব । আচলতে মেকলেই এমুঠিমান ভাৰতীয় বুদ্ধিজীৱীৰ জৰিয়তে ভাৰতীয় শিক্ষা-ব্যৱস্থাক পশ্চিমীয়াকৰণৰ চেষ্টা কৰিছিল । 

ধৰ্ম আৰু আইনৰ ভাষা হিচাপে সংস্কৃত আৰু আৰৱী অধ্যয়ন সম্পৰ্কত তেওঁ কয় যে চৰকাৰৰ পক্ষে উত্তম উপায় হব হিন্দু আৰু মুছলমান উভয় আইনকে ইংৰাজী ভাষাত আইনভূক্ত কৰা । ধৰ্ম সম্পৰ্কত মেকলেই কঠোৰ ধৰ্ম নিৰপেক্ষতা নীতি গ্ৰহণ কৰিছিল আৰু ভাৰতীয় জনগণৰ ধৰ্মীয় বিষয়ত হস্তক্ষেপ কৰাৰ ইচ্ছা কৰা নাছিল । 

Author_ Ali rani Kakati  (Ba in History Major) 

Hirak Jyoti Bora