মহেন্দ্ৰ সিং ধোনী

মহেন্দ্ৰ সিং ধোনী

মহেন্দ্ৰ সিং ধোনীঃ  ১৯৮১ চনৰ ৭ জুলাই তাৰিখে মহেন্দ্ৰ সিং ধনীৰ জন্ম হেছিল। ২০১১ চনৰ ২ এপ্ৰিল তাৰিখে তেওঁ সহযোগৰ ভাৰতীয় ক্ৰিকেত তিমৰ বীজয়ী হৈছিল। তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল। তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ মিডল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক। সীমিট অ’ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisher সকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনিয়া আন্তৰ্জাতিক ক্ৰিকেটৰ তেওঁ নিজকে প্ৰকাশ কৰে আৰু তাৰ এবছৰৰ পাছতে শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ টেষ্ট অভিষেক ঘটিছিল। ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধনীৰ বহুকেইটা অভিলেখ আছে। ইয়াৰ ভিতৰত সকলোতকৈ সৰ্বাধিক টেষ্ট আৰু এদিনীয়া জয়লাভ কৰা ভাৰতীয় অধিনায়ক আৰু এদিনীয়াত একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ অভিলেখ উল্লেখযোগ্য আছিলে। ২০০৭ চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া একেলেথাৰিয়ে সৰ্বাধিক জয়লাভ কৰা ভাৰতীয় অধিনায়কৰ উল্লেখযোগ্য। ২০০৭ চনত তেওঁ ৰাহুল দ্ৰাবিড়ৰ পৰা এদিনীয়া দলৰ অধিনায়কত্ব লাভ কৰে আৰু ভাৰতে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ড আৰু শ্ৰীলংকা মাটিত দ্বি-দেশীয় শৃংখলাত বিজয় সাব্যস্ত কৰে। তেওঁৰ নেতৃত্বত ভাৰতে বিভিন্ন বিশ্বকাপত বিজয়ী হৈ আই চি চি চেম্পয়নছ ট্ৰফীত বিজয় লাভ কৰিছিল।২০১১ চনত বিশ্বকাপৰ ফাইনেলত ধোনিয়ে ৭৯ টা বলত অপৰাজিত ৯১ টা ৰাণ কৰি ভাৰতক জিকাত প্ৰচুৰ উৎসাহ যোগাই আৰু ইয়াৰ বাবে ফাইনেলৰ ‘মেন অৱ দ্য মেচ’ ঘোষিত হৈছিল।২০১৩ চনৰ জুন মাহত চেম্পিয়ছ ট্ৰফীৰ ফাইনেলত ভাৰতে ইংলেণ্ডক হৰুৱাৰ লগে লগে ধোনী আই চি চিৰ তিনিওটা ট্ৰফী (বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী আৰু টুৱেন্টি২০ বিশ্বকাপ) বিজয় কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছিল। ২০০৮ চনত তেওঁ টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বৰ ভাৰতে নিউজিলেণ্ডত আৰু বেষ্ট ইণ্ডিজত হোৱা ছিৰজিত জয়লাভ কৰে আৰু ২০০৮, ২০১০ আৰু ২০১৩ চনত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে।২০০৯ চনত ভাৰতে প্ৰথমবাৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰে।২০১৩ চনত ধোনিৰ নেতৃত্বৰ ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া হোৱাইট ৱাশ্বৰ সন্মুখীন হয়।চল্লিছ বছৰতকৈও অধিক বছৰৰ পাছত অষ্ট্ৰেলিয়া কোনো দলৰ হাতত হোৱাইটৱাশ্বৰ মুখামুখি হয়। তেওঁৰ অধিনায়কত্বত চেন্নাই ছুপাৰ কিংছ দলে ২০১০ আৰু ২০১১ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত আৰু ২০১০ আৰু ২০১৪ চনৰ চেম্পিয়নছ লীগত খিতাপ জয় কৰে।২০১৪ চনৰ ডিচেম্বৰ মাহত তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ধোনি পূৰ্বে এয়াৰ ইণ্ডিয়াত কৰ্মৰত আছিলে। তেওঁ ইণ্ডিয়া চিমেন্টছ লিমিটেডৰ উপ সভাপতি আছিল। ইণ্ডিয়া চিমেণ্ট্‌ছ হ'ল চেন্নাই ছুপাৰ কিংছ দলৰ স্বত্বাধিকাৰী আৰু আই পি এলৰ প্ৰথম বৰ্ষৰপৰাই ধোনি এই দলৰ অধিনায়ক হৈ আছে। ইণ্ডিয়ান ছুপাৰ লীগৰ দল চেন্নায়িন এফ চিৰ তেওঁ সহ-স্বত্বাধিকাৰী। ধোনীয়ে ২০০৮ আৰু ২০০৯ চনত চনত আই চি চি বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা, ২০০৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আৰু ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পন্মশ্ৰী লাভ কৰিছিল। ২০০৯ চনৰ বাবে তেওঁ আই চি চি বিশ্ব টেষ্ট একাদশ আৰু আই চি চি বিশ্ব এদিনীয়া একাদশৰ অধিনায়ক ঘোষিত হৈছিল। ২০১১ চনৰ ১ নৱেম্বৰত ভৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেন্ট কৰ্ণেল ৰেংকপ্ৰদান কৰে। কপিল দেৱৰ পাছতেই এই সন্মান লাভ কৰা তেওঁ দ্বিতীয় ভাৰতীয় ক্ৰিকেটাৰ। ২০১৪ চনৰ জুনত ফ'ৰ্ব্‌ছ আলোচনীয়ে 'সৰ্বাধিক মাননী লাভ কৰা এথলীট'ৰ তালিকাত ধোনিক ২২ নং স্থানত ৰাখে। ২০১১ চনত টাইম আলোচনীয়ে ইয়াৰ বাৰ্ষিক 'টাইম ১০০' তালিকাত বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে ধোনিক স্থান দিয়ে। স্প'ৰ্ট্‌ছপ্ৰ' আলোচনীয়ে ২০১২ চনত ধোনিক বিশ্বৰ 'ব্যৱসায়যোগ্য (marketable) এথলীট'ৰ তালিকাত ১৬ নং স্থানত ৰাখে বিশ্বৰ সৰ্বাধিক প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে ধোনিক স্থান দিয়ে। স্প'ৰ্ট্ছপ্ৰ' আলোচনীয়ে ২০১২ চনত ধোনিক বিশ্বৰ 'ব্যৱসায়যোগ্য (marketable) এথলীট'ৰ তালিকাত ১৬ নং স্থানত ৰাখিছে।

        Edit

শ্ৰী হিৰক জ্য়োতি বৰা

        Type

শ্ৰী অংকুৰ ৰাজ ডেকা

 

তৰ্থ্য সংগ্ৰহ 

Wikipedia