UNIT-3 

গুপ্তৰ পৰবৰ্তী যুগ 

( Post Gupta period ) 

1. Long Questions : 

i) Discuss the political condition of North- India on the eve of the rise of Vardhana Dynasty . (বৰ্ধন ৰাজবংশৰ উত্থানৰ প্ৰাকমুহূৰ্তত উত্তৰ-ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে চমুকৈ লিখাঁ) 

উত্তৰঃ- অতীতৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা প্ৰধান ঘটনা আছিল কেন্দ্ৰীয়কৰণ শক্তিৰ মাজত উদ্ভৱ হোৱা দন্দ্ব-সংঘাট । এই সংঘাটৰ ফলতেই বহুতো শক্তিশালী ৰাজ্য ভাঙি খণ্ড-বিখণ্ড হৈ পৰিছিল । খ্ৰীঃ দ্বিতীয় শতিকাৰ শেষৰ পৰা ষষ্ঠ শতিকাৰ

 মাজভাগলৈ বিশাল শক্তিৰ অধিকাৰী হৈ গৌৰৱেৰে ৰাজ্য শাসন কৰা গুপ্ত   সাম্ৰাজ্য পুনৰ বিভাজন হৈ পৰিছিল । গুপ্ত সাম্ৰাজ্য পতন হোৱাৰ লগে-লগে উত্তৰ ভাৰত ৰাজনৈতিকভাৱে খণ্ডন হৈ পৰিছিল । পুনৰ আগৰ অৱস্থাৰ ৰূপ পাইছিল গুপ্ত সাম্ৰাজ্যয়ে । স্বাধীনতা ঘোষণা কৰা যিসমূহ ৰাজ্য আছিল সেই ৰাজ্যসমূহে নিজৰ অধিকাৰ লাভৰ বাবে বহুতো সংঘৰ্ষত লিপ্ত হৈ পৰিছিল । ইত্তৰ ভাৰতত স্বাধীনতা ঘোষণা কৰা বেছিভাগ ৰাজ্যয়েই আছিল গুপ্ত সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত । এই সাম্ৰাজ্যসমূহৰ ভিতৰত শক্তিশালী স্থান লাভ কৰি নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰা ৰাজ্যখন আছিল থানেশ্বৰ ৰাজ্য । হৰ্ষবদ্ধনৰ অধীনত পূষ্যভূতি নামৰ যি বংশই উত্তৰ ভাৰতত সপ্তম শতিকাৰ আৰম্ভণিতে ৰাজনৈতিক ঐক্য স্থাপন কৰিবলৈ সক্ষম হৈছিল । ষষ্ঠ শতিকাৰ মাজভাগত গুপ্ত সাম্ৰাজ্যৰ অস্থিৰতাৰ সুযোগ লৈ গুৰ্জাৰসকলে ৰাজপুটনাত ৰাজনৈতিক কতৃত্ব প্ৰতিষ্ঠা কৰিছিল । গুৰ্জাৰসকলৰ নামেৰেই ৰাজ্যখনৰ নাম গুজৰাট  ৰখা হৈছিল । গোটেই পঞ্জাৱত তেওঁলোক সিচৰতি হৈ পৰিছিল । ৰাজস্থানৰ যোধপুৰ অঞ্চলত প্ৰথমজন ৰজা আছিল হৰিচন্দ্ৰ । ৰজা হৰিচন্দ্ৰই গুজৰাট ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । হৰিচন্দ্ৰৰ বংশধৰসকলক প্ৰতিহাৰ নামেৰে জনা যায় । ৰজা হৰিচন্দ্ৰ নাতি ভগদত্ত এজন বিখ্যাত ৰজা আছিল । 

ভাৰতলৈ হুনসকলৰ পদাপৰ্ণ হৈছে গুপ্ত সাম্ৰাজ্যৰ পতন হোৱাৰ এটা প্ৰধান কাৰণ । মধ্য এচিয়াৰ পৰা প্ৰব্ৰজন হৈ অহা অত্যাচাৰী, হুনসকলে ভাৰতবৰ্ষত সন্ত্ৰাসৰ সৃষ্টি কৰি পেলাইছিল । প্ৰথম কুমাৰ গুপ্তৰ ৰাজত্বকালত হুনসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰি ৰাজকুমাৰ স্কন্দগুপ্তৰ হাতত পৰাজিত হৈ পৰিছিল । ইৰাণৰ এখন লিপিৰ মতে হুনসকলৰ নেতা টোৰমানে মালৱৰ এটা অংশ দখল কৰিছিল আৰু মন্ত্ৰীবিষ্ণুক মালৱৰ গৱৰ্ণৰৰূপে কামত নিযুক্ত কৰিছিল । টোৰমানৰ উত্তৰাধিকাৰী মিহিৰকুল অতি অত্যাচাৰী আৰু ৰক্তপিপাসু আছিল ।  মিহিৰকুলে গুপ্ত সাম্ৰাজ্যৰ ভিতৰত প্ৰৱেশ কৰিছিল । হিউৱেন চাঙৰ মতে তেওঁ বৌদ্ধধৰ্মীসকলৰ ডাঙৰ শত্ৰু আছিল আৰু অসংখ্য বৌদ্ধ মঠ ধ্বংস কৰিছিল । উত্তৰ ভাৰতত দীৰ্ধদিনৰ বাবে মৌখৰীসকলে গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছিল । মৌখৰীসকলৰ বহুতো ৰজাই মহা সেনাপতি উপাধি গ্ৰহণ কৰা বুলি কোটহ নামৰ ৰাজ্যখনত উদ্ধাৰ হোৱা তিনিখন শিলালিপিৰ পৰা জনা গৈছে । 

বৰাবৰ আৰু নাগাৰ্জুনী পাহাৰৰ শিলালিপিত সম্ভৱত গুপ্ত ৰাজ্যৰ তিনিজন সামন্তৰ নাম উল্লেখ কৰা যায় 

ii) Dissuss the main sources of the reign of Harshavardhana .(হৰ্ষবৰ্ধনৰ ৰাজত্বকালৰ মুখ্য উৎসবোৰৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- উত্তৰ ভাৰতৰ শেষৰজন হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ ইতিহাস নিৰ্মাণ কৰিবলৈ বহুতো সমলৰ তথ্য পোৱা যায় । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ বিষয়ে তথ্যৰ যোগান ধৰা সমলসমূহ হল 

ক) হিউৱেন চাঙৰ টোকা ।

খ) বাণভট্টৰ হৰ্ষচৰিত ।

গ) শিলালিপি ।

ঘ) মুদ্ৰা আৰু মোহৰ 

ঙ) হৰ্ষবৰ্দ্ধনৰ ৰচনাৱলী 

ক) হিউৱেন চাঙৰ টোকা ঃ চীনদেশৰ পৰৰিব্ৰাজক হিউৱেন চাং ৬৩০ খ্ৰীঃত  ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আহিছিল । তেওঁ হৰ্ষবৰ্দ্ধনৰ ৰাজসভাত প্ৰায় আঠবছৰ কাল অতিবাহিত কৰিছিল । তেওঁ ভাৰতবৰ্ষত থকা সময়খিনিতে বৌদ্ধ ধৰ্মৰ লগত জড়িত হৈ থকা প্ৰায়বোৰ পবিত্ৰ ঠাই ভ্ৰমণ কৰিছিল । তেওঁ বৌদ্ধ ধৰ্মৰ কেন্দ্ৰস্থল নালন্দা বিশ্ববিদ্যালয়ত বহুদিন কটাইছিল । হিউৱেন চাঙে ভাৰতবৰ্ষ বৃত্তান্তৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম হল চি.ইউ. কি । তেওঁৰ েই গ্ৰন্থখনত হৰ্ষবৰ্দ্ধনৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ধৰ্মীয় আৰু আৰ্থ-সামাজিক জীৱনৰ বিষয়ে বহুতো নজনা তথ্য জনা যায় । 

খ) বাণভট্টৰ হৰ্ষচৰিতঃ  বাণভট্ট নামৰ এজন লিখকে হৰ্ষচৰিত গ্ৰন্থখন ৰচনা কৰিছিল । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ এটা অতি মূল্যবান উপাদান হল বাণভট্টৰ হৰ্ষচৰিত । বাণভট্ট হৰ্ষবৰ্দ্ধন ৰজাৰ ৰাজসভাৰ এজন বিখ্যাত কবি-সাহিত্যিক আছিল । এই গ্ৰন্থখনতে কবি বাণভট্টই প্ৰথমটো অধ্যায়ত  হৰ্ষবৰ্দ্ধন আৰু তেোঁৰ জীৱন-কাহিনী আৰু পৰিয়ালৰ বিষয়ে উল্লেখ কৰিছে । বাণভট্টয়ে হৰ্ষবৰ্দ্ধনৰ বিজয় ্অভিযান আৰু বিভিন্ন ধৰ্ম সম্প্ৰদায়সমূহৰ তথ্যও কৰিছে । 

গ) শিলালিপি ঃ হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ ইতিহাস শিলালিপিৰ পৰাও উল্লেখ কৰিব পাৰি । মধুবৰ শিলালিপিত হৰ্ষবৰ্দ্ধনৰ বংশ পৰিচয় আৰু আ আন বহুতো ৰজাৰ বিৱৰণ পোৱা যায় । সোণপাট শিলালিপিৰ মতে এই বংশৰ বহুতো ৰজাৰ ৰাজত্বকালৰ , ৰজাসকলৰ নাম আৰু সময় অনুসৰি উল্লেখ কৰা আছে । বনখেৰা শিলালিপিৰ মতে হৰ্ষবৰ্দ্ধন এজন সুদক্ষ ৰজায়ে নাছিল তেওঁ এজন প্ৰখ্যাত চিত্ৰশিল্পীও আছিল । দাক্ষিণাত্যৰ ৰজা দ্বিতীয় পুলকেশীৰ শিলালিপিখনৰ পৰা হৰ্ষবৰ্দ্ধনৰ দক্ষিণ  ভাৰত অভিযানৰ বিৱৰণীৰ বিষয়ে পোৱা যায় ।

ঘ) মুদ্ৰা আৰু মোহৰঃ হৰ্ষবৰ্দ্ধনে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে প্ৰয়াগ আৰু কনৌজত দুখন বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল । এই মহামেলত তেওঁ দুখীয়া আৰু ভিক্ষুসকলৰ মাজত মূল্যৱান ধাতুৰ লগতে হাজাৰ হাজাৰ মুদ্ৰা বিতৰণ কৰি দিছিল দুখীয়া লোকসকলৰ কাৰণে ।

এই মুদ্ৰাসমূহৰ পৰা ৰজাৰ নাম, ৰাজত্বকালছোৱাৰ সময়, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা আদিৰ বিষয়ে জানিব পাৰি । এইসমূহৰ উপৰিও নটা শ্ৰী প্ৰতাপশিলাৰ , ২৮৪ টা শ্ৰী শিলাদিত্যৰ আৰু এটা হৰ্ষবৰ্দ্ধনৰ সোণৰ মুদ্ৰা আছিল ।  মুদ্ৰাত অশ্বাৰোহীৰ ৰূপত হৰ্ষক দেখুওৱা হৈছে । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ দুটা মোহৰ উদ্ধাৰ কৰা হৈছে । ইয়াৰে সোণপাট তামৰ মোহৰৰ ওপৰ অংশটোত এটা ষাড়গৰুৰ চিহ্ম অংকন কৰা হৈছে । 

ঙ) হৰ্ষবৰ্দ্ধনৰ ৰচনাৱলী ঃ ইটসিঙ নামৰ এজন পণ্ডিতৰ মতে হৰ্ষবৰ্দ্ধন এজন বিদ্বান লোক আছিল । গৌতম বুদ্ধৰ পূৰ্ব জীৱন কাহিনী সম্বলিত পাচশ কবিতাৰে তেও জাতক মালা ৰচনা কৰিছিল । তেওঁ ৰজাৰ লগতে এজন সুদক্ষ কবি-সাহিত্যিকো আছিল । তেওঁ তিনিখন নাটক ৰচনা কৰিছিল । সেই নাটক কেইখন হল ৰত্নাৱলী, নাগানন্দ, আৰু প্ৰিয়দৰ্শিকা । 

iii) Describe the Career and Achievements of Harshavardhana ? (হৰ্ষবৰ্ধনৰ কেৰিয়াৰ আৰু কৃতিত্ববৰ্ণনাৰ বিষয়ে আলোচনা কৰাঁ ) 

উত্তৰঃ- হৰ্ষবৰ্দ্ধনে ৬০৬ খ্ৰীঃত থানেশ্বৰৰ সিংহাসনত অধিষ্ঠিত হৈছিল বা বহিছিল । হৰ্ষবৰ্দ্ধনে সেই বছৰৰ পৰাই হৰ্ষাব্দ নামৰ এটা নতুন যুগৰ প্ৰচলন কৰিছিল । বাণৰ হৰ্ষচৰিত গ্ৰন্থৰ নিৰ্দেশমতে হৰ্ষবৰ্দ্ধনে কোনো ধৰণৰ ভয় শংকা নকৰাকৈ থানেশ্বৰ ৰাজ্যৰ সাৰ্বভৌমত্ব অক্ষুন্ন কৰি ৰাখিবলৈ আগবাঢ়িছিল । হিউৱেন চাঙে লিখা টোকাৰ মতে হৰ্ষবৰ্দ্ধনে একেসময়তে কনৌজৰ শাসনভাৰ গ্ৰহণ কৰিব লগা হৈছিল । মালৱ ৰাজ্যৰ ৰজা দেৱগুপ্তৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবে তেওঁৰ মৃত্যু হোৱাৰ পাছত মালৱৰ ৰাজ সিংহাসন পূৰ কৰিবৰ কাৰণে মালৱ ৰাজ্যৰ জেষ্ঠ মন্ত্ৰী ভান্দী বা পোনিৰ পৰামৰ্শ অনুসৰি হৰ্ষবৰ্দ্ধনক মালৱৰ সিংহাসন গ্ৰহণ কৰিবলৈ নিয়ন্ত্ৰণ কৰা হৈছিল । ৰজা হৰ্ষবৰ্দ্ধনে প্ৰথমতে এই নিমন্ত্ৰণ গ্ৰহণ কৰা নাছিল যদিও পিছত তেওঁ অৱালোকিতেশ্বৰৰ পৰামৰ্শ অনুসৰি মালৱ ৰাজ্যৰ দায়িত্ব লবলৈ মান্তি হৈ গৈছিল । ্হৰ্ষবৰ্ধন ৰাজসিংহাসনত উঠাৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হব লগা হৈছিল । ৰজা হোৱাৰ পিছতেই তেওঁৰ প্ৰথম আৰু প্ৰধান কামটো আছিল ভনীয়েক ৰাজ্যশ্ৰীক শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰা । হৰ্ষবৰ্দ্ধনে দিগ্বীজয়ৰ প্ৰথমটো অভিযান আৰম্ভ কৰিছিল গৌড়ৰ ৰজা শংশাকৰ বিৰুদ্ধে । সেই সময়তে হৰ্ষবৰ্ধনে কামৰূপৰ শক্তিশালী ৰজা কুমাৰ ভাস্কৰ বৰ্মৰ পৰা বন্ধুত্বৰ প্ৰস্তাৱ লাভ কৰিছিল । ভাস্কৰ বৰ্মনে হংসবেগ নামৰ কটকী এজনৰ হাতত বহুতো মূল্যবান উপহাৰ আৰু সামগ্ৰী বন্ধুত্বৰ প্ৰস্তাৱ লৈ হৰ্ষবৰ্ধনৰ ৰাজসভাত উপস্থিত হৈছিল । ৰজা ভাস্কৰ বৰ্মনে আগবঢ়োৱা বন্ধুত্বৰ প্ৰস্থাৱ হৰ্ষবৰ্দ্ধন ৰজাই বৰ আগ্ৰহৰে গ্ৰহণ কৰিছিল । আৰ.ডি, বেনাৰ্জীৰ মতে গৌড়ৰ ৰজা শংশাকৰ সৈতে পুৰণি শত্ৰুতা নথকা হোৱাহেতেন হৰ্ষবৰ্ধনে এজন বহু দুৰত্বৰ ৰজাৰ সৈতে বন্ধুত্ব স্থাপন নকৰিলেহেতেন । কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে প্ৰতিবেশী সীমান্তৱৰ্তী ৰাজ্য শশংকক আক্ৰমণ কৰাৰ সুযোগ বিছাৰি আছিল । সেইকাৰণে শশাংক আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু ৰজা হৰ্ষবদ্ধনৰ উমৈহতীয়া শত্ৰু আছিল । 

হৰ্ষবৰ্ধন এজন সুদক্ষ যোদ্ধা নাছিল লগতে তেওঁ আছিল এজন সুদক্ষ ৰাজনীতিবিদ আৰু কুটনীতিবিদ । হিউৱেন চাং আৰু বৌদ্ধ সন্ন্যাসী তাৰানাথৰ বৰ্ণনাটোৰ পৰা জনা যায় যে হৰ্ষবৰ্দ্ধনে চীন আৰু পাৰ্চীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল । এই দুয়োখন ৰাজ্যৰ মাজতে দূত আৰু মূল্যবান উপহাৰ আদান-প্ৰদান হৈছিল । ৰজা হৰ্ষবৰ্ধ্ধনে পাৰ্চীয়াসকলৰ সৈতে ৰাজনৈতিক সম্পৰ্কও স্থাপন কৰিছিল । হৰ্ষবৰ্দ্ধন ৰজাক গোটেই উত্তৰ-ভাৰতৰ অধীশ্বৰ বুলি কোৱা হয় । হিমালয় পৰ্বতৰ পৰা বিন্ধ্য পৰ্বতলৈকে সমগ্ৰ অঞ্চলটোৰ অধিপতি আছিল । তেওঁৰ সাম্ৰাজ্য উত্তৰে বৰফময় পৰ্বতৰ পৰা হৰ্ষৰ শত্ৰু চালুক্য ৰজাই গোটেই উত্তৰাপথটো হৰ্ষৰ অধীন বুলি মানি লৈছিল । 


iv) What were the contributions of Harsha to literature And Culture ?( সাহিত্য আৰু সংস্কৃতিলৈ  হৰ্ষৰ অৱদান কি আছিল লিখাঁ ) 

উত্তৰঃ-  ৰজা হৰ্ষবৰ্দ্ধন উত্তৰ ভাৰতৰ শেষৰজন হিন্দু সম্ৰাট আছিল । হৰ্ষবৰ্দ্ধন এজন সুদক্ষ প্ৰশাসক আৰু যোদ্ধাৰো হোৱাৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দিশটোৰ উন্নয়নৰ বাবে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল । ৰজা হৰ্ষবৰ্দ্ধনে কনৌজ আৰু থানেশৰৰ মাজত ৰাজনৈতিক ঐক্য সাধন আৰু ইয়াৰ ফলত দুয়োখন ৰাজ্যৰ সংস্কৃতিৰ আদান-প্ৰদান হৈছিল । তেওঁৰ সুস্থ প্ৰশাসন ব্যৱস্থাৰ ফলত প্ৰজাই শান্তি-সমৃদ্ধিৰে জীৱন-যাপন কৰাৰ সুযোগ লাভ কৰিছিল । ইয়াৰ ফলত ৰাজ্যখনৰ অৰ্থনৈতিক, ধৰ্মীয়, ৰাজনৈতিক, সামাজিক, শিল্পকলা আদি সকলো দিশৰে উন্নতি সাধন হৈছিল । সেইকাৰণে আৰ.এছ ত্ৰিপাঠী নামৰ এজন পণ্ডিতে মন্তব্য কৰি কৈছিল যে হৰ্ষবৰ্দ্ধনে যুদ্ধৰ ক্ষেত্ৰৰ লাভ কৰা কৃতিত্বতকৈ শিল্প সাহিত্যৰ দিশত অৰ্জন কৰা বা লাভ কৰা কৃতিত্বহে স্থায়ী আছিল । সম্ৰাট অশোকে যেনেকৈ ধৰ্ম আৰু সংস্কৃতিৰ জগতখনত নামি পৰিছিল ঠিক তেনেকৈ ৰজা হৰ্ষবৰ্দ্ধনে ধৰ্ম আৰু সংস্কৃতিৰ জগতখনৰ স্থান আছিল অতিকৈ ওপৰত । হৰ্ষবৰ্দ্ধনে প্ৰজাসকলৰ নৈতিক আৰু উন্নতিৰ ৰকাৰণে বহুতো জনকল্যাণমূলক আচনি গ্ৰহণ কৰিছিল । ধৰ্মৰ ক্ষেত্ৰত ৰজা হৰ্ষবৰ্দ্ধনৰ পৰিয়ালটো বৰ উদাৰ আছিল । তেওঁৰ পূৰ্বপুৰুষসকল আছিল সূৰ্য্যদেৱতাৰ উপাসক আছিল । আনহাতে বানখেৰা আৰু মধুবন শিলালিপিৰ মতে হৰ্ষবৰ্দ্ধন তেোঁৰ ৰাজত্বকালৰ ২৫ বছৰলৈ শিৱভক্ত আছিল । তেওঁৰ ৰাজত্বৰ শেষৰফালে চীনা পৰিব্ৰাজক হিউৱেন চাং আৰু বৌদ্ধধৰ্মী ভগ্নী ৰাজ্যশ্ৰীৰ প্ৰভাৱত তেওঁ বৌদ্ধধৰ্মৰ পিনে ঢাপলি মেলিছিল । সম্ৰাট হৰ্ষৱে সূৰ্য্য, শিৱ আৰু বৌদ্ধ তিনিওটা ধৰ্মৰ প্ৰিয় হবলৈ ৰাজকীয় সহায় আগবঢ়াইছিল । অবশ্যে তেোওঁ মহাযান ধৰ্মৰ প্ৰতিহে অতিকৈ আগ্ৰহী আছিল । তেওঁ সকলো ধৰ্মৰ বিকাশৰ বাবে বিভিন্ন ধৰ্মাৱলম্বী পণ্ডিতৰ মাজত আলোচনাৰ বাবে অনুপ্ৰেৰণা যোগাই আছিল । মৌখৰী বংশৰ সময়ত কনৌজৰ সমৃদ্ধি আৰু গুৰুত্ব বৃদ্ধি পাই আহিছিল । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকাল সময়ছোৱাত ইয়াৰ বিকাশ আৰু শ্ৰী বৃদ্ধি এনেদৰে বাঢ়িছিল যে মগধৰ পুৰণি ৰাজধানী পাটলিপুত্ৰক অতিক্ৰম কৰি কনৌজ উত্তৰ ভাৰতৰ এখন প্ৰধান নগৰত পৰিগণিত হৈ পৰিছিল । হৰ্ষবৰ্দ্ধনে মহাযান বৌদ্ধ ধৰ্মৰ তত্ত্ববোৰ প্ৰচাৰ কৰাৰ বাবে বৌদ্ধ মহামেলৰ সভা আয়োজন কৰিছিল । হৰ্ষবৰ্দ্ধনক ১৮ খন দেশৰ ৰজা আৰু পঞ্চভাৰতৰ সকলো ৰজাই আদৰণি জনাইছিল । তাৰোপৰি তাত কেইবাহাজাৰো বিভিন্ন সম্প্ৰদায়ৰ পুৰোহিত আহি উপস্থিত হৈছিল । হৰ্ষবৰ্দ্ধনে ১০০০ হেজাৰ বৌদ্ধ সন্নেযাসী থাকিব পৰাকৈ দুটা খেৰৰ ঘৰ নিৰ্মাণ কৰাৰ বাবে আদেশ দিছিল । এই প্ৰকাণ্ড দুৰ্গৰ দৰে ঘৰত ৰজাৰ সমান উচ্চতাৰ বুদ্ধৰ সোণৰ সোণৰ মূৰ্তি এটা স্থাপন কৰা হৈছিল । মহাসভাৰ কাৰ্যক্ৰমণিকা এটা সমদলেৰে সৈতে আৰম্ভ কৰা হৈছিল । এই সমদলটোৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰধান বিষয়টো আছিল তিনিফুট ওখ এটা সোণৰ বুদ্ধ মূৰ্তি সু-সজ্জিত কৰা এটা হাতীয়ে কঢ়িয়াই আনিছিল । এই সমদলত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনেও অংশগ্ৰহণ কৰিছিল । সমদলৰ কাৰ্যসূচী ৰূপায়ন হোৱাৰ পাছত হৰ্ষবৰ্দ্ধনে বুদ্ধৰ মূৰ্তিক পূজা কৰিছিল আৰু ৰাজহুৱাভাৱে আহাৰৰ ব্যৱস্থা কৰিছিল । এই কাৰ্য শেষ হোৱাৰ পাছত আলোচনা গুৰু হিউৱেন চাঙৰ সৈতে সভাৰ কাম আৰম্ভ হৈছিল । হিউৱেন চাঙক মহাযান বৌদ্ধ শাখাটোৰ এজন বিদ্যান পণ্ডিত হিচাপে গণ্য কৰিছিল ।   

v) Discuss the administrative system of Harshavardhana . ( হৰ্ষবৰ্ধনৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি লিখাঁ ) 

উত্তৰঃ- উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ৰাট হৰ্ষবৰ্দ্ধনে জীৱনটোৰ প্ৰথম পৰ্যায়ৰ পৰা সৌভাগ্যৰ পিছ লৈ বহুত দুৰ্যোগৰ মাজেৰে আহি এখন শক্তিশালী সুস্থিৰ আৰু  শান্তিৰ সম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । হিউৱেন চাঙে মন্তব্য কৰিছিল যে হৰ্ষবৰ্দ্ধনে প্ৰায় ৩০ বছৰ সময় অস্ত্ৰ হাতত তুলি নোলোৱাকৈ শান্তিৰে সাম্ৰাজ্য শাসন কৰিছিল । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বৰ সময়ছোৱাত ৰজা আছিল প্ৰশাসনৰ মেৰুদণ্ড  । হৰ্ষবৰ্দ্ধনে অশোক আৰু কৌটিল্যৰ দৰে প্ৰশাসন সুদক্ষ কৰি ৰাখিবলৈ তেওঁ যথেষ্ট যত্ন কৰিছিল । হিউৱেন চাং কঠোৰ পৰিশ্ৰমী ব্যক্তি আছিল । দিনটো তেওঁৰ বাবে বৰ ছুটী আছিল । তেওঁ দিনটো তিনিটা ভাগত ভাগ কৰিছিল ইয়াৰে এটা ভাগ ৰাজ্যখনৰ কাম-কাজত কটাইছিল । তেওঁ ৰাজকাৰ্যত ইমানেই ব্যস্ত হৈ আছিল যে কোনো মানুহক লগ কৰা তেওঁৰ বাবে বৰ কষ্টকৰ আছিল । ৰজাক ভগৱানৰ অৱতাৰ বুলি কোৱা হয় । ৰজাই প্ৰশাসন ব্যৱস্থাৰ সকলো কামতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল । মন্ত্ৰীসকলক নিযুক্তি, বিচাৰ-বিভাগৰ কাম, যুদ্ধক্ষেত্ৰত সৈন্যসকলক পৰিচালনা কৰা আদি সকলো কাম ৰজাই সম্পন্ন কৰিব লাগিছিল । ৰজাক তেওঁৰ কাৰ্যবোৰ সম্পাদনা কৰিবলৈ এখন মন্ত্ৰীপৰিষদে সহায় কৰিছিল । মন্ত্ৰী পৰিষদে ৰজা নিৰ্বাচন কৰাত এক বিশেষা পালন কৰিছিল । মন্ত্ৰীসকলক তেওঁলোকৰ মৰ্যাদা অনুসৰি অমাত্য আৰু মাত্য বুলি কোৱা হৈছিল । এজন অতি গুৰুত্বপূৰ্ণ ব্যক্তি আছিল তেওঁৰ নামটো আছিল নাগানন্দ । তেওঁ প্ৰধান মাত্য আছিল । ৰজাৰ পিছতে শক্তিশালী বিষয়াজন আছিল প্ৰধান মাত্য । ৰাজ্যৰ ৰাজধানীত এটা সু-সংগঠিত সচিবালয় আছিল । চৰকাৰী হিচাপৰ পৰিদৰ্শন বিষয়াজনক বানখেৰা নামৰ ফলিখনত সহাক্ষপটলাধৃত হিচাপে নামাকৰণ কৰা হৈছে । শ্ৰেষ্ঠ অসামৰিক সেৱা বিভাগটো কুমাৰমাত্যসকলৰ দ্বাৰা পৰিচালিত হৈছিল । এই বিভাগটোৰ দ্বাৰা জিলা, সচিবালয়ৰ বিষয়া আৰু মন্ত্ৰীসকলক নিৰ্বাচন কৰিছিল । হৰ্ষবৰ্দ্ধনৰ চৰকাৰী বিভাগসমূহৰ ভিতৰত দুটা বিভাগ আছিল বৈদেশীক বিভাগ আৰু সামৰিক বিভাগ । বৈদেশীক বিভাগৰ প্ৰধান জনক মহাসন্ধিবিগ্ৰহাধিকৃত নামেৰে জনা গৈছিল । হৰ্ষচৰিত গ্ৰন্থখন ৰচনা কৰাৰ সময়ত ইয়াৰ কৰ্মচাৰীজনৰ নাম আছিল অৱন্তী । এই কাৰ্যালয়টো হৰ্ষবৰ্দ্ধনৰ শাসনকালৰ সময়ছোৱাত বৰ ব্যস্ত আছিল । আনটো বিভাগ হল সামৰিক বিভাগ । হৰ্ষবৰ্দ্ধনৰ সৈন্যবাহিনী পদাতিক, অশ্বাৰোহী, হস্তী-বাহিনী আৰু উটবাহিনী আছিল । হৰ্ষবৰ্দ্ধনৰ পদাতিক বাহিনীৰ শক্তি আছিল ১,০০,০০০ । আৰু হস্তীবাহিনীৰ সংখ্যা আছিল ৬০,০০০ । সামৰিক বাহিনীৰ ঘোৰাবোৰ সিন্ধু, পাৰ্চীয়া আৰু কম্বোজ নামৰ ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছিল । 

vi) Give an estimate of the reign of Harshavardhana . (হৰ্ষবৰ্ধনৰ ৰাজত্বকালৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- ভাতৃ ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হোৱাৰ পিছত হৰ্ষবৰ্দ্ধন বৰ্ধন বংশৰ ৰাজসিংহাসনত বহিছিল । হৰ্ষবৰ্দ্ধনে সেই বছৰৰ পৰাই হৰ্ষাব্দ নামৰ এটা নতুন যুগৰ বা নতুন বছৰৰ সূচনা হৈছিল । বাণভট্টৰ হৰ্ষচৰিত গ্ৰন্থৰ মতে হৰ্ষবৰ্দ্ধনে কোনো ধৰণৰ লাজ-ভয় নকৰাকৈ থানেশ্বৰ ৰাজ্যৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল । হিউৱেন চাঙৰ বিৱৰণীমতে হৰ্ষবদ্ধনে একেসময়তে কনৌজৰ শাসনভাৰো গ্ৰহণ কৰিব লগা হৈছিল । মালৱৰ ৰজাৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত মালৱ ৰাজ্যৰ সিংহাসন পুৰণ কৰাৰ বাবে মালৱ ৰাজ্যৰ জেষ্ঠ মন্ত্ৰী ভান্দীৰ পৰামৰ্শ অনুসৰি হৰ্ষবৰ্দ্ধনক মালৱৰ সিংহাসন গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল । হৰ্ষবৰ্দ্ধনে ৰাজসিংহাসনত উঠাৰ পিছতে তেোঁৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটো আছিল ভনীয়েক ৰাজ্যশ্ৰীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা । শত্ৰুৰ ওপৰত প্ৰতিশোধ লৈ শশাংকৰ পৰা কনৌজ ৰাজ্যয়খন মুক্ত কৰা । হিউৱেন চাঙৰ টোকা , শিলালিপি, আৰু সাহিত্যিক সমলৰ ওপৰত ভিত্তি কৰি হৰ্ষবৰ্দ্ধনৰ ৰাজ্যখন নিৰিদিষ্ট কৰি কব পাৰি যে তেওঁৰ ৰাজ্য পূব-পঞ্জাৱৰ অংশ, বৰ্তমানৰ উত্তৰ প্ৰদেশৰ প্ৰায়বোৰ অঞ্চল, বিহাৰ, বেংগল, আৰু গঞ্জাম ৰাজ্যকে ধৰি বা সামৰি উৰিষ্যাক লৈ গঠিত হৈছিল । 

হৰ্ষবৰ্দ্ধনে তেওঁৰ পিতৃৰ পৰা থানেশ্বৰ ৰাজ্খন লাভ কৰিছিল । যিখনে দক্ষিণ পঞ্জাৱ আৰু ৰাজপুতনাৰ অন্তভূৰ্ক্ত কৰিছিল । কনৌজৰ ৰজা গ্ৰহবৰ্মৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ৰাজ্যখনো হৰ্ষবৰ্দ্ধনৰ ৰাজ্যৰ এটা অংশ হৈ পৰিছিল । উত্তৰ-প্ৰদেশ আৰু মগধ ৰাজ্যৰ কিছু অংশক লৈ কনৌজ সাম্ৰাজ্য গঠন কৰা হৈছিল । মুঠতে হৰ্ষবৰ্দ্ধনৰ সাম্ৰাজ্যই পঞ্চ ভাৰত, পঞ্জাৱৰ কিছু অংশ, উত্তৰ প্ৰদেশ,বিহাৰ, বেংগল আৰু উৰিষ্যাক অন্তভূৰ্ক্ত কৰিছিল । 

হৰ্ষবৰ্দ্ধনৰ সামৰিক ্ভিযানৰ প্ৰধান লক্ষ্য আছিল উত্তৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে গণ্য হোৱাৰ পিছত বাতাপীৰ চালুক্য ৰজা দ্বিতীয় পুলকেশীয়ে দক্ষিণ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হোৱাৰ উদ্দেশ্যেৰে অভিযানৰ পাতনি মেলিছিল । ড.আৰ চি মজুমদাৰৰ মতে লতা, মালৱ, আৰু গুৰ্জাৰসকল হৰ্ষৰ প্ৰতি বিদ্ৰোহী আছিল । তেওঁলোকে হৰ্ষবৰ্দ্ধনৰ সাম্ৰাজ্যবাদী আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ শক্তিশালী চালুক্য ৰজা দ্বিতীয় পুলকেশীৰ অধীনত সামন্ত হিচাপে আছিল । হৰ্ষবৰ্দ্ধনে দ্বিতীয় পুলকেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল । কিন্তু অভিযানৰ প্ৰথম মূহুূতৰ্তে হৰ্ষবৰ্দ্ধনে পঞ্চ-ভাৰতৰ পৰা সৈন্য-বাহিনী সংগ্ৰহ কৰিছিল আৰু সকলো ৰাজ্যৰ শ্ৰেষ্ঠ নেতাসকলক আহ্বান জনাইছিল আৰু বিশাল বাহিনীৰ পৰিচালনা তেওঁ নিজে কৰিছিল । 

vii) Discuss Briefly the salient features of the Account of Hiuen- Tsang ? ( হিউয়েন চাঙৰ বিৱৰণৰ মুখ্য বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰক) 

উত্তৰঃ- হিউৱেন চাভৰ বিৱৰণৰ মুখ্য বা প্ৰধান বৈশিষ্ট্যবোৰ হল হিউৱেন চাঙে হৰ্ষবৰ্দ্ধনৰ ৰাজসভাত প্ৰায় ৮ বছৰ সময় পাৰ কৰিছিল । হিউৱেন চাঙে ভাৰতবৰ্ষৰ বৃত্তান্তৰ ওপৰত লক্ষ্য কৰি চি.ইউ.কি নামৰ গ্ৰন্থখন ৰচনা কৰিছিল । হিউৱেন চাঙৰ এই বিখ্যাত গ্ৰন্থখনত হৰ্ষবৰ্দ্ধনৰ ৰাজনৈতিক, সামৰিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্মীয় অৱস্থাৰ বিষয়ে স্পষ্টকৈ পোৱা যায় । হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্তৰ পৰা হৰ্ষবৰ্দ্ধনৰ জীৱনআৰু কৰ্ম, ৰজা হিচাপে তেওঁ সম্পাদন কৰা কৰ্তব্য, প্ৰশাসন, ৰাজ্যৰ সামৰিক বিৱৰণ আদি । 

2) Shষ্টকort Questions 

i) Harsha charita of Bana . (বানৰ হৰ্ষচাৰিতাৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ-  হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ সময়ত এটা মূল্যবান উপাদান আছিল বাণভট্টৰ হৰ্ষচৰিত গ্ৰন্থখন । বাণভট্ট আছিল ৰজা হৰ্ষবৰ্দ্ধনৰ ৰাজসভাৰ এজন বিশিষ্ট পণ্ডিত । তেওঁ হৰ্ষবৰ্দ্ধনৰ ৰাজত্বৰ কালছোৱাৰ সকলো দিশ সামৰি লিখিছিল এই বিখ্যাত গ্ৰন্থখন । এই গ্ৰন্থখনত বাণভট্টয়ে হৰ্ষবৰ্দ্ধনৰ পূৰ্বপুৰুষ আৰু থানেশ্বৰ বংশৰ ইতিহাস অতি স্পষ্টকৈ উল্লেখ কৰিছে । ইয়াত হৰ্ষবৰ্দ্ধনৰ বিজয় অভিযান আৰু বিভিন্ন জাতি -সম্প্ৰদায় লোকৰ মানুহৰ মাজত মিলা-মিছা, সামাজিক, ধৰ্মীয়, ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনৰ বিষয়েও জানিব পাৰি । বাণভট্টৰ বিৱৰণীত প্ৰকাশ যে ৰজা হৰ্ষবৰ্দ্ধনে সিন্ধু ৰজাৰ ক্ষমতা নাশ কৰি তেওঁৰ ভাগ্য আজুৰি লৈছিল । সিন্ধ ৰাজ্যখন প্ৰভাকৰ বৰ্দ্ধনৰ বিষয়ে  বা বিৰুদ্ধে বিদ্ৰোহা আছিল । সিন্ধ ৰাজ্যখন শক্তিশালী আৰু তাৰ লগতে স্বাধীন ৰাজ্য আছিল সেইকাৰণে হৰ্ষবৰ্ধনে অভিযানৰ দ্বাৰাই  এই ৰাজ্যখন জয় কৰিছিল । বাণভট্টই হৰ্ষচৰিত গ্ৰন্থত বৰ্ণনা কৰিছে যে হৰ্ষবৰ্দ্ধনে তুষাৰ শৈল বা বৰফৰে আবৃত এটা সামৰিক অভিযানৰ দল প্ৰেৰণ কৰিছ্ল । এই দেশবোৰৰ পৰা বহুতো কৰ সংগ্ৰহ কৰিছিল । ভগৱান লাল ইন্দ্ৰজী, বৃহলেৰ, আৰ.কে মুখাৰ্জীৰ দৰে পণ্ডিতে এই বৰফৰ বৰ্বতৰ দেশসমূহক নেপাল আৰু কাশ্মীৰ বুলি চিনাক্তকৰণ কৰিছে । 

ii) Harsha's relation with vaskar

ii) Harsha's Relation with Vaskarvarman (Kamarup) (ভাস্কৰবৰ্মনৰ সৈতে হৰ্ষৰ সম্পৰ্ক (কামৰূপৰ)বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- শশাংক এজন শক্তিশালী ৰজা আছিল । ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনৰ মাজৰ সম্পৰ্কটো আছিল বন্ধুত্ব । ভাস্কৰ বৰ্মন আছিল কামৰূপৰ শক্তিশালী ৰজা আৰু আনহাতে হৰ্ষবৰ্দ্ধন আছিল থানেশ্বৰৰ ৰজা । ৰজা হৰ্ষবৰ্দ্ধনৰ ভাতৃ ৰাজ্যবৰ্দ্ধনক মালৱৰ ৰজা দেৱগুপ্তই তেওঁৰ মিত্ৰ গৌড়ৰ ৰজা শশাংকই ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল । আৰু ইফালে কামৰূপৰ ৰজাৰ প্ৰধান শচ্ৰু আছিল ৰজা শশাংক । ৰজা ভাস্কৰ বৰ্মনে প্ৰতিৱেশী ৰাজ্য শশাংকৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ  সুযোগ বিচাৰি আছিল । সেইকাৰণে শশাংক হৈ পৰিছিল দুয়োজন ৰজাৰে শত্ৰু । হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰ বৰ্মনে জানিছিল যে শশাংক আছিল এজন শক্তিশালী ৰজা সেইকাৰণে তেওঁৰ লগত অকলে যুদ্ধত অৱৰ্তীণ হলে যুদ্ধত পৰাজিত হোৱাটো সু-নিশ্চিত । সেইকাৰণে তেওঁ ৰজা হৰ্ষবৰ্দ্ধনৰ ওচৰলৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াইছিল । ৰজা বাস্কৰ বৰ্মনে হংসবেগ নামৰ কটকী এজনৰ হাতত এটা মূল্যৱান টোপোলা আৰু লগতে বহুতো উপহাৰ পঠাই হৰ্ষবৰ্দ্ধনলৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢাইছিল । থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধনে গৌড়ৰ ৰজাৰ লগত শত্ৰুতা নথকাহেতেন  এনেকুৱা বহু দুৰৰ ৰজা এজনৰ লগত বন্দুত্ব স্থাপন নকৰিলেহেতেন ।

iii) Harsha as a patron of learning .( শিক্ষাৰ পৃষ্ঠপোষক হিচাপে হৰ্ষৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- হৰ্ষবৰ্দ্ধনে শিক্ষা ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিবৰ কাৰণে বহুতো অৱদান আগবঢ়াইছিল । সেই সময়ত উচ্চ শিভাৰ কাৰণে প্ৰধান কেন্দ্ৰস্থল আছিল নালন্দা বিশ্ববিদ্যালয় । এইখন বিশ্ববিদ্যালয়লৈ ৰজা হৰ্ষবৰ্দ্ধনে অতি উদাৰতাৰে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল । নালন্দা বিশ্ববিদ্যালয় মহাযান মতবাদৰ অক্সফোৰ্ডৰ নিচিনা আছিল আৰু হিন্দুসকলৰ কাশী বিশ্ববিদ্যালয়ৰ প্ৰতিদ্বন্দী আছিল । খীঃ পঞ্চম শতিকাত নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । ই গুপ্ত সাম্ৰাজ্যৰ ৰজা, ধনীলোক, ভাৰতবৰ্ষৰ সকলো অংশ আৰু বহু দুৰ-দুৰণিৰ ভাৰতীয় হিন্দু উপনিৱেশবাদৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণিৰে প্ৰতিষ্ঠা কৰা হৈছিল । সময়ৰ গতিত ই এখন আন্তঃৰাষ্ট্ৰীয় শিবাৰ কেন্দ্ৰস্থল ৰূপে জনাজাত হৈ পৰিছিল । নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস জানিবৰ বাবে হিউৱেন চাঙৰ টোকা, ইতিসিঙৰ বিৱৰণ আৰু স্থাপত্য আৰু শিলালিপিৰ পৰা জানিব পাৰি যে হৰ্ষবৰ্দ্ধন শিক্ষাৰ এজন পৃষ্ঠপোষক আছিল বুলি জনা যায় ।

iv) Kanauj Assembly.( কনৌজ বিধানসভাৰ বিষয়ে লিখাঁ ) 

উত্তৰঃ- মৌখৰী বংশৰ সময়ত কনৌজৰ সমৃদ্ধি আৰু  গুৰুত্ব বৃদ্ধি পাই আহিছিল । হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালত ইয়াৰ বিকাশ আৰু শ্ৰীবৃদ্ধি এনেদৰে বাঢ়িছিল যে মগধৰ পুৰণি ৰাজধানী পাটলিপুত্ৰক অতিক্ৰম কৰি কনৌজ উত্তৰ ভাৰতৰ এখন প্ৰধান নগৰত পৰিণত হৈ পৰিছিল বা পৰিগণিত হৈছিল । বিদেশী লোকসকলৰ দৃষ্টিত কনৌজ এখন বিভিন্ন ধৰ্মীয়লোকৰ ভেদভাৱহীন এখন নগৰ হৈ পৰিছিল আৰু যাৰ বাসিন্দা বা লোকসকল আছিল ধৰ্মবিৰোধী আৰু ধৰ্মবিশ্বাসী দুটা সমান ভাগত বিভক্ত বা ভাগ হৈ পৰিছিল । কনৌজত ১০০ টা বৌদ্ধ মঠ আছিল আৰু তাত দুয়োটা ভাগৰে ১০,০০০ত কৈও বেছি সন্ন্যাসীয়ে বাস কৰিছিল । সেইদৰে তাত ২০০ দেৱ মন্দিৰ আৰু সাধাৰণ নিৰ্মাণ শৈলীৰ দাৰা প্ৰতিৰক্ষাৰ ব্যৱস্থা আছিল ।   এইখন নগৰত ৰজা হৰ্ষবৰ্দ্ধনে  মহাযান বৌদ্ধ ধৰ্ম প্ৰচাৰ বা তত্ববোৰ প্ৰচাৰ কৰাৰ বাবে বৌদ্ধ মহামেলৰ আয়োজন কৰিছিল । ৰজা হৰ্ষবৰ্দ্ধনে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন আৰু হিউৱেন চাঙক লগত লৈ কনৌজত আহি উপস্থিত হৈছিল । কনৌজৰ মহাসভা এনেকৈয়ে আৰম্ভণি হৈছিল । 

v) Importance of Prayag of Assembly. (বিধানসভাৰ প্ৰয়াগৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- প্ৰয়াগৰ বিধানসভা প্ৰতি ৫ বছৰৰ মূৰে-মূৰে অনুষ্ঠিত কৰা যায় ।এই অনুষ্ঠানৰ বা এই সভাসনৰ এইটো ষষ্ঠ বছৰৰ অনুষ্ঠান এই মহাসভা যমুনা আৰু গংগা নদীৰ সংগমস্থল প্ৰয়াগত অনুষ্ঠিত কৰা হৈছিল ।  হৰ্ষবৰ্ধনে প্ৰয়াগত অনুষ্ঠিত কৰা ষষ্ঠ বাৰ্ষিকী ভিক্ষা বিতৰণঅনুষ্ঠানটো উপভোগ কৰিবলৈ নিমন্ত্ৰণ জনাইছিল চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙক । হিউৱেন চাঙে এই অদ্বিতীয় অনুষ্ঠানটোত উপস্থিত থাকিবলৈ সন্মত হৈছিল । এই সভাত দক্ষিণ ভাৰতৰ ৰজা ধ্ৰুৱভট্ট, কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন, আৰু ১৮ জন হৰ্ষৰ ৰাজকীয় বন্ধু উপস্থিত হৈছিল । ইয়াৰ উপৰিও শ্ৰমণ, নিগ্ৰন্থ, আন ধৰ্মৰ লোক, দুখীয়া, মাউৰা আৰু এইবোৰ লোককে ধৰি পাচ লাখ লোক উপস্থিত হৈছিল । এই সকলোবোৰ লোককে ৰজা হৰ্ষবৰ্দ্ধনে ৰাজকীয় হুকুমৰ সহায়েৰে সভাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।                                                                                                                                                         যমুনা আৰু গংগানদীৰ সংগমস্থলৰ বালিময় অঞ্চল বিশাল বিতৰণৰ থলীৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল । আকৰ্ষণীয় শোভাযাত্ৰাৰে আৰম্ভ কৰা এই প্ৰয়াগ মহাসভা ৭৫ দিন ধৰি অব্যাহত আছিল । সভাৰ কাৰ্যবিৱৰণী অনুসৰি প্ৰথম দিনটোত এটা বুদ্ধৰ মূৰ্তিবালিত সজা এটা অস্থায়ী ঘৰত স্থাপন কৰি মণি-মুকুতা আগবঢ়াই পূজা কৰা হৈছিল । প্ৰতিজন সন্ন্যাসীয়ে ১০০ টা সোণৰ মুদ্ৰা, এটা মুক্তা, এজোৰ কপাহী সাজ-পাৰো লগতে লাভ কৰিছিল । পৰৱৰ্তী ২০ দিন ধৰি ব্ৰাহ্মণসকলক দান-দক্ষিণা কৰিছিল বা দান-দক্ষিণা দিছিল । জৈন আৰু আন ধৰ্মৰ লোকক ১০ দিন ধৰি দান আৰু উপহাৰ আগবঢ়াইছিল ।                                    

vi) War with Pulakeshi II .(পুলকেশী দ্বিতীয়ৰ সৈতে যুদ্ধৰ বিষয়ে বিৱৰি লিখাঁ )

উত্তৰঃ- চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাঙে লক্ষ্য কৰিছিল যে  বাতাপীৰ চালুক্য ৰজা দ্বিতীয় পুলকেশীৰ সৈতে হৰ্ষবৰ্দ্ধনৰ যুদুধ ৰাজনৈতিক দিশৰ পৰা বহুত গুৰুত্বপূৰ্ণআছিল । থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দধনৰ সামৰিক অভিযানৰ লক্ষ্য আছিল উত্তৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপে পৰিগণিত হোৱা আৰু আনহাতে বাতাপীৰ চালুক্য ৰজা দ্বিতীয় পুলকেশীয়ে দক্ষিণভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰজা হোৱাৰ লক্ষ্য বা উদ্দেশ্যেৰে অভিযানৰ পাতনি মেলিছিল । ডঃ আৰ চি মজুমদাৰৰ মতে লতা, মালৱ আৰু গুৰ্জাৰসকল ৰজা হৰ্ষবৰ্দ্ধনৰ প্ৰতি বিদ্ৰোহী আছিল । তেওঁলোকে হৰ্ষবদ্ধনৰ সাম্ৰাজ্যবাদী আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ স্বেচ্ছাই শক্তিশালী চালুক্য ৰজা দ্বিতীয় পুলকেশীৰ অধীনত সামন্ত হিচাপে আছিল । হিউৱেন চাঙে তেওঁৰ টোকাত উল্লেখ কৰিছে যে মহান শক্তিশালী ৰজা শিলাদিত্যই সেই সময়ত পূব, পশ্চিম আৰু বহুদুৰত্বত থকা অঞ্চলবোৰ জয় কৰি তেওঁৰ প্ৰতি আনুগত্য বা শ্ৰদ্ধাৰ ভাৱ দেখুওৱাবলৈ বাধ্য  হৈছিল । শিলাদিত্যই নিজৰ সাফল্যতগৌৰৱ অনুভৱ কৰি এইজন ৰাাজকুমাৰৰ সৈতে যুজিবলৈ সামৰিক অভিযান  প্ৰেৰণ কৰিছিল । এনেবোৰ কাৰণতে ৰজা হৰ্ষবৰদ্ধনে দ্বিতীয় পুলকেশীৰ বিৰুদ্ধে অভিযান প্ৰেৰণ কৰিছিল য সেই অভিযানৰ আগ-মূহুত্ূত ৰজা হৰ্ষবৰ্দ্ধনে পঞ্চ ভাৰতৰ পৰা সৈন্য সংগ্ৰহ কৰিছিল আৰু সকলো ৰজাক বা ৰাজ্যখনৰ নেতাসকলক আমন্ত্ৰণ জনাইছিল আৰু বিশাল বাহিনীৰ পৰিচালনা তেওঁ নিজে-নিজে কৰিছিল কিন্তু তেওঁ দ্বিতীয় পুলকেশীক পৰাজয় কৰিবলৈ সমৰ্থ নহল ।  উত্তৰ ভাৰতৰ যুদুধৰ ৰজা হৰ্ষবৰ্দ্ধনক পৰাজয় কৰি দ্বিতীয় পুলকেশীয়ে পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল । 

3) Very Short Questions : 

i) who was Sasanka And Where did he Rule ?  কোন আছিল শশাংক  আৰু তেওঁ ক'ত শাসন কৰিছিল লিখাঁ )

উত্তৰঃ- শশাংক আছিল গৌড় ৰাজ্যৰ এজন শক্তিশালী ৰজা তেওঁ গৌড়ৰ ৰাজ্য শাসন কৰিছিল ।

ii) What Were The Causess of Friends of Friendship Between Harsha And Vaskarvarman ? (হৰ্ষ আৰু ভাস্কৰবৰ্মনৰ মাজত বন্ধুত্বৰ কাৰণবোৰ কি আছিল লিখাঁ ) 

উত্তৰঃ- হৰ্ষ আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্বৰ কাৰণবোৰ হল 

ভাস্কৰবৰ্মন আৰু থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধন দুয়োজনৰে উমৈহতীয়া শত্ৰু আছিল গৌড়ৰ ৰজা শশাংক । গৌড়ৰ ৰজা শশাংকই হৰ্ষবৰ্দ্ধনৰ ভনীয়েক ৰাজ্যশ্ৰীক বন্দী কৰি ৰাখিছিল ।

ৰাজ সিংহাসনত উঠাৰ পিছতে ৰজা হৰ্ষবৰ্দ্ধনৰ প্ৰথম আৰু প্ৰধান কাৰণটো আছিল তেোঁৰ ভৱীয়েক ৰাজ্যশ্ৰীক শত্ৰুৰ হাতৰ পৰা মুকলি কৰি অনা । সেই সময়তে হৰ্ষবৰ্দ্ধনে কামৰূপৰ শক্তিশালী ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ পৰা বন্ধুত্বৰ প্ৰস্তাৱ লাভ কৰিছিল । ভাস্কৰ বৰ্মনৰ নিৰ্দেশত  হংসবেগ নামৰ এজন কটকীৰ হাতত মূল্যবান উপহাৰ লৈ বন্ধুত্বৰ প্ৰস্তাৱ লৈ হৰ্ষবৰ্দ্ধনৰ ৰাজসভাত উপস্থিত হৈছিল । গৌড়ৰ ৰজা শশাংকৰ সৈতে পুৰণি শত্ৰতা নথকাহেতেন হৰ্ষবৰ্দ্ধনে এনে এজন বহুত দূৰত থকা ৰজাৰ সৈতে বন্ধুত্ব স্থাপন নকৰিলেহেতেন । আনফালে কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনেও প্ৰতিবেশী বা চুবুৰীয়া ৰাজ্য শশাংকৰ বিৰুদ্ধে বা শশাংকক আক্ৰমণ কৰাৰ সুযোগ বিচাৰি আছিল । গতিকে ৰজা ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনে এটা যৌথ শক্তি  বা গোট গঠন কৰি শশাংকৰ বিপক্ষে অভিযান আৰম্ভ কৰিছিল । হৰ্ষবৰ্দ্ধন আৰু ভাস্কৰ বৰ্মন মিলি কৰা কৰা আক্ৰমণৰ অভিযানৰ বাতৰি পাই শংকিত হৈ ৰজা শশাংকই ৰাজ্যশ্ৰীক মুকলি কৰি দিছিল ।্ভিযানৰ পথত হৰ্ষবৰ্দ্ধনে ভান্দীক লগ পাইছিল আৰু তাৰ পৰা জানিব পাৰিছিল যে ৰাজ্যশ্ৰী বিন্ধ্য পৰ্বতলৈ পলাই গৈছে । হৰ্ষবৰ্দ্ধনে ভান্দীৰ ওপৰত গৌড় আক্ৰমণৰ দায়িত্ব অৰ্পণ কৰি নিজে বিন্ধ্য পৰ্বতলৈ গৈ ৰাজ্যশ্ৰীক উদ্বাৰ কৰিছিল । শশাংকই থানেশ্বৰ আৰু কামৰূপৰ যৌথ শক্তিৰ বিৰুদ্ধে মুখা-মুখী হবলৈ ভয় কৰি কনৌজ ৰাজ্যখন পৰিত্যাগ কৰিছিল ।

নিদনাপুৰ শিলালিপিৰ মতে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্দ্ধনে যৌথ শক্তিৰ সহায়ত গৌড় ৰাজ্য আক্ৰমণ কৰি ৰজা শশাংকক পৰাজিত কৰিছিলআৰু তেওঁলোকৰ পৰাধীন ৰাজ্য হিচাপে থাকিবলৈ বাধ্য কৰাইছিল । 

iii) Who were the literary figures of  the reign of Harsha . (হৰ্ষৰ ৰাজত্বকালৰ সাহিত্যিকৰ নাম কি আছিল ?) 

উত্তৰঃ-  হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ সাহিত্যিকৰ নাম হল 

ক) বাণভট্ট 

খ) হিউৱেন চাভ । 

 4. Objective type Questions : 

i) Who Was the Founder of the Vardhana Dynasty ? ( বৰ্ধন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল লিখাঁ) 

উত্তৰঃ- বৰ্ধন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল প্ৰভাকৰ বৰ্ধন । 

ii) Who Captured Rajyashree ? ( ৰাজ্যশ্ৰীক কোনে বন্দী  কৰিছিল ) 

উত্তৰঃ-   মালৱাৰ শাসক দেৱগুপ্তই ৰাজ্যশ্ৰীক বন্দী কৰিছিল । 

iii) ) Who Was the ruler of Malava during Haarsha's reign ??(হৰ্ষৰ শাসনকালত মালৱাৰ শাসক কোন আছিল ? ) 

উত্তৰঃ- হৰ্ষৰ শাসনকালত মালৱাৰ শাসক আছিল দেৱগুপ্ত  ।

iv) Mention the name of the Chalukya king, who Assumed the little of Parameswar ? (চালুক্য ৰজাৰ নাম উল্লেখ কৰক, যি সকলে পৰমেশ্বৰৰ উপাধি গ্ৰহণ  কৰিছিল 

উত্তৰঃ বাতাপীৰ চালুক্য ৰজা দ্বিতীয় পুলকেশীয়ে পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল । 

v) Who Was the Author of Kadambari ? ( কদমবৰীৰ লেখকজনৰ  নাম কি আছিল?) 

উত্তৰঃ- কদমবৰীৰ লেখকজনৰ নাম হল বাণভট্ট ।

vi) Who was the last Hindu ruler of North-India ? (উত্তৰ-ভাৰতৰ অন্তিম হিন্দু শাসকজনৰ নাম কি আছিল লিখাঁ ) 

উত্তৰঃ- উত্তৰ ভাৰতৰ অন্তিম হিন্দু শাসকজনৰ নাম আছিল হৰ্ষবৰ্দ্ধন ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





 Type Arup Koch

Answer Type- Ali rani kakati