প্ৰতিভা দেবীসিং পাটিল 
প্ৰতিভা দেবীসিং পাটিল 







 চমু পৰিচয়

১৯৩৪ চনৰ ১৯ ডিচেম্বৰ মহাৰাষ্ট্ৰৰ জলগাওঁ জিলাৰ নাদগাঁৱত প্ৰতিভা দেৱিসিং পাটিলৰ জন্ম হয়। তেওঁ পিতৃ নাম নাৰায়ণ পাটিল।  

শিক্ষাঃ-
প্ৰতিভা দেবীসিং পাটিল জলগাঁৱতে প্ৰথমিক শিক্ষা লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত পুনা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান বিষয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ আইনৰ স্নাত্তক ডিগ্ৰীও গ্ৰহণ কৰে। 

কৰ্মজীৱন
প্ৰতিভা দেবীসিং পাটিল এগৰাকী উকীল। নিজৰ বৃত্তিৰ লগে লগে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবেও তেওঁ নানাধৰণৰ কল্যাণমূলক কাম-কাজত ব্ৰতী হয়। ২৭ বছৰ বয়সৰ পৰা তেওঁ ৰাজনৈতিক কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰে। মুক্তাইনগৰ বিধানসভাৰ সমষ্টিৰ পৰা একেৰাহে চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। তাৰ পাছত ১৯৮৫ ৰ পৰা ১৯৯০ চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। ১৯৯১ চনত তেওঁ লোকসভাৰ সদস্য হিচাপেও নিৰ্বাচিত হয়। তাৰ পাছত ৰাজস্থানৰ ৰাজ্যপাল হিচাপে ২০০৪ চনত তেওঁ কাৰ্যসভাৰ গ্ৰহণ কৰে। এনেদৰে শ্ৰীমতী পাটিল এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিচাপে সমগ্ৰ দেশতে স্বীকৃতি হয়। এই স্বীকৃতি আধাৰত ২০০৭ চনত দেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰি প্ৰতিভা দেবীসিং পাটিলে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাগৌৰৱ অৰ্জন কৰে।

 Nayan Jyoti Bordoloi
(Class 7 Social Science কিতাপখনৰ পৰা তুলি লোৱা হৈছে )




Post ID :DABP003816