ৰবি শৰ্মা

    ১৯৭৯ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে ৰবি শৰ্মাৰ গুৱাহাটীত জন্ম হয়।তেওঁৰ মাতৃৰ নাম আছিল বন্দনা শৰ্মা।  তেওঁ ডি এ ভি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰি ফেকাল্টী স্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত তেওঁ কটন মহাবিদ্যালৰ পৰা উচ্চতৰ মাধ্য়মিক শিক্ষা প্ৰাপ্ত কৰে। তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰ্য্য় বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা। মুনিন বৰুৱা দেৱে পৰিচালনা কৰা হিয়া দিয়া নিয়া ছবিখনৰ পৰা অভিনয় জগতত প্ৰৱেশ দিয়ে। ৰবি শৰ্মাৰ মাতৃ বন্দনা শৰ্মাও এগৰাকী অভিনেতা। ৰবি শৰ্মা এজন ভাল অভিনেতা। তেওঁ ২০০১ চনত মঞ্জু বৰৰাই পৰিচালনা কৰা অন্য এক যাত্ৰা নামৰ ছবিখনত অভিয়ন কৰে। মুনিন বৰুৱাই পৰিচালনা কৰা নায়ক নামৰ চলচ্চিত্ৰ খনত যতীন বৰাৰ লগত একেলগে অভিনয় কৰে। যতীন বৰাই বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰিছে।