8.1  গতিৰ বৰ্ণনা (Describing)

    আমি পূৰ্বতে নিৰ্দিষ্ট কৰি থোৱা কোনো প্ৰসংগ বিন্দুৰ সাপেক্ষে বস্তুৰ স্থান নিৰ্দেশ কৰো। এটা উদাহৰণৰ দ্বাৰা ইয়াক বুজা যাওঁক। ধৰা হওঁক, এখন গাঁৱৰ বিদ্য়ালয়খন ৰেলষ্টেচনটোৰ পৰা উত্তৰে 2km দূৰত্বত অৱস্থিত। আমি স্কুলখনৰ অৱস্থান ৰেলষ্টেচনটোৰ সাপেক্ষে নিশ্চিত কৰিলো। এই উদাহৰণটোত ৰেলষ্টচনটো হ'ল প্ৰসংগ বিন্দু । আমাৰ সুবিধামতে আমি আন প্ৰসংগ বিন্দুও ল'ব পাৰিলোঁহেতেঁন। গতিকে এটা বস্তুৰ অৱস্থান নিৰ্দেষ কৰিবলৈ এটা প্ৰসংগ বিন্দুৰ প্ৰয়োজন। ইয়াকে মূল বিন্দু বোলে।



Type:- Bidyut Thakuria

Class 9 Science Assam SCERT Book (Chapter 8)