Virat Kohli 

Virat Kohli
Virat Kohli

বিৰাট কোহলি ঃ বিৰাট কোহলিৰ জন্ম হৈছিল ৫ নবেম্বৰ, ১৯৮৮ চনত তেওঁ সম্পূৰ্ণ নাম আছিল বিৰাট প্ৰেম কোহলি। তেওঁৰ জন্ম স্থান দিল্লী। তেখেতৰ মাতৃ নাম সৰোজ কোহলি আৰু পিতৃ প্ৰেমজী। তেওঁ মাত্ৰ ৩ বছৰৰ পৰা ক্ৰিকেটৰ প্ৰতি আগ্ৰহ আছিল। বিৰাটৰ এই আগ্ৰহৰ কথা বুজি পাইছিল আৰু তেওঁ প্ৰতিদিনে বিৰাটক প্ৰশিক্ষনৰ বাবে লৈ গৈছিল। 


      বিৰাট কোহলিয়ে তেওঁৰ জীৱনৰ প্ৰাথমিক শিক্ষা ভাৰতীয় পাব্লিক স্কুলত লাভ কৰিছিল। মাত্ৰ ৯ বছৰৰ বয়সতে তেওঁ ক্ৰিকেট ক্লাবত নামভৰ্তি কৰিছিল। বিৰাটে আৰম্ভণিৰে পৰা ক্ৰিকেটত মনোনিবেশ কৰিছিল। তেওঁ কেৱল দ্বাদশ শ্ৰেণীলৈকেহে শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সম্পূৰ্ণৰূপে ক্ৰিকেটত মনোনিবেশ কৰিছিল। তেওঁ ৰাজ কুমাৰ শৰ্মাৰ পৰা দিল্লীত ক্ৰিকেট প্ৰশিক্ষন লৈছিল আৰু সুমিত ডংৰা নামৰ একাডেমীত তেওঁৰ প্ৰথমখন খেল খেলিছিল।

Virat Kohli playing IPL
Virat Kohli playing IPL

বিৰাট কোহলিৰ Under-19 বিশ্বকাপ খেলখনত মালেছিয়াত অনুষ্ঠিত হৈছিল আৰু তেওঁ এই খেলখনক জয়ৰ বাটলৈ লৈ গৈছিল। তাৰ পাছত তেওঁ শ্ৰীলংকা বিৰুদ্ধে এদিনীয়া খেল খেলিছিল। তাৰ পাছত ২০১১ চনত বিসশ্বকাপ খেলিবলৈ স্থান পাইছিল। আৰু তাৰ পাছত ইখনৰ পাছত সিখন খেল খেলিবলৈ স্থান পাইছিল। বৰ্তমান তেওঁ ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য় কৰা হয়। তেওঁ বৰ্তমান IPL ৰ RCB ক্ৰিকেট দলৰ অধিনায়ক। চনত  বিৰাট কোহলিয়ে বহুটো বটা লাভ কৰিছিল। তাৰে ভিতৰতঃ


i) ২০১২- প্ৰিয় ক্ৰিকেটাৰ হিচাপে পিপলচ চইচ।

ii) এৱাৰ্ড, ২০১২- আইচিচি ODI প্লেয়াৰ অফ দা ইয়েৰ বঁটা।

iii) ২০১৩- ক্ৰিকেটৰ বাবে অৰ্জুন বঁটা।

iv) ২০১৭- চিএনএন-আইবিএন ইণ্ডিয়ান অফ দা ইয়েৰ।

v) ২০১৭- পদ্মশ্ৰী বঁটা।

vi) ২০১৮- বিৰাটক ছাৰ গাৰফিল্ড ছোবৰ্ছ ট্ৰফী প্ৰদান কৰা হয়।

Virat Kohli With His Wife Anushka Sharma
Virat Kohli With His Wife Anushka Sharma

বিৰাট কোহলিয়ে বলিউদৰ জনপ্ৰীয় অভিনেত্ৰী অনুস্কা শৰ্মাৰ সৈতে ২০১৭ চনত বিবাহপাশত আবদ্ধ হয়। 


বিৰাট কোহলি


বিৰাট কোহলি বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। তেওঁ T20 খেলত সৰ্বাধিক ১০,০০০ ৰান কৰা প্ৰথমজন ব্য়ক্তি।

        
Hirak Jyoti Bora.