উভচৰ প্ৰাণী
উভচৰ শ্ৰেণীৰ প্ৰাণীসমূহ মৎস্য় শ্ৰেণীৰ প্ৰাণীৰ সমূহতকৈ কিছু বেলেগ হয়। ইহঁতৰ চালত বাকলি নাথাকে কিন্তু ইয়াত শ্লেষ্মা গ্ৰন্থি থাকে। দুটা কোঠালিযুক্ত হৃদযন্ত্ৰৰ সলনি তিনিটা কোঠালীযুক্ত হৃদযন্ত্ৰ থাকে। এই শ্ৰেণীৰ প্ৰাণীসমূহে জলক্লোম নতুবা হাওঁফাওঁৰ সহায়ত উশাহ-নিশাহ লয়। ইহঁতে কণী পাৰে।এই প্ৰাণীসমূহক জল আৰু স্থল দুয়োটা পৰিবেশত পোৱা যায়। ভেকুলী, চুকভেকুলী আৰু চালামাণ্ডাৰ আদি এই শ্ৰেণীৰ প্ৰাণীৰ উদাহৰণ। (চিত্ৰ 7.22 চোৱা)।
![]() |
চিত্ৰ- 7.22 : উভচৰ প্ৰাণী |
Type:- Bidyut Thakuria.
Class 9 Science Assam SCERT Book (Chapter 7)