মাধৱদেৱৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ 


১। শ্ৰী শ্ৰী মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল ?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৪৮৯ চনত জন্ম হৈছিল 

২। শ্ৰী শ্ৰী মাধৱদেৱ কোন আছিল ? 

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ আছিল অসমৰ নৱবৈষ্ণৱ ভক্তিধৰ্ম আন্দোলনৰ এগৰাকী গুৰি ধৰোঁতা ।

৩। মাধৱদেৱ কোন ঠাইত জন্ম হৈছিল ? 

উত্তৰঃ লক্ষিমপুৰ জিলা নাৰায়ণপুৰ লেটেকু পুখুৰী নামৰ ঠাইত । 

৪। মাধৱদেৱৰ মাতৃ নাম কি ?

উত্তৰঃ মাধৱদেৱৰ মাতৃ নাম আছিল মনোৰমা । 

৫। মাধৱদেৱৰ পিতৃ নাম কি ?

উত্তৰঃ মাধৱদেৱৰ পিতৃ নাম আছিল গোৱিন্দগিৰি ।

৬। মাধৱদেৱ কাৰ প্ৰধান শিষ্য় আছিল?

উত্তৰঃ মাধৱদেৱ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য় আছিল।

৭। মাধৱদেৱ কিমান খ্ৰীষ্টাব্দত শৰৎ কালত মহাপুৰুষ দুজনাৰ ঐতিহাসিক সংযোগ ঘটে ?

উত্তৰঃ ১৫২২ খ্ৰীষ্টাব্দত শৰৎ কালত মহাপুৰুষ দুজনাৰ ঐতিহাসিক সংযোগ ঘটে ।

৮।মাধৱদেৱ কিমান খ্ৰীষ্টাব্দত নাৰায়ণপুৰ ত্যাগ কৰে ?

উত্তৰঃ ১৫০৩ খ্ৰীষ্টাব্দত নাৰায়ণপুৰ ত্যাগ কৰে । 

৯। শ্ৰী শ্ৰী মাধৱদেৱ জীৱনৰ প্ৰথমছোৱাত কি ধৰ্মী আছিল ?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱ জীৱনৰ প্ৰথমছোৱাত শাক্তধৰ্মী আছিল । 

১০। শ্ৰী শ্ৰী মাধৱদেৱে সৰ্বমুঠ কিমান টা বৰগীত ৰচনা কৰিছিল ?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱে সৰ্বমুঠ ১৫৭ টা বৰগীত ৰচনা কৰিছিল । 

১১। মাধৱদেৱে ৰচনা কৰা চমু পৰিসৰত নাটককেইখনক কি বুলি কোৱা হয় ?

উত্তৰঃ  মাধৱদেৱে ৰচনা কৰা চমু পৰিসৰত নাটককেইখনক ঝুমুৰা বুলি কোৱা হয়। 

১২। কোচবিহাৰত কিমান চনত মহাপুৰুষ মাধৱদেৱৰ তিৰোধন হয় ?

উত্তৰঃ কোচবিহাৰত ১৫৯৬ চনত মহাপুৰুষ মাধৱদেৱৰ তিৰোধন হয় ।

১৩। গুৰুজনাই মাধৱদেৱক কি বুলি সম্বোধন কৰে ? 

উত্তৰঃ গুৰুজনাই মাধৱদেৱক 'বঢ়ৰ পো' বুলি সম্বোধন কৰে।

১৪। মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি কি ?

উত্তৰঃ মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি হ'ল- নামঘোষা ।

১৫। মাধৱদেৱে ৰচনা কৰা হেজাৰী ঘোষা কাক বোলে ?

উত্তৰঃ নামঘোষত এহেজাৰ ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বোলা হয় । 

১৬। মাধৱদেৱে ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভগাব পৰি আৰু কি কি ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা গীতসমূহক দুই ভাগত ভগাব পাৰি- বৰগীত আৰু ভটিমা ।

১৭। মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ কি ?

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ হ'ল- বৰপেটা আৰু সুন্দৰীদিয়া ।

১৮। ডক্তৰ কাকতিদেৱ নামঘোষাকে মাধৱদেৱক কি বুলি আখ্যা দিছিল ? 

উত্তৰঃ ডক্তৰ কাকতিদেৱ নামঘোষাকে মাধৱদেৱক মহাপ্ৰাস্থানিক গীত বুলি আখ্যা দিছিল ।

১৯। মাধৱদেৱৰ জীৱনৰ শেষ বিয়ষত কি ৰচনা কৰিছিল ?  

উত্তৰঃ  মাধৱদেৱৰ জীৱনৰ শেষ বিয়ষত নামঘোষা ৰচনা কৰিছিল। 

২০। মাধৱদেৱৰ জীৱনৰ প্ৰধান বৈষ্ট্যিত কি ? 

উত্তৰঃ মাধৱদেৱৰ জীৱনৰ প্ৰধান বৈষ্ট্যিত হ'ল- গুৰুভক্তি ।

২১। মাধৱদেৱে ৰচনা কৰা ভটিমা কাক বোলে ? 

উত্তৰঃ ভাট নামৰ গায়কসকলে পৰিৱেশন কৰা ভক্তিমূলক গীতসমূহকে ভটিমা বোলে।

২২। মাধৱদেৱে ৰচনা কৰা ভটিমা মূলতে কেইপ্ৰকাৰ ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা ভটিমা মূলতে চাৰি প্ৰকাৰ ।

২৩। মাধৱদেৱে ৰচনা কৰা ভটিমাসমূহ কি ভাষাত ৰচনা কৰা হৈছে ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা ভটিমাসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰা হৈছে । 

২৪। মাধৱদেৱ কি আছিল ?

উত্তৰঃ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ দৰেই ধৰ্মপ্ৰচাৰক আৰু বহুমুখী প্ৰতিভাৰ আকাৰ আছিল ।

২৫। তেজৰে কমলাপতি বৰগীতটো কোনে ৰচনা কৰিছিল ?

উত্তৰঃ  তেজৰে কমলাপতি বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল । 

২৬। মাধৱদেৱে ৰচনা কৰা অংকীয়া নাটৰ অৰ্থ কি ?

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা অংকীয়া নাটৰ অৰ্থ হ'ল- একাংকিকা নাটক ।

২৭। মহাপুৰুষ মাধৱদেৱ কি আছিল ? 

উত্তৰঃ মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰৱেত্তা, সুগায়ক, কবি, নাট্যকাৰ আৰু গীতিকাৰ আছিল 

২৮। বৈষ্ণৱ ধৰ্মত শৰণ লোৱা আগতে কি লোক আছিল ? 

উত্তৰঃ বৈষ্ণৱ ধৰ্মত শৰণ লোৱা আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল ।

২৯। চৰিত্ৰপুথিত মাধৱদেৱে ৰচনা কৰা তিনিখন নাট কি কি ?

উত্তৰঃ চৰিত্ৰপুথিত মাধৱদেৱে ৰচনা কৰা তিনিখন নাট হ'ল- নৃসিংহ যাত্ৰা, গোৱৰ্দ্ধন যাত্ৰা, আৰু ৰাম যাত্ৰা । 

৩০। বৰগীতটি কোনে ৰচনা কৰা ? 

উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ।

৩১। মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ হৰিশিঙা গিৰীৰ ঘৰতে মাধৱদেৱৰ জন্ম হয় । 

৩২। কোনে অসমত সাহিত্য আৰু সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি যোগাই থৈ গৈছে ?

উত্তৰঃ শ্ৰী শ্ৰী মাধৱদেৱে অসমত সাহিত্য আৰু সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি যোগাই থৈ গৈছে।