বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ | Chapter 11 | Class 3 Environment Question Answer Assamese Medium | Class 3 Environment Solution | Class 3 Environment Suggestion | Class 3 Environment Question Answer Noets |  তৃতীয় শ্ৰেণী পৰিৱেশ কিতাপৰ বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ পাঠটো প্ৰশ্ন আৰু উত্তৰ |


বাঁহ-বেতৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ


 ১) উত্তৰ লিখা। 

(ক) বাঁহেৰে সজা দুটা বাদ্যযন্ত্ৰৰ নাম

উত্তৰঃ- বাঁহেৰে সজা দুটা বাদ্যযন্ত্ৰৰ নাম হৈছে বাঁহী আৰু টকা।


(খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰি বিধ বাঁহ-বেতৰ বস্তুৰ নাম 

উত্তৰঃ- ঘৰত সজাবলৈ ব্যৱহাৰ কৰা চাৰি বিধ বাঁহ-বেতৰ বস্তুৰ নাম জাপি, বাঁহ-বেতেৰে তৈয়াৰী বেগ, ফুলদানি, শৰাই।


(গ) কাপোৰ ব'বলৈ ব্যৱহাৰ কৰা দুবিধ সূতাৰ নাম

উত্তৰঃ- কাপোৰ ব'বলৈ ব্যৱহাৰ কৰা দুবিধ সূতাৰ নাম কপাহী আৰু এৰী।


(ঘ) কপাহী সূতাৰে তৈয়াৰ কৰা দুই ধৰণৰ সাছ-পোছাকৰ নাম

উত্তৰঃ- কপাহী সূতাৰে তৈয়াৰ কৰা দুই ধৰণৰ সাছ-পোছাকৰ নাম গামোছা, কপাহী চাদৰ।


২) তলত দিয়া ঠাইবোৰ কি উৎপাদনৰ বাবে বিখ্যাত লিখা।

 শুৱালকুছিঃ- পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।

 কাছাৰঃ- পাটী আৰু বেতৰ বস্তু বাবে বিখ্য়াত।

 নলবাৰীঃ- বাঁহ-বেতৰ বিভিন্ন বস্তুৰ আৰু জাপি বাবে বিখ্যাত।

 ঢকুৱাখনাঃ- পাট, মুগা কাপোৰৰ বাবে বিখ্যাত


৩) তলত দিয়া বস্তুবোৰ একো একোটা ব্যৱহাৰ লিখা-

বিচনীঃ- গৰম দিনত বতাহ পাবৰ বাবে ব্যৱহাৰ কৰা হয়। 

 মূঢ়াঃ- বহীবৰ বাবে।

 চালনীঃ- চাউল চালিবৰ বাবে।

জাপিঃ- বিহু নাচিবৰ বাবে বা ঘৰ সজোৱা।


৪) খালী ঠাই পূৰ কৰা-

(ক) অসমত বাঁহ-বেত প্ৰচুৰ পৰিমাণে উৎপন্ন হয়।

(খ) কাছাৰ জিলা পাটী আৰু বেতৰ বস্তু উৎপাদনৰ বাবে বিখ্যাত।

(গ) ঢকুৱাখনা পাট, মুগা কাপোৰৰ বাবে বিখ্যাত।

(ঘ) আমাৰ গাঁও অঞ্চলত প্ৰায়ভাগ মানুহৰ ঘৰতে তাঁত-শাল   আছে।

(ঙ) অসমৰ পাট-মুগা আৰু এৰী কাপোৰবোৰে দেশে-বিদেশে আদৰ পাইছে।

(চ) কাপোৰ উৎপাদন কৰা কেন্দ্ৰটোক বয়ন কেন্দ্ৰ বোলে। 

(ছ) বাঁহ-বেতৰে সজা বস্তুবোৰ বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি।


৫) 'ক' অংশৰ লগত 'খ' মিলাই লিখা-

গগণা - এবিধ বাদ্যযন্ত্ৰ

জাকৈ - এবিধ মাছ ধৰা সঁজুলি

তাঁত-শাল - এবিধ কাপোৰ বোৱা সঁজুলি

ফুলদানি - এবিধ ঘৰ সজোৱা সঁজুলি


Nayan Jyoti Bordoloi

(Morigaon, Assam)