আকাশৰ কথা 

১) উত্তৰ লিখা। 

(ক) দিশ প্ৰধানকৈ কেইটা আৰু কি কি?

উত্তৰঃ- দিশ প্ৰধানকৈ চাৰিটা। সেইকেইটা হ'ল পূৰ্ব, পশ্চিম, উত্তৰ আৰু দক্ষিণ।


(খ) আকাশত কি কি দেখা পোৱা যায়?

উত্তৰঃ- আকাশত জোন, বেলি আৰু তৰা আদি থাকে। 


(গ) চন্দ্ৰ নিজা পোহৰ আছে নে?

উত্তৰঃ- চন্দ্ৰ নিজা পোহৰ নাই।


(ঘ) বেলি আন এটা নাম কি?

উত্তৰঃ- বেলি আন এটা নাম সূৰ্য। 


(ঙ) ৰামধেনু ৰংকেইটাৰ নাম কি কি?

উত্তৰঃ- ৰামধেনু ৰং ৭ টা। সেইকেইটা হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।


২) শুদ্ধ উত্তৰটোৰ বাছি উলিয়াই '✔' চিন দিবা-

(ক) পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ/সূৰ্য/তৰাবোৰ আছে।

উত্তৰঃ- সূৰ্য।


(খ) পূৰ্ণিমাৰ পৰা অমাৱশ্যালৈ ১০/১৫ দিন সময় লাগে

উত্তৰঃ- ১৫ দিন।


(গ) খালী চকুৰে সূৰ্যলৈ চাব লাগে / নালাগে।

উত্তৰঃ- নালাগে।


(ঘ) ৰামধেনু মুঠতে পাঁচটা /সাতটা ৰঙ।

উত্তৰঃ- ৭ টা।


৩) খালী ঠাই পূৰ কৰা-

(ক) সূৰ্যটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা। 


(খ) দেখাত সমান যেন লাগিলেও সূৰ্য চন্দ্ৰতকৈ বহুত বেছিগুণে ডাঙৰ।


(গ) তৰাবোৰ বহুত দূৰত থকাৰ কাৰণে সৰু সৰু দেখোঁ।


(ঘ) চন্দ্ৰ নিজা পোহৰ নাই।


৪) দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নালাগে লিখা। 

উত্তৰঃ- ৰাতিপুৱা আৰু সন্ধিয়া সময়ৰ বাহিৰে অইন সময়ত বিশেষকৈ দুপৰীয়া বেলিটিলৈ চাব নালাগে। কিয়নো এই সময়ছোৱাত বেলি পোহৰে চকু চাট মাৰি ধৰে। এই তীব্ৰ পোহৰে চকুৰ অনিষ্ট কৰে। 

Nayan Jyoti Bordoloi 

(Morigaon,Assam)




Post ID : DABP005184