জোখ মাখ 


দূৰত্বঃ

    কোনো এটা বস্তু কিমান দীঘল বা কিমান বহল তাক জানিবলৈ দূৰত্বৰ জোখ মাখ ব্য়ৱহাৰ কৰোঁ। তাৰোপৰি কোনো এখন ঠাইৰ পৰা আন এখন ঠাইৰ মাজৰ দূৰত্ব জানিবলৈও আমি এই জোখ ব্য়ৱহাৰ কৰোঁ। দীঘৰ একক ছেণ্টিমিটাৰ। উদাহৰণস্বৰূপে পেঞ্চিলৰ দীঘ, কলমৰ দীঘ, কিতাপৰ দীঘ আৰু প্ৰস্থ দূৰত্ব হিচাপৰ সহায়ত গণণা কৰিব পাৰোঁ।

1 ছেণ্টিমিটাৰ = 10 মিলিমিটাৰ

1 মিটাৰ = 100 ছেণ্টিমিটাৰ

1 কিলোমিটাৰ = 1000 মিটাৰ।


* দূৰত্বৰ একক কি ?

উত্তৰঃ ছেণ্টিমিটাৰ


উদাহৰণঃ তলৰ সংখ্য়াবোৰক মিটাৰ আৰু ছেণ্টিমিটাৰত প্ৰকাশ কৰা-

1.5 Km, 2.25Km

উত্তৰঃ 

আমি জানো যে 1 Km = 1000 m আৰু 1 m = 100 Cm

1.5 

= 1 Km + 500 m

= 1000 m + 500 m

= 1500 m

= ( 1500 x 100 ) Cm

= 1,50,000 Cm


2.25

= 2 Km + 250 m

= 2000 m + 250 m

= 2250 m

= ( 2250 x 100 ) Cm

= 2,25,000 Cm


বস্তুৰ ভৰঃ

    বিভিন্ন ধৰণৰ সামগ্ৰীৰ ভৰ বা ওজন জুখিবলৈ আমি এই ধৰণৰ হিচাপ ব্য়ৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে শাক-পাচলি, চেনি-চাহপাত, ধান-মাহ আদি জুখিবলৈ ব্য়ৱহাৰ কৰা হয়।

1 কিলোগ্ৰাম = 1000 গ্ৰাম।


* ভৰৰ একক কি?

উত্তৰঃ গ্ৰাম


উদাহৰণঃ তলৰ সংখ্য়াবোৰক গ্ৰামত প্ৰকাশ কৰা - 

2.5 Kg, 4.25 Kg, 3.45 Kg

উত্তৰঃ

আমি জানো যে, 1 Kg = 1000 g

2.5Kg

= 2 Kg + 500 g

= 2000 g + 500 g

= 2500 g


4.25 Kg

= 4 Kg + 250 g

= 4000 g + 250 g

= 4250 g


3.45

= 3 Kg + 450 g

= 3000 g + 450 g

= 3450 g


জুলীয়া বস্তুৰ জোখ -মাখঃ

    গাখীৰ, পানী, তেল আদিৰ হিচাপ ৰাখিবলৈ এই জোখ ব্য়ৱহাৰ কৰা হয়।

1 লিটাৰ = 1000 মিলিলিটাৰ


* আয়তনৰ একক কি?

উত্তৰঃ মিলিলিটাৰ


উদাহৰণঃ তলৰ সংখ্য়াসমূহক মিলিলিটাৰত প্ৰকাশ কৰা - 

2.35 L, 4.5 L, 5.25 L

উত্তৰঃ আমি জানো যে, 1L = 1000 ml

2.35 L

= 2 L + 350 ml

= 2000 ml + 350 ml

= 2350 ml


4.5 L

= 4 L + 500 ml

= 4000 ml + 500 ml

= 4500 ml


5.25 L

= 5 L + 250 ml

= 5000 ml + 250 ml

= 5250 ml

-Hiru Moni Bora