Chapter: 4

সমাজ আৰু অৰ্থনীতি (Emergence of Provincial Dynastics)


১. মা-হুৱান নামৰ চীনা নাৱিকজনে কিমান খ্ৰীষ্টাব্দত বঙ্গৰ কি উৎপাদন প্ৰথম উল্লেখ কৰে ?

উত্তৰঃ মা-হুৱান নামৰ চীনা নাৱিকজনে ১৪৩২ খ্ৰীষ্টাব্দত বঙ্গৰ ৰেচম উৎপাদন প্ৰথম প্ৰথম উল্লেখ কৰে।

২. শস্যৰ বীজ বা গুটি সিচাঁৰ প্ৰায় কিমান ঘন্টাৰ আগৰ পৰা সেমেকাই ৰখা হয় ?

উত্তৰঃ শস্যৰ বীজ বা গুটি সিচাঁৰ প্ৰায় ২৪ ঘন্টাৰ আগৰ পৰা সেমেকাই ৰখা হয়। 

৩.কৃষি আৰু ৰাজহ ব্যৱস্থাতো প্ৰাৰম্ভিক তুৰ্কী চুলতানসকলৰ কেইটা ভেঁটিত প্ৰতিষ্ঠিত আছিল আৰু কি কি ?

উত্তৰঃ কৃষি আৰু ৰাজহ ব্যৱস্থাতো প্ৰাৰম্ভিক তুৰ্কী চুলতানসকলৰ দুটা ভেঁটিত প্ৰতিষ্ঠিত আছিল আৰু সেইকেইটা হ'ল-ইক্তা আৰু খেৰাজ।

৪. বহলভাৱে ইক্তাসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ দুটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হ'ল- বৃহৎ ইক্তা আৰু ক্ষুদ্ৰ ইক্তা।

৫. আফিফৰ মতে গাঁওবোৰত প্ৰত্যেকতে কিমানৰ পৰা কিমান পুৰুষ সদস্য আছিল ?

উত্তৰঃ আফিফৰ মতে গাঁওবোৰত প্ৰত্যেকতে ২০০ৰ পৰা ৩০০  পুৰুষ সদস্য আছিল। 

৬. দিল্লীৰ চুলতাসকলৰ অধীনস্থ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ হিন্দু আছিল ?

উত্তৰঃ দিল্লীৰ চুলতাসকলৰ অধীনস্থ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ হিন্দু আছিল।  

৭. চুলতানী সাম্ৰাজ্যত ৰবি আৰু খাৰিফ শস্যৰ অধীনত কিমান বিধ শস্যৰ খেতিৰ নাম উল্লেখ কৰিছে  ?

উত্তৰঃ চুলতানী সাম্ৰাজ্যত ৰবি আৰু খাৰিফ শস্যৰ অধীনত ২৫ বিধ শস্যৰ খেতিৰ নাম উল্লেখ কৰিছে। 

৮. এবিধ নগদী উৎপন্ন বস্তু কি ?

উত্তৰঃ  এবিধ নগদী উৎপন্ন বস্তু হ'ল নীল।

৯. কৃষি উৎপন্ন দ্ৰব্য কি ? 

উত্তৰঃ কৃষি উৎপন্ন দ্ৰব্য হ'ল কানি।

১০. আল্লাউদ্দিনৰ সময়ছোৱাতে ইক্তাসমূহ কেইটা ভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰঃ   দুটা ভাগত ভাগ কৰা হৈছিল যেনে- (ক) দিল্লী চুলতানী প্ৰতিষ্ঠাৰ  আৰম্ভণি সময়ৰ পৰা থকা ইক্তাসমূহ।   (খ) আল্লাউদ্দিনে নিজে অধিকাৰ কৰা অঞ্চল সমূহৰ ইক্তাসমূহ।

Type: Krishna Bora 

Answer type_ Ali rani kakati ( Ba in history Major)