Chapter: 5

ধৰ্ম, সমাজ আৰু সংস্কৃতি (Religion, Society and Culture)  


১. চুফীবাদৰ আন্দোলন আৰু উক্ত ধৰ্মীয় আন্দোলনৰ সমৰ্থক সকলক কি বুলি কোৱা হয় ?

উত্তৰঃ চুফীবাদৰ আন্দোলন আৰু উক্ত ধৰ্মীয় আন্দোলনৰ সমৰ্থক সকলক চুফী বুলি কোৱা হয়।


২. চুফী সকল প্ৰকৃততে কি ধৰ্মী আছিল ?

উত্তৰঃ চুফী সকল প্ৰকৃততে ইছলাম ধৰ্মী আছিল।


৩. ইছলামীয় ৰহস্যবাদৰ অন্য এক নাম কি ?

উত্তৰঃ ইছলামীয় ৰহস্যবাদৰ অন্য এক নাম হ'ল চুফীবাদ।


৪. এজন চুফী ফৰিছুদ্দিন আটৰিয়ে কিমান খন চুফীবাদৰ গ্ৰন্থৰ লিখিছিল বুলি জনা যায় ?

উত্তৰঃ এজন চুফী ফৰিছুদ্দিন আটৰিয়ে ১১৪খন চুফীবাদৰ গ্ৰন্থৰ লিখিছিল বুলি জনা যায়।


৫. আউলীয়াৰ কিমান খৃঃত জন্ম হৈছিল ?

উত্তৰঃ আউলীয়াৰ ১২৩৬ খৃঃত জন্ম হৈছিল।


৬. নিজামুদ্দিন আউলীয়া কিমান বছৰ বয়সত বাবা ফৰিদৰ শিষ্য হয় ?

উত্তৰঃ  নিজামুদ্দিন আউলীয়া ২০ বছৰ বয়সত বাবা ফৰিদৰ শিষ্য হয়।


৭. কিমান খৃঃত আউলীয়া দিল্লীলৈ আহে আৰু প্ৰায় কিমান বছৰ কাল আধ্যাত্মিক চিন্তা চৰ্চা মানুহৰ মাজত প্ৰচাৰ কৰে ? 

উত্তৰঃ ১২৫৮ খৃঃত আউলীয়া দিল্লীলৈ আহে আৰু প্ৰায় ৬০ বছৰ কাল আধ্যাত্মিক চিন্তা চৰ্চা মানুহৰ মাজত প্ৰচাৰ কৰে।


৮. ভক্তসকল কি পন্থী নামেৰে জনা যায় ?

উত্তৰঃ ভক্তসকল কবীৰ পন্থী নামেৰে জনা যায়।


৯. ১৫৩৯ খ্ৰীঃত কাৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৫৩৯ খ্ৰীঃত নানকৰ মৃত্যু হৈছিল।


১০. নানকৰ শিষ্যসকলে নিজকে কি বুলি পৰিচয় দিছিল ? 

উত্তৰঃ নানকৰ শিষ্যসকলে নিজকে 'শিখ' বুলি পৰিচয় দিছিল।


১১. চুফী শব্দটো কৰ পৰা আহিছে ।

উত্তৰঃ  চুফী শব্দটো আৰৱী শব্দ Suf বা উণসূতাৰ পৰা আহিছে ।


১২. চুফী শব্দই কি অৰ্থ বুজায় ।

উত্তৰঃ চুফী শব্দই চাফা পৱিত্ৰ বা পৰিস্কাৰ কৰা বুজায় ।


১৩. চুফীবাদৰ বিকাশ কত হৈছিল ।

উত্তৰঃ  চুফীবাদৰ বিকাশ হৈছিল মেছোপটেমীয়া, আৰৱ, ইৰাণ আৰু আফগানিস্থানত ।


১৪. ভাৰতত চুফী আন্দোলনক কেইটা পৰ্যায়ত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ ভাৰতত চুফী আন্দোলনক দুটা পৰ্যায়ত ভাগ কৰা হয় যেনে 

ক) প্ৰথম পৰ্যায়ৰ সময় নৱম শতিকা 

খ) দ্বিতীয় পৰ্যায়ৰ সময় নৱম শতিকাৰ পৰৱৰ্তী সময়ছোৱা । 


১৫. চুফীবাদৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনৰ নাম কি ।

উত্তৰঃ চুফীবাদৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হল পাৰস্যৰ কায়াজিদ বুস্তামী ।


১৬. ফনা শব্দটো কাৰ ভেটি হৈ পৰিছিল ।

উত্তৰঃ ফনা শব্দটো দৰ্শনৰ ভেটি হৈ পৰিছিল ।


১৭. ফৰিছুদ্দিন আটাৰীয়ে কিমানখন চুফীবাদৰ গ্ৰন্থ লিখিছিল বুলি জনা যায় ।

উত্তৰঃ  ফৰিছুদ্দিন আটাৰীয়ে ১১৪ খন চুফীবাদৰ গ্ৰন্থ লিখিছিল বুলি জনা যায় ।


১৮. এজন শক্তিশালী চুফী সাধকৰ নাম লিখা ।

উত্তৰঃ  এজন শক্তিশালী চুফী সাধকৰ নাম হল আব্দুল-কৰিম-অল-জিলি ।


১৯. আব্দুল-কৰিম-অল-জিলিয়ে ধৰ্মদৰ্শনৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ  আব্দুল-কৰিম-অল-জিলিয়ে ধৰ্মদৰ্শনৰ ওপৰত লিখা গ্ৰন্থখনৰ নান হল ইনচান-ই-কামিল । 


২০. এজন চুফী ভক্তই ভগৱানৰ অংশ হবলৈ প্ৰয়োজন হোৱা আধ্যাত্মিক অনুশীলন কেইটা আৰু কি কি ।

উত্তৰঃ এজন চুফী ভক্তই ভগৱানৰ অংশ লবলৈ প্ৰয়োজন হোৱা আধ্যাত্মিক অনুশীলন চাৰিটা সেইকেইটা হল 

ক) ভগৱানৰ ইচ্ছাৰ ওপৰত সম্পূৰ্ণ নিজক সমৰ্পণ কৰা ।

খ) নিজৰ ব্যক্তি স্বাধীনতা নাশ কৰা ।

গ) অলৌকিক আৰু দৈৱিক গুণ আহৰণ কৰা ।

ঘ) নিজৰ মাজত দেৱত্ব প্ৰাপ্তিৰ অনুভৱ কৰি ইনচান-ই-কামিল পৰ্যায় লাভ কৰা ।


২১. চুফীবাদক কেইটা আচাৰ-নীতিৰ মাজেৰে পাব পাৰি আৰু কি কি ।

উত্তৰঃ  চুফীবাদক তিনিটা আচাৰ-নীতিৰ মাজেৰে পাব পাৰি আৰু সেইকেইটা হল 

ক) ইছলাম ।

খ)  ইমান।

গ) ইহচান ।


২২. ইছলাম, ইমান আৰু ইহচান মানে কি ।

উত্তৰঃ  ক) ইছলাম মানে আল্লাৰ ওচৰত আত্ন-সমৰ্পণ ।

            খ) ইমান হল ইছলামৰ শিক্ষাৰ ওপৰত দৃঢ়বিশ্বাস ৰখা 

            গ) ইহচান হল আল্লাক দেখা নাপালেও তেওঁক শ্ৰদ্ধাভক্তি কৰা আৰু আল্লাৰ অস্তিত্ব অনুভৱ কৰা ।


২৩. চুফীসকলক বহলভাৱে কেইটা ভাগত ভগাব পাৰি আৰু কি কি । 

উত্তৰঃ  চুফীসকলক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হল 

ক) বা-ছৰা বা ব-ছাৰা  যিসকলে ইছলামীয় আইন-কানুন বা চৰিয়ত মানি চলে 

খ বে-ছৰা যিসকলে ছৰিয়ত মানি চলাতো বাধ্যতামূলক বুলি গণ্য নকৰে ।


২৪. চিস্তী সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক কোন আছিল ।

উত্তৰঃ  চিস্তী সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক আছিল খোৱাজা আব্দুল চিস্তী ।


২৫. ভাৰতবৰ্ষত চিলচিলাৰ প্ৰতিষ্ঠাপক কোন আছিল ।

উত্তৰঃ ভাৰতবৰ্ষত চিলচিলাৰ প্ৰতিষ্ঠাপক আছিল খোৱাজা মইনুদ্দিন চিস্তী । 


২৬. তৰাইনৰ প্ৰথম যুদ্ধ কিমান খ্ৰীঃত হৈছিল ।

উত্তৰঃ ১১৯১ খ্ৰীঃত তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ।


২৭. কিমান খ্ৰীঃত খোৱাজা মইনুদ্দিন চিস্তীৰ মৃত্যু হৈছিল ।

উত্তৰঃ  ১২৩৫ খ্ৰীঃত খোৱাজা মইনুদ্দিন চিস্তীৰ মৃত্যু হৈছিল ।


২৮. মইনুদ্দিন চিস্তীৰ দুজন শিষ্যৰ নাম লিখা ।

উত্তৰঃ মইনুদ্দিন চিস্তীৰ দুজন শিষ্যৰ নাম হল 

ক) বখতিয়াৰ কাকী ।

খ) ফৰিদউদ্দিন গঞ্জ-ই- ছকন ।


২৯. শিখসকলৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম কি ।

উত্তৰঃ শিখসকলৰ প্ৰধান ধৰ্মগ্ৰন্থখনৰ নাম হল গ্ৰন্থ চাহিব । 


৩০.ভাৰতবৰ্ষত খ্যাতি অৰ্জন কৰা দুজন চুফী সন্যাসীৰ নাম লিখা ।

উত্তৰঃ ভাৰতবৰ্ষত খ্যাতি অৰ্জন কৰা দুজন চুফী সন্যাসীৰ নাম হল 

ক) নিজামুদ্দিন আউলিয়া ।

খ) নাছিৰুদ্দিন চিৰাগ-ই-দিল্লী ।


৩১. চিস্তী আৰু চুহৰাবাদী চিলচিলাৰ মাজত পাৰ্থক্য কি আছিল ।

উত্তৰঃ  দিল্লী আৰু চুহৰাবাদী চিলচিলাৰ মাজত প্ৰধান পাৰ্থক্য আছিল চিস্তীসকলে কঠোৰ সংযম আৰু দৰিদ্ৰ তথা সাধাৰণ জীৱন-যাপনক গুৰুত্ব দিয়াৰ বিপৰীতে চুহৰাবাদীসকল ইয়াৰ বিপৰীত আছিল । তাৰোপৰি চিস্তীসকল ৰাজনীতিৰ পৰা দূৰত থকা উপৰিও অভিজাত গোষ্ঠীৰ সংগ ত্যাগ কৰাৰ বিপৰীতে চুহৰাবাদীসকলে চৰকাৰী পদবী গ্ৰহণ কৰিছিল ।


৩২. চুফীবাদৰ ধৰ্মীয় আদৰ্শ আৰু ৰীতি-নীতিকেইটাৰ বিষয়ে লিখা ।

উত্তৰঃ  চুফীবাদৰ ধৰ্মীয় আদৰ্শ আৰু ৰীতি-নীতিকেইটা হল 

ক) চুফীবাদে ঐশ্বৰিক পৰম শক্তিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ বাবে চুফীমাৰ্গ বা তৰীকা অৱলম্বনত অধিক গুৰুত্ব দিয়ে ।

খ) চুফীসকলৰ বিশ্বাস অনুসৰি আল্লাৰ অস্তিত্ব অনুভৱ কৰিবলৈ এজন ভক্তই নিজৰ মানসিক স্থিতি পৰ্যায়ক্ৰমে কেইবাটাও স্থানত পৰিবৰ্তন কৰিব লাগিব ।

গ) এই চুফীপথ কেৱল এজন আধ্যাত্মিক গুৰুৱে পাৰ হৈ আহিছে আৰু আল্লাৰ লগত সংযোজিত হৈছে । তেনে ব্যক্তিৰ সহায় অবিহনে চুফীপথ অতিক্ৰম কৰিব পৰা নাযায় ।

ঘ) এই পীৰ বা মুৰাশ্বিদৰ অধীনত শিষ্যজনে উপৰুক্ত মকামত আৰু হাল সফলতাৰে অতিক্ৰম কৰিবলৈ কিছুমান আধ্যাত্মিক ক্ৰিয়া-কৰ্ম, যেনে-আত্ম-সংযম, ভগৱানৰ নাম স্মৰণ বা জিক্ৰ আৰু কিচ্ছ সাধনাত মগ্ন হব লাগিছিল ।

ঙ) চুফীবাদৰ আন এক ধৰ্মীয় ব্যৱস্থা হল চুফীসকলৰ একোজন নেতৃস্থানীয় গুৰুৰ অধীনত সংঘবদ্ধ কৰি চিলচিলা সৃষ্টি কৰা । প্ৰতিটো চিলচিলাৰ চুফী সন্তজনৰ শিষ্যসকলক নিৰ্দিষ্ট চিলচিলাত অন্তভূৰ্ক্ত কৰিব পাৰি ।


৩৩. চিস্তী চিলচিলা প্ৰতিষ্ঠা লাভ কৰা অঞ্চলসমূহ কি কি ।

উত্তৰঃ  চিস্তী চিলচিলা প্ৰতিষ্ঠা লাভ কৰা অঞ্চলসমূহ হল আজমীৰ, ৰাজস্থান, পঞ্জাৱ, উত্তৰ প্ৰদেশ, বিহাৰ, বঙ্গ, উৰিষ্যা আৰু দাক্ষিণাত্যৰ কিছুমান ঠাই ।


৩৪. শ্বেইখ নিজামুদ্দিন আউলীয়াক কি বুলি জনা যায় ।

উত্তৰঃ শ্বেইখ নিজামুদ্দিন আউলীয়াক মেহবুব-ই-ইলাহী ।


৩৫. ভাৰতত জনপ্ৰিয় হৈ উঠা আনটো চুফী চিলচিলাৰ নাম কি ।

উত্তৰঃ  ভাৰতত জনপ্ৰিয় হৈ উঠা আনটো চুফী চিলচিলাৰ নাম হল চুহৰাবাৰ্দী চিলচিলা ।


৩৬. চুহৰাবাৰ্দী চিলচিলাৰ প্ৰতিষ্ঠাপক কোন আছিল ।

উত্তৰঃ চুহৰাবাৰ্দী চিলচিলাৰ প্ৰতিষ্ঠাপক আছিল শ্বেইখ চিহাবুদ্দিন চুহৰাবাৰ্দী ।


৩৭. বাহাৰুদ্দিন জাকাৰিয়াৰ জন্ম কত হৈছিল ।

উত্তৰঃ বাহাৰুদ্দিন জাকাৰিয়াৰ জন্ম হৈছিল মূলতানত ।


৩৮. জাকাৰিয়াৰ পুত্ৰৰ নাম কি আছিল ।

উত্তৰঃ জাকাৰিয়াৰ পুত্ৰ নাম আছিল বদৰুদ্দিন আৰিফ ।


৩৯. কেইটামান উল্লেখযোগ্য চিলচিলাৰ নাম লিখা ।

উত্তৰঃ  কেইটামান উল্লেখযোগ্য চিলচিলাৰ নাম 

ক) কাদিৰী চিলচিলা ।

খ) চাতাৰি চিলচিলা ।

গ) ফিৰদৌচি চিলচিলা । 


৪০. ভক্তি আন্দোলন কি ।

উত্তৰঃ ভক্তি আন্দোলন হল মধ্য যুগৰ চুলতানী আমোলৰ এটা উল্লেখযোগ্য ঘটনা ।


৪১. উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰচাৰ চলোৱা দুজন ব্যক্তিৰ নাম লিখা ।

উত্তৰঃ উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ প্ৰচাৰ চলোৱা দুজন ব্যক্তিৰ নাম হল 

ক) নামদেৱ ।

খ) ৰামানন্দ ।


৪২. মুক্তি বা ভগৱানক লাভ কৰাৰ পথ কেইটা আৰু কি কি ।

উত্তৰঃ মুক্তি বা ভগৱানক লাভ কৰাৰ পথ তিনিটা হল 

ক) কৰ্ম ।

খ) জ্ঞান 

গ) ভক্তি ।


৪৩. বেদৰ মতে কৰ্ম মানে কি ।

উত্তৰঃ বেদৰ মতে কৰ্ম মানে হল ত্যাগ বা বলিদান ।


৪৪. জ্ঞানৰ বাবে প্ৰয়োজন হোৱা কাৰণ কেইটা কি কি ।

উত্তৰঃ জ্ঞানৰ বাবে প্ৰয়োজন হোৱা কাৰণ দুটা হল 

ক) বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰকৃত চৰিত্ৰ বুজিবলৈ ।

খ) মানৱৰ আত্মাক দাসত্ব আৰু দুখ-যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ, ব্ৰাহ্মণ, পণ্ডিত সাহিত্য কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ মাজত এই পথটো বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল । 


৪৫. চতুদৰ্শ-পঞ্চদশ শতিকাৰ সন্ত কবি এজনৰ নাম লিখা ।

উত্তৰঃ চতুদৰ্ষ পঞ্চদশ শতিকাৰ সন্ত কবি এজনৰ নাম হল কবীৰ ।


৪৬. কিমান খ্ৰীঃত কবীৰৰ জন্ম হৈছিল ।

উত্তৰঃ ১৪৪০ খ্ৰীঃত কবীৰৰ জন্ম হৈছিল ।


৪৭. কিমান খ্ৰীঃত কবীৰৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৫১৮ খ্ৰীঃত কবীৰৰ মৃত্যু হৈছিল ।


৪৭. কবীৰৰ ভক্তসকলক কি বুলি কোৱা হয় ।

উত্তৰঃ কবীৰৰ ভক্তসকলক কবীৰপন্থী নামেৰে জনা যায় ।


৪৮. কবীৰৰ বাণীসমূহ সংকলিত হৈ ৰোৱা পুথিখনৰ নাম কি ।

উত্তৰঃ কবীৰৰ বাণীসমূহ সংকলিত হৈ ৰোৱা পুথিখনৰ নাম হল বিজাক । 


৪৯. কবীৰৰ সমসাময়িক এজন উল্লেখযোগ্য সন্তৰ নাম কি ।

উত্তৰঃ কবীৰৰ সমসাময়িক এজন উল্লেখযোগ্য সন্তৰ নাম হল গুৰু নানক ।


৫০. শিখ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম কি ।

উত্তৰঃ  শিখ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম হল গুৰু নানক ।


৫১. গুৰ নানকৰ জন্ম কিমান খ্ৰীঃত আৰু কেতিয়া হৈছিল ।

উত্তৰঃ  ১৪৬৯ খ্ৰীঃত পঞ্জাৱৰ চেইমোপুৰা জিলাৰ তালবন্দী নামৰ ঠাইত গুৰু নানকৰ জন্ম হৈছিল । 


৫২. কিমান খ্ৰীঃত গুৰু নানকৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৫৩৯ খ্ৰীঃত গুৰু নানকৰ মৃত্যু হৈছিল । 


৫৩. ভক্তি  পৰম্পৰাৰ ইতিহাসৰ আটাইতকৈ বিখ্যাত মহিলা কবিগৰাকীৰ নাম কি ।

উত্তৰঃ  ভক্তি পৰম্পৰাৰ ইতিহাসৰ আটাইতকৈ বিখ্যাত মহিলা কবিগৰাকীৰ নাম হল মীৰাবাঈ ।


৫৪. মীৰাবাঈৰ ভজন-কীৰ্তনসমূহ কোনখন গ্ৰন্থত সন্নিবিষ্ট হৈ আছে ।

উত্তৰঃ মীৰাবাঈৰ ভজন-কীৰ্তনসমূহ ভক্তি-ৰত্নাৱলী গ্ৰন্থখনত সন্নিৱিষ্ট হৈ আছে ।


৫৫. লালদেদ বা লালেশ্বৰী কোন আছিল ।

উত্তৰঃ লালদেদ বা লালেশ্বৰী এগৰাকী কাশ্মিৰী কবি আছিল ।


৫৬. লালদেদৰ জীৱনৰ বিষয়ে উল্লেখ থকা প্ৰথমখন লিখিত গ্ৰন্থৰ নাম কি ।

উত্তৰঃ  লালদেদৰ জীৱনৰ বিষয়ে উল্লেখ থকা প্ৰথমখন লিখিত গ্ৰন্থৰ নাম হল তধকিৰাত-উল-আৰিফিন ।


৫৭. বাবা দাউদ মিচকাটিৰে কিমান খ্ৰীঃত আচাৰুল-আকবৰ গ্ৰন্থখন ৰচনা কৰিছিল ।

উত্তৰঃ ১৬৫৪ খ্ৰীঃত বাবা দাউদ মিচকাটিৰে আচাৰুল আকবৰ গ্ৰন্থখন ৰচনা কৰিছিল ।


৫৮. ভক্তি আন্দোলনৰ লক্ষ্য কেইটা আৰু কি কি ।

উত্তৰঃ ভক্তি আন্দোলনৰ লক্ষ্য দুটা হল 

ক) হিন্দু-মূৰ্তি পূজা, যাগযজ্ঞ জাতিভেদ প্ৰথাৰ বিৰোধিতা ।

খ) হিন্দু-মুছলমানৰ মাজত একতা বা ভাতৃত্ব ভাব প্ৰতিষ্ঠা কৰা ।


৫৯. ৰুমীৰ সম্পূৰ্ণ নাম কি ।

উত্তৰঃ ৰুমীৰ সম্পূৰ্ণ নাম আছিল জালালুদ্দিন ৰুমী ।


৬০. ৰুমীক কি বুলি সন্মান কৰা হয় ।

উত্তৰঃ ৰুমীক মৌলানা বুলি সন্মান কৰা হয় ।


৬১. ব্ৰজ উপভাষাত ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম কি ।

উত্তৰঃ ব্ৰজ উপভাষাত ৰচনা কৰা গ্ৰন্থ দুখনৰ নাম হল

ক) বিনয় পত্ৰিকা ।

খ)  সুৰ সাগৰ ।


৬২. কিমান খ্ৰীঃত গজপতি সূৰ্যবংশী নামৰ লোকজনে সিংহাসন আৰোহণ কৰিছিল ।

উত্তৰঃ ১৪৩৫ খ্ৰীঃত গজপতি সূৰ্যবংশী নামৰ ৰজাজনে সিংহাসন আৰোহণ কৰিছিল ।


৬৩. সৰলা দাসে মহাভাৰত গ্ৰন্থখন কি ভাষাত ৰচনা কৰিছিল ।

উত্তৰঃ সৰলা দাসে মহাভাৰত মহাকাব্যখন উড়িয়া ভাষাত ৰচনা কৰিছিল । 


৬৪. মাৰাঠী সাহিত্যৰ পিতৃ বুলি কাক কোৱা হয় ।

উত্তৰঃ  জ্ঞানেশ্বৰক মাৰাঠী সাহিত্যৰ পিতৃ বুলি কোৱা হয় ।


৬৫. আদি গ্ৰন্থখন কোনে কিমান খ্ৰীঃত ৰচনা কৰিছিল ।

উত্তৰঃ  ১৬০৪ খ্ৰীঃত গুৰু অৰ্জুনদেৱে আদি গ্ৰন্থখন ৰচনা কৰিছিল ।



Type: Krishna Bora

Author _ Ali rani kakati ( Ba in History Major )