তৰ্কবিজ্ঞান
👉MCQs Online Exam
👉Click Here YouTube Video
👉Click Here Book PDF Free
👉Short Question Answer
👉Paid Answer (Buy Now)
1. শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ
(a) তৰ্কশাস্ত্ৰই চিন্তা / সৌন্দৰ্য/ সম্পদ অধ্যয়ন কৰে।
উত্তৰঃ চিন্তা।
(b) পদ/ বচন/ যুক্তি/ সত্য় এই সকলবোৰ তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত।
উত্তৰঃ যুক্তি।
(c) তৰ্কবিদ্য়া কলা / বিজ্ঞান/ কলা আৰু বিজ্ঞান দুয়োটা উভয়েই।
উত্তৰঃ কলা আৰু বিজ্ঞান দুয়োটা উভয়েই।
(d) তৰ্কবিজ্ঞান বিষয়নিষ্ঠ/ বস্তুনিষ্ঠ/ আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ বস্তুনিষ্ঠ
(e) তৰ্কবিদ্য়া হৈছে সৌন্দৰ্য/ সম্পদ/ সত্য়ৰ বিজ্ঞান।
উত্তৰঃ সত্য়ৰ বিজ্ঞান।
(f) তৰ্কবিদ্য়াৰ সম্বন্ধ প্ৰত্যক্ষ/ অনুমান/ উপমানৰ লগত।
উত্তৰঃ অনুমান
(g) তৰ্কশাস্ত্ৰ শুদ্ধ চিন্তাৰ বাবে উপযোগী/ অনুপযোগী।
উত্তৰঃ উপযোগী।
2. খালী ঠাই পূৰণ কৰাঃ
(a) তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠা বিজ্ঞান।
(b) তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়ে ।
3. উত্তৰ দিয়াঃ
(a) 'তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান'- উক্তিটো সত্য় নে?
উত্তৰঃ সত্য়
(b) 'লগচ'ৰ অৰ্থ 'ভাষাত প্ৰকাশিত চিন্তা'- কথাবোৰ সঁচানে?
উত্তৰঃ সঁচা
(c) তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞাননে?
উত্তৰঃ নহয়।
(e) 'তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই'- এই উক্তিটো সত্য়নে?
উত্তৰঃ সত্য।
(f) পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য় উল্লেখ কৰা।
উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ ঠেক, কিন্তু প্ৰতীক্ষাত্মক তৰ্কবিজ্ঞানৰ পৰিসৰ বহল।
(g) 'গণিতৰ বিকাশৰ সৈতে প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত'- এইটো সত্য় বুলি বিবেচনা কৰানে?
উত্তৰঃ সত্য।
(h) 'পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য় কেৱল ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য়'- এইটো সত্য় বুলি বিবেচনা কৰানে?
উত্তৰঃ সত্য।
(i) 'প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এখ দীৰ্ঘ ইতিহাস আছে'- এইটো সত্য় বুলি বিবেচনা কৰানে?
উত্তৰঃ সত্য।
(j) প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপনে?
উত্তৰঃ হয়।
4. উদাহৰণ দিয়াঃ
(a) বস্তুনিষ্ঠ বিজ্ঞান
উত্তৰঃ বস্তুনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হ'ল-
বস্তুনিষ্ঠ তৰ্কবিজ্ঞানত চিন্তাৰ বস্তুগত সত্য়তা আলোচনা কৰা হ'য়।
(b) আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হ'ল-
(i)নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান।
(ii)নীতিবিজ্ঞানৰ আদৰ্শ'পৰম কল্য়াণ বা ' শ্ৰেষ্ঠ'। দে
(c) বিজ্ঞান।
উত্তৰঃ বিজ্ঞানৰ উদাহৰণ হ'ল- শৰীৰবিদ্য়া ।
(d) কলা।
উত্তৰঃ কলা উদাহৰণ হ'ল-
শৰীৰবিদ্য়া এক প্ৰকাৰৰ বিজ্ঞান।
এই বিজ্ঞানে দেহৰ অভ্য়ন্তৰৰ স্নায়ু,অস্থি আদি শৰীৰৰ বিভিন্ন অংশৰ অৱস্থান,গঠন কাৰ্য আদি সম্পৰ্কে জ্ঞান দিয়ে. কিন্তু অস্ত্ৰ চিকিৎসা এক প্ৰকাৰৰ কলাবিদ্য়া।
5. সংজ্ঞা দিয়াঃ
(a) বিজ্ঞান।
উত্তৰঃ প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তি,প্ৰমাণিক,যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে।
(b) আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে ধৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।
(c) বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান।
উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰুপ বা প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰে, তাকে বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে।
(d) কলা।
উত্তৰঃ যি বিদ্যাই কোনো নিদিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে।
6. উত্তৰ দিয়াঃ
(a) আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ আদৰ্শনিষ্ঠ বিজ্ঞানৰ দুটা উদাহৰণ হল- নীতিবিজ্ঞান আৰু তৰ্কবিজ্ঞান।
(b) বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হল- পদাৰ্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আৰু মনোবিজ্ঞান।
(c) বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থক্য় উল্লেখ কৰা।
উত্তৰঃ বিজ্ঞান আৰু কলাৰ তিনিটা পাৰ্থক্য় হল-
(1) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱতনা দিয়ে আৰু কলা বিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগয়।
(2) বিজ্ঞানে আমাক জানিবলৈ শিকায় আৰু কলাবিদ্যাই কৰিবলৈ শিকায়।
(3) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱতনা দিয়ে আৰু কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃতি যোগায়।
(d) পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য় উল্লেখ কৰা।
উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা তিনিটা পাৰ্থক্য়বোৰ হল-
(1) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক।
(2) পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাসতকৈ আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাস দীৰ্ঘ।
(3) পৰম্পৰাগত তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ অতি সীমিত।
7. পাৰ্থক্য় দেখুওৱাঃ
(a) বস্তুনিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ বস্তুনিষ্ঠ বিজ্ঞান বাস্তৱতা ভিত্তিক কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞান মূল্যভিত্তক। বিজ্ঞানৰ অনুসন্ধানৰ বিষয়বস্তু কিভাৱে উৎপত্তি হয়, বিকাশপ্ৰাপ্ত বৃহয় আৰু পৰিণতি লাভ কৰে, বস্তুনিষ্ঠ বিজ্ঞানে তাৰ যথাযথ বৰ্ণনা দিয়ে। যেনে- মনোবিজ্ঞান এক বস্তুনিষ্ঠা বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু মন।
(b) আকাৰগত সত্য়তা আৰু বস্তুগত সত্য়তা।
উত্তৰঃ সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে, কিন্তু ধাৰণা বা চিন্তাৰ লগত বাস্তৱ জগতৰ বস্তুৰ অনুৰুপতাৰ জৰিয়তে যি সভ্যতাত উপনীত হোৱা দেখা যায় তাক বস্তুগত সত্যতা বোলে।
(c) বিজ্ঞান আৰু কলা।
উত্তৰঃ বিজ্ঞান আৰু কলাৰ মাজত থকা পাৰ্থক্যবোৰ হল-
(i) বিজ্ঞানে জানিবলৈ শিকায়, কিন্তু কলাবিদ্যাই কৰিবলৈ শিক্ষাই।
(ii) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে, কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰবৃত্তি যোগায়।
(iii) বিজ্ঞানে বস্তুৰ স্বভাৱ উপাদান আৰু নিয়মাৱলীৰ জ্ঞান দিয়ে, কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে।
(iv) কিছুমান ঘটনা বা বস্তুৰ স্বভাৱ পৰ্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ অথবা বস্তুৰ স্বভাৱ সম্পৰ্কে সাধাৰণ নিয়ম প্ৰতিষ্ঠা কৰা বিজ্ঞানৰ কাৰ্য।
(d) প্ৰত্য়ক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান।
উত্তৰঃ কোনো জ্ঞানৰ সহায় নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক প্ৰত্যক্ষ জ্ঞান বোলে। আনহাতে কোনো জ্ঞানৰ ভিত্তিক লাভ কৰা জ্ঞান হৈছে পৰোক্ষ জ্ঞান।
8. চমুটোকা লিখাঃ
(a) আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বোলে। আদৰ্শক মানদণ্ড হিচাপে সন্মুখত ৰাখি নীতিবিজ্ঞানে মানুহৰ কাৰ্যকলাপ বিচাৰ কৰে।
(b) তৰ্কবিজ্ঞান অধ্যয়নৰ উপয়োগিতা।
উত্তৰঃতৰ্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা সমূহ হল-
(i) সকলো বিজ্ঞান তৰ্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তৰ্কবিজ্ঞানেহে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ বিধি-নিয়মসমূহ নিৰ্দেশ কৰে। সেইদৰে বিভিন্ন প্ৰকাৰৰ কলাবিদ্যাও নিজ নিজ উদ্দেশ্য সাধনৰ বাবে তৰ্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল।
(ii) তৰ্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। তৰ্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ সাধাৰণ বিধি-নিয়মসমূহ পালন কৰি দোষ-ক্ৰতি দূৰ কৰি শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হব পাৰি আৰু ইয়াৰ জৰিয়তে যথাৰ্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি।
(c) আকাৰগত সত্য়তা।
উত্তৰঃ সংগতিপূৰ্ণ চিন্তাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে। সংগতিপূৰ্ণ চিন্তা বুলিলে অন্তবিৰোধমুক্ত চিন্তাক বুজায়। বৃত্তাকাৰ আয়তক্ষেত্ৰ, বক্ৰ সৰলৰেখা- এনে চিন্তা বা ধাৰণা আভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয়, ই আত্মবিৰোধযুক্ত। গতিকে, ইয়াৰ আকাৰগত সত্যতা নাই। কিন্তু গোলাকাৰ বৃত্ত- ই আকাৰগতভাৱে সত্য।
(d) বস্তুগত সত্য়তা।
উত্তৰঃ বাস্তৱ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰুপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে। উদাহৰণস্বৰুপে- গছৰ পাত সেউজীয়া বুলি চিন্তা বা ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তৱ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে।
(e) তৰ্কবিজ্ঞানৰ পৰিসৰ।
উত্তৰঃ কোনো এক বিজ্ঞানৰ পৰিসৰ বুলি কলে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তৰ্কবিজ্ঞানৰ পৰিসৰ বুলি কলে তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তৰ্কবিজ্ঞানেও এটা নিদিষ্ট বিভাগ সম্পৰ্কে আলোচনা কৰে।
(f) তৰ্কবিজ্ঞানৰ বিষয়বস্তু।
উত্তৰঃ
9. উদাহৰণৰ সৈতে সংজ্ঞা দিয়াঃ
(a) আদৰ্শনিষ্ঠ বিজ্ঞান।
উত্তৰঃ যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠি হিচাপে ধৰি বস্তু বা ঘটনাৰ মূল্য নিৰূপণ কৰে তাকে আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। আদৰ্শনিষ্ঠ বিজ্ঞানৰ উদাহৰণ হ'ল-
(i)নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান।
(ii)নীতিবিজ্ঞানৰ আদৰ্শ'পৰম কল্য়াণ বা ' শ্ৰেষ্ঠ'।
(b) বিষয়নিষ্ঠ বিজ্ঞান
উত্তৰঃ যি বিজ্ঞানে বিষয়বস্তুৰ যথাৰ্থ স্বৰুপ বা প্ৰকৃতিৰ সম্পৰ্কে আলোচনা কৰে, তাকে বিষয়নিষ্ঠ বা বস্তুনিষ্ঠ বিজ্ঞান বোলে। বিষয়নিষ্ঠ বিজ্ঞানৰ তিনিটা উদাহৰণ হল- পদাৰ্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আৰু মনোবিজ্ঞান।
উত্তৰঃ প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুসংবদ্ধ, যুক্তি,প্ৰমাণিক,যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান বোলে। বিজ্ঞানৰ উদাহৰণ হ'ল- শৰীৰবিদ্য়া।
(d) কলা।
উত্তৰঃ যি বিদ্যাই কোনো নিদিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি নিয়মৰ শিক্ষা দিয়ে তাকে কলা বোলে। কলাৰ উদাহৰণ হল অস্ত্ৰ চিকিৎসা।
10. তৰ্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া। কি কি কাৰণত ই সন্তোষজনক বুজাই দিয়া।
উত্তৰঃ এলড্ৰিচ, এলবাৰ্টাচ মেগনেচ, হোৱেট্লি, মিলৰ তৰ্কবিজ্ঞান সম্পৰ্কীয় সংজ্ঞা বিচাৰ কৰিলে মিলৰ সংজ্ঞাটো অধিক সন্তোষজনক বুলি বিবেচিত কৰা হয়।
আকাৰগত আৰু বস্তুগত সত্যতা ইয়াত দেখা যায়। সেইবাবে ইয়াক সন্তোষজনক বুলি কোৱা হয়।
11. তৰ্কবিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া।
উত্তৰঃ বুদ্ধিবৃত্তি মানুহৰ এটা বিশেষ গুণ। বুদ্ধি থকাৰ বাবে মানুহ আন জীৱতকৈ পৃথক। বুদ্ধিবৃত্তিৰ বাবে মানুহে চিন্তা কৰিব পাৰে। কিন্তুূ চিন্তা সকলো সময়তে শুদ্ধ নহবও পাৰে।
12. তৰ্কবিজ্ঞান পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি?
উত্তৰঃ তৰ্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা কৰে। পৰোক্ষ জ্ঞান তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়। তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়- চিন্তা বা অনুমান আৰু ইয়াৰ প্ৰামাণ্য নিৰুপক বিধিসমূহ। তৰ্কবিজ্ঞান চিন্তাৰ শুদ্ধতা বা অনুমানৰ যথাৰ্থতাৰ লগত জড়িত। চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তৰ্কবিজ্ঞানৰ বিষয় নহয়। তৰ্কবিজ্ঞান পৰিমাণৰ লগত জড়িত। পদ, বচন,যুক্তি, তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়।
তৰ্কবিজ্ঞানে নিগমন আৰু আগমন এই দুয়ো প্ৰকাৰৰ অনুমানৰ আলোচনা কৰাৰ লগতে উভয়ৰে সহায়কাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে। তৰ্কবিজ্ঞানে আকাৰগত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতাৰে আলোচনা কৰে। আধুনিক প্ৰতীকাত্মক তৰ্কবিজ্ঞানে বিশুদ্ধ আকাৰমূলক বিজ্ঞান হিচাপে আকাৰ সম্পৰ্কে আলোচনা কৰে।
তৰ্কবিজ্ঞানে চিন্তাৰ মূল সূত্ৰাৱলী- তাদাত্ম্য নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম সম্পৰ্কেও আলোচনা কৰে।
সত্যতা নিৰুপক নীতি-নিয়মসমূহ যথাৰ্থভাৱে পালন নকৰিলে যিবোৰ দোষৰ উদ্ভৱ হয়, তৰ্কবিজ্ঞানত সেই দোষবোৰ সম্পৰ্কেও আলোচনা কৰা হয়।
13. তৰ্কবিজ্ঞান বিজ্ঞান নে কলা?
উত্তৰঃ তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হল চিন্তা বা অনুমান। চিন্তা বা অনুমান আলোচনা কৰোতে তৰ্কবিজ্ঞানে চিন্তা বা অনুমানৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়েও আলোচনা কৰে। তৰ্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি, ভূল-ভান্ত্ৰি পৰিহাৰ কৰি শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্য এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্কবিজ্ঞানৰ উদ্দেশ্য হল সত্যতাত উপনীত হোৱা। গতিকে, তৰ্কবিজ্ঞানৰ বিষয়ত্মক আৰু ব্যৱহাৰিক উভয় দিশেই আছে।
গতিকে, তৰ্কবিজ্ঞান কেৱল বিজ্ঞান বা কলা নহয়। তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। বিজ্ঞান আৰু কলাৰ মাজত যদিও পাৰ্থক্য নিৰুপণ কৰা হয়, তথাপি উভয়েই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ পৰা লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনো উদ্দেশ্য সাধন কৰাৰ বাবে প্ৰয়োগ কৰিলেহে জ্ঞান সাৰ্থক হয়।
14. তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞান নে আদৰ্শনিষ্ঠ বিজ্ঞান?
উত্তৰঃ
15. তৰ্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা।
উত্তৰঃ
16. তৰ্কবিজ্ঞান আকাৰগত বিজ্ঞান নে বস্তুগত সত্য়তাৰ লগত জড়িত?
উত্তৰঃ
17. তৰ্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ তৰ্কবিজ্ঞানৰ কোনো উপযোগীতা নাই বুলি কিছুমানে মন্তব্য কৰে। তেওঁলোকৰ মতে, তৰ্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি তৰ্ক কৰিবলৈ নিশিকাই। তৰ্কবিজ্ঞান অধ্যয়ন নকৰিলেও মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে। আনহাতে, তৰ্কবিজ্ঞান অধ্যয়ন কৰিলেও সকলোে সময়তে মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে।
চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। তৰ্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা কৰিবলৈহে শিকায়। তৰ্কবিজ্ঞান অধ্যয়ন নকৰিও শুদ্ধভাৱে যুক্তি-তৰ্ক কৰিবলৈ সক্ষম হোৱা লোকে তৰ্কবিজ্ঞানৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে যুক্তি তৰ্কত অধিক পাৰদৰ্শিতা লাভ কৰিব পাৰিব। তদুপৰি, তেনে লোকৰ ভূল-ভ্ৰান্তি হলে তৰ্কবিজ্ঞানৰ সহায় লোৱাৰ প্ৰয়োজনো হয়য আকৌ, তৰ্কবিজ্ঞান অধ্যয়ন কৰিও শুদ্ধভাৱে চিন্তা নকৰা লোকসকলৰ বাবেই তৰ্কবিজ্ঞান দায়ী হব নোৱাৰে।
তৰ্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। এই নীতি নিয়মসমূহ পালন কৰিলে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হব পাৰি আৰু ইয়াৰ জৰিয়তে যথাৰ্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি।
সকলো প্ৰকাৰৰ বিজ্ঞান আৰু কলা তৰ্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তৰ্কবিজ্ঞান এক মানসিক ব্যায়াম। তৰ্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় হয়, মানসিক উৎকৰ্ষ সাধিত হয়।
তৰ্কবিজ্ঞানৰ অধ্যয়নে মানুহৰ মনত থকা সন্দেহ বা সংশয়, অন্ধবিশ্বাস, কু-সংস্কাৰ, ভাববেগ দূৰ কৰি যুক্তি-বিচাৰৰ দিশত উদগণি যোগায়। তৰ্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা হয়।
শুদ্ধ চিন্তাৰ বিজ্ঞান হিচাপে তৰ্কবিজ্ঞান প্ৰকৃততে সকলো প্ৰকাৰ জ্ঞানান্বেষণ ভিত্তি।
18. প্ৰত্য়ক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰৰ কোন প্ৰকাৰৰ লগত তৰ্কবিজ্ঞান জড়িত?
উত্তৰঃ প্ৰত্য়ক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰৰ পৰোক্ষ জ্ঞানৰ লগত তৰ্কবিজ্ঞান জড়িত। অন্য কোনো জ্ঞানৰ মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে। অনুমান, শব্দ আদিৰ জৰিয়তে লাভ কৰা জ্ঞানেই পৰোক্ষ জ্ঞান।
তৰ্কবিজ্ঞান জ্ঞানৰ বিষয়ৰ সত্যতা প্ৰমাণৰ লগত জড়িত। প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰুপণ কৰাৰ কোনো প্ৰয়োজন নাথাকে। ইন্দ্ৰিয়সমূহ বিকল বা অসুস্থ নহৈ সুস্থ থাকিলে বাহ্য প্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু মন প্ৰকৃতিস্থ থাকিলে অন্তপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান নিৰ্ভূল বা যথাৰ্থ বুলি গ্ৰহণ কৰিবই লাগিব কিন্তু পৰোক্ষ জ্ঞান অৰ্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভূল-ভ্ৰান্ত্ৰি ঘটাৰ সম্ভাৱনা থাকে। গতিকে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত সত্যতা প্ৰমাণ কৰা বা প্ৰামাণ্য নিৰুপণ কৰাৰ প্ৰশ্নটো উথাপিত হয়।
তৰ্কবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় হল অনুমান। মূল বিষয়বস্তুৰ সহায়কাৰী কিছুমান বিষয়ো তৰ্কবিজ্ঞানে আলোচনা কৰে। তৰ্কবিজ্ঞানৰ মূল কাৰ্য হল- সত্যক জনা বা উপলব্ধি কৰা আৰু জ্ঞাত বিষয়ৰ সত্যতাক প্ৰমাণ কৰা।
গতিকে তৰ্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগতহে জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয়। প্ৰাচ্য তৰ্কবিজ্ঞান অনুসৰি সকলো প্ৰকাৰ জ্ঞানেই তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়।
19. মিলৰ তৰ্কবিজ্ঞানৰ সংজ্ঞাটো তৰ্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয়, বিচাৰ কৰা।
উত্তৰঃ মিলৰ তৰ্কবিজ্ঞানৰ সংজ্ঞাটো তৰ্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয়। কাৰণ এলড্ৰিচ, এলবাৰ্টাচ মেগনাচ, হোৱেট্লি, মিলৰ তৰ্কবিজ্ঞান সম্পৰ্কীয় সংজ্ঞা বিচাৰ কৰিলে মিলৰ সংজ্ঞাটো অধিক সন্তোষজনক বুলি বিবেচিত কৰা হয়।
20. তৰ্কবিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা।
উত্তৰঃ তৰ্ক বিজ্ঞানৰ তৰ্কবিজ্ঞান ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান।
21. পৰম্পৰাগত তৰ্কবিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কোনো মৌলিক পাৰ্থক্য় আছে নে? আলোচনা কৰা।
উত্তৰঃ পৰম্পৰাগত তৰ্কবিজ্ঞান বা প্ৰাচীন তৰ্ক বিজ্ঞান বুলিলে গ্ৰীক দাৰ্শনিক এৰিষ্টটলে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰতিষ্ঠা কৰা তৰ্কবিজ্ঞানকে বুজোৱা হয়।
পাৰ্থক্যঃ
পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ইতিহাস দীৰ্ঘ, আনপিনে, আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত। তথাপি পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজত পাৰ্থক্য ক্ৰমোন্নতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য। পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিসৰ আধুনিক তৰ্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক। পৰম্পৰাগত তৰ্কবিজ্ঞানত প্ৰতীকৰ প্ৰয়োগ সীমিত, কিন্তু আধুনিক তৰ্কবিজ্ঞানত প্ৰতীকৰ ব্যাপক প্ৰয়োগ হয়। পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু আধুনিক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত নহয়। উভয়ৰে মাজত মৌলিক কোনো পাৰ্থক্য নাই।
22. প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য় আলোচনা কৰা।
উত্তৰঃ