সপ্তম অধ্য়ায়

সামাজিক নৃতত্ত্ব

অনুশীলনী

১। চমু উত্তৰ দিয়াঃ

(ক) 'কালচাৰ' (Culture) শব্দটো কোনটো মূল শব্দৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ- 

(খ) ক্লাইড ক্লান আৰু আলফ্রেদ ক্ৰোবাৰে সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কে আলোচনা আগবঢ়োৱা কিতাপখনৰ নাম লিখা।

উত্তৰঃ- 

(গ) টাইলৰে কোনখন গ্ৰন্থত সংস্কৃতিৰ সংজ্ঞা আগবঢ়াইছিল? 

উত্তৰঃ- 

(ঘ) সাংস্কৃতিক ঐতিহ্যক কোনে দুটা ভাগত ভাগ কৰিছিল?

উত্তৰঃ- 

(ঙ) সংস্কৃতিৰ পৰিৱৰ্তনৰ দুটা কাৰক লিখা।
উত্তৰঃ- 


২। সংস্কৃতি মানে কি বুজা?
উত্তৰঃ- 


৩। সাংস্কৃতায়ন বুলিলে কি বুজা?
উত্তৰঃ- 

৪। আত্মনৃগোষ্ঠীকেন্দ্রিক আৰু আত্মনৃগোষ্ঠীকেন্দ্রিকতা বুলিলে কি বুজা?
উত্তৰঃ- 

৫। নতুনৰ প্ৰচলনৰ বিষয়ে চমুটোকা লিখা।
উত্তৰঃ- 

৬। সংস্কৃতিক কি কি ভাগত ভগাব পাৰি উদাহৰণসহ লিখা।
উত্তৰঃ- 

৭। সংস্কৃতিকৰণৰ বিষয়ে লিখা।

উত্তৰঃ- 

৮। সাংস্কৃতিক আপেক্ষিকতাবাদৰ ধাৰণা বিশ্লেষণ কৰা।
উত্তৰঃ- 

৯। সাংস্কৃতিক প্ৰসাৰণৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ- 

১০। সাংস্কৃতায়নৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ- 

অতিৰিক্ত প্ৰশ্নঃ

১। সমাজৰ কি কি বিভিন্ন দিশ সম্পৰ্কে সামাজিক নৃতত্ত্বত অধ্য়য়ন কৰা হয় ?

উত্তৰঃ

২। মানৱ সমাজৰ বৈশিষ্ট্য লিখা।

উত্তৰঃ মানৱ সমাজৰ বৈশিষ্ট্যবোৰ হ'ল-

(১) সমাজ এখন বহু সংখ্যক লোকৰ দ্বাৰা গঠিত হয়।

(২) সমাজত নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা থাকে।

(৩) সমাজ নিৰাবয় বা আকাৰ বিহীন। সমাজ এখনৰ কথা অনুভৱহে কৰিব পাৰি।

(৪) সমাজ এখনৰ অন্তৰ্ভুক্ত লোকসকলে একে ৰীতি-নীতি মানি চলে।

(৫) প্ৰত্যেক সমাজতে সমাজখন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কোনো কৰ্তৃপক্ষ থাকে।

(৬) সংস্কৃতি অবিহনে সমাজ গঠিত হ'ব নোৱাৰে। প্ৰতিখন সমাজৰে একো একোটা সংস্কৃতি থাকে।

(৭) সমাজত একোটা নিৰ্দিষ্ট লক্ষ্য থাকে। এই নিৰ্দিষ্ট লক্ষ্যক সমাজত লোকসকলৰ উমৈহতীয়া স্বাৰ্থও বুলিব পাৰি।   

৩। বয়সৰ ভিত্তিত প্ৰতিষ্ঠিত সামাজিক গোটৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰত্যেক সমাজতে ভিন ভিন আধাৰত ভিত্তি কৰি কিছুমান সামাজিক গোট গঠিত হোৱা দেখা যায়। বয়সৰ আধাৰত প্ৰতিস্থিত কিছুমান সামাজিক গোট দেখা যায়, য'ত একে বয়সৰ কিছু ব্যক্তিয়ে কোনো উদ্দেশ্যৰে গোট গঠণ কৰে। বিভিন্ন জনজাতি সমাজত দেখা ডেকাচাং, গাভৰুচাং আদি বয়সৰ আধাৰত প্ৰতিস্থিত সামাজিক গোট। উদাহৰণস্বৰূপে আয়োনগাসকলৰ ডেকাচাং কেৱল ডেকাসকলৰ দ্বাৰাহে গঠিত হয়। তাত প্ৰতিবছৰে নতুনকৈ ডেকাসকলক ভৰ্তী কৰা হয় তিনিবছৰ ধৰি তেওঁলোকৰ বিভিন্ন বিষয়ত প্ৰক্ষিসণ দিয়া হয়। যাতে তেওঁলোকে গাঁৱত থাকি  নিবিশেষে  জীৱন নিৰ্বাহ কৰিব পাৰে আৰু এখন সুস্থ সমাজ গঢ়িব পাৰে।  

৪। আদিম সমাজৰ বৈশিষ্ট্য় লিখা।

উত্তৰঃ আদিম  সমাজৰ বৈশিষ্ট্য় হ'ল- 

(১) আদিম সমাজৰ লোকসকল সাধাৰণতে নিৰক্ষৰ হয়। তেওঁলোকৰ মাজত কোনো লিপি আৰু লিখিত সাহিত্য নাথাকে।

(২) অৰ্থনীতি সৰল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন দেখা যায়।

(৩) এওঁলোকে সাধাৰণতে পিছপৰা আৰু আওহতীয়া ঠাইত বসবাস কৰে।

(৪) প্ৰতিৰক্ষা ব্যৱস্থা স্বয়ংসম্পূৰ্ণ।

(৫) ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰচলন সৰ্বাত্মক। 

৫। উন্নত সমাজৰ বৈশিষ্ট্য় লিখা।

উত্তৰঃ উন্নত সমাজৰ বৈশিষ্ট্য় হ'ল-

(১) উন্নত সমাজত শিক্ষাৰ সু-ব্যৱস্থা আছে। এওঁলোকৰ লিপি আৰু লিখিত সাহিত্যও থাকে।

(২) জনসংখ্যা অধিক। সমাজবোৰৰ ভাগবোৰ ডাঙৰ। যেনে- ৰাজ্য, ৰাষ্ট্ৰ, সাম্ৰাজ্য আদি।

(৩) কাৰিকৰী বিদ্যাত আগবঢ়া।

(৪) বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি সমাজত কৰ্মবিভাজন থাকে।

(৫) অৰ্থনীতি জটিল। ব্যৱসায়-বাণিজ্যৰ প্ৰচলন আছে।

(৬) ধৰ্ম আৰু যাদুবিদ্যাৰ প্ৰভাৱ কম।

(৭) বিজ্ঞান আৰু ধৰ্মৰ প্ৰণালীবদ্ধ চৰ্চা হয়।

(৮) ৰাজনৈতিক বিভাগ আৰু ন্যায়বিভাগ সম্পূৰ্ণ পৃথক।

৬। সমাজৰ সংজ্ঞা দিয়া।

উত্তৰঃ সমাজবিজ্ঞানী আৰ, এম, মেক্ইভাৰ আৰু চি, পেজৰ মতে, সমাজৰ সংজ্ঞাটো হ'ল ' সমাজ হ'ল এটা সামূহিক ব্যৱস্থা য'ত প্ৰচলিত আচাৰ ব্যৱহাৰ, কাৰ্য্যপদ্ধতি, কৰ্তৃত্ব আৰু পাৰস্পৰিক সাহাৰ্য্য, বিভিন্ন গোট আৰু বিভাজন, মানুহৰ আচৰণ আৰু স্বতন্ত্ৰতাৰ নিয়ন্ত্ৰিণ নিহিত হৈ থাকে। '

৭। সামাজিক গোট কি? কিহৰ আধাৰত সামাজিক গোটবোৰ গঠিত হয়?

উত্তৰঃ  সমাজ ব্যক্তিৰে গঠিত যিয়ে বিভিন্ন প্রয়োজন পূৰণৰ বাবে বিভিন্ন গোট গঠন কৰে । এই গোটবোৰকে সামাজিক গোট বুলি কোৱা হয় । সমাজৰ আটাইতকৈ সৰু সামাজিক গোট হ’ল পৰিয়াল । প্রত্যেক সামাজিক গোটৰেই কিছুমান নির্দিষ্ট উদ্দেশ্য আৰু কাৰ্য থাকে আৰু দীঘলীয়া পর্যায় অতিক্রম কৰে । এজন ব্যক্তি স্বতঃক্রিয়ভাৱেই কিছুমান সামাজিক গোটৰ সদস্য হয় কিন্তু আন কিছুমান স্বেচ্ছাই সদস্য হ’ব পাৰে । যেনে— ব্যক্তি এজন জন্মৰ লগে লগেই পৰিয়ালৰ অন্তৰ্ভুক্ত সামাজিক হয়। কিন্তু কোনো ৰাজনৈতিক দলৰ সদস্য হোৱাটো তেওঁৰ ইচ্ছা ওপৰত নিৰ্ভৰ কৰে। সামাজিক গোটবোৰ সাধাৰণতে বিভিন্ন আধাৰত ভিত্তি কৰি গঠিত হয় । সেইবোৰৰ একাদিক্ৰমে তলত বৰ্ণনা কৰা হ’ল— 

 (ক) লিংগৰ আধাৰত প্রতিষ্ঠিত সামাজিক গোট : সমাজৰ মূল ভেটি হ'ল পৰিয়াল । সুস্থ পৰিয়ালত পুৰুষ আৰু নাৰীৰ সম্পূৰ্ণ সহযোগ আৰু পাৰস্পৰিক সহায় অপৰিহাৰ্য । তথাপি বহুতো সমাজত বিশেষকৈ আদিম বা প্রাক্‌ আক্ষৰিক জনজাতীয় সমাজত লিংগৰ ভিত্তিত কিছুমান বিশেষ গোট সৃষ্টি হোৱা দেখা যায় । উদাহৰস্বৰূপে অষ্ট্ৰেলিয়াৰ অদিবাসীসকলৰ মাজত কিছুমান গুপ্ত সমাজ আছে , যিবোৰ কেৱল পুৰুষৰ দ্বাৰাহে গঠিত । আকৌ তাত কিছুমান পুৰুষৰ টোটেম আৰু কিছুমান নাৰীৰ টোটেম দেখিবলৈ পোৱা যায় । সেইদৰে উত্তৰ - পূব ভাৰতৰ জনজাতীয়সকলৰ মাজত পোৱা ডেকা চাং (মৰং) আৰু মধ্য ভাৰতৰ কোনো কোনো ঠাইত পোৱা ডেকা চাং আৰু গাভৰু চাংসমূহ এই ধৰণৰ সামাজিক গোট ।

 (খ) বয়সৰ আধাৰত গঠিত গোটঃ বয়সৰ ওপৰত ভিত্তি কৰি কিছুমান সামাজিক গোট গঠিত হোৱা দেখা যায় । আও নগাসকলৰ ডেকা চাং কেৱল ডেকাসকলৰ দ্বাৰাহে গঠিত হয় । তাত প্ৰতি বছৰে নতুনকৈ ডেকাসকলৰ ভৰ্তি কৰা হয় আৰু তিনি বছৰ ধৰি তেওঁলোকক বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়া হয় যাতে তেওঁলোকে পিছলৈ সুস্থ সমাজ গঢ় দিব পাৰে । সেইদৰে বয়োবৃদ্ধসকলক পঞ্জায়তৰ সভ্য ভৰ্তি কৰা হয় । তেওঁলোকে গাঁৱৰ বিবাদবোৰ বিচাৰ কৰাৰ লগত গাঁৱৰ উন্নতিৰ কাৰণে বিবিধ পৰামর্শ আগবঢ়ায় । 

(গ) আত্মীয়তা বা স্বজনতাৰ ভিত্তিত গঠিত গোটঃ এই ধৰণৰ গোটসমূহ তেজৰ সম্পৰ্কৰ দ্বাৰা বা বিবাহ সম্বন্ধৰ দ্বাৰা গঠিত হয় । এই ধৰণৰ সামাজিক গোটসমূহ হ’ল— পৰিয়াল , বংশগোষ্ঠী , গোত্র , মিত্ৰকূল , মইটি ইত্যাদি ।

 (ঘ) স্থানৰ ভিত্তিক প্রতিষ্ঠিত গোটঃ এটা নির্দিষ্ট এলেকা ধৰি গঠন কৰা গোট এই ভাগৰ অন্তর্ভুক্ত । কোনো এটা চুবুৰী বা কোনো এখন গাঁও এই ধৰণৰ সামাজিক গোট । এই গোটৰ প্ৰত্যেকজন লোক পৰস্পৰৰ প্রতি আৱেগিক আৰু ঘনিষ্ঠভাৱে জড়িত । তেওঁলোকৰ কেতবোৰ উমৈহতীয়া কৰ্তব্য থাকে আৰু গোটৰ লোকসকলৰ প্রতি বিশেষ দায়বদ্ধতা থাকে ।

 (ঙ) সামাজিক স্তৰঃ সমাজত উচ্চ - নিম্ন ভাৱৰ আধাৰত গঠিত কেতবোৰ গোট আছে । হিন্দু সমাজৰ বিভিন্ন জাতি এই ধৰণৰ সামাজিক গোট । অৰুণাচলৰ  চেৰদুকপেনসকলৰ মাজত পোৱা থং (ৰজাৰ বংশৰ) আৰু চাও (সৰ্বসাধাৰণ) এই ধৰণৰ গোট।

 (চ) ৰাজনৈতিক ক্ষমতাঃ কোনো কোনো সমাজত ৰাজনৈতিক ক্ষমতাৰ আধাৰত সামাজিক গোট গঠিত হয় । ৰাজনৈতিক ক্ষমতাৰ ভেটিত মিজোৰামৰ লাখেৰসকলৰ মাজত তিনিটা গোট দেখা যায় । যেনে ৰাজন্যবর্গ , সম্ভ্রান্তবৰ্গ আৰু সৰ্বসাধাৰণ লোক । 

(ছ) জীৱিকা বৃত্তিঃ জীৱিকা বৃত্তিত ভেটিত গঠিত বহুতো সামাজিক গোট দেখিবলৈ পোৱা যায় । ভাৰতবৰ্ষৰ কমাৰ , সোণাৰী , ধোবী , জালৈ , মালী , মুচি , মেটৰ আদি এনে ধৰণৰ গোট । 

(জ) যাদু ধর্মঃ বহুতো সমাজত যাদু - ধৰ্মৰ ওপৰত গঠিত দেখা যায় । আদি সমাজৰ শ্বামান , পাতিৰাভা সমাজৰ ডাইনী , অৰুণাচলৰ   বাঞ্চুসকলে গঠিত কৰা গোটসমূহ এই ধৰণৰ সামাজিক গোট ।

 (ঝ) স্বেচ্ছাই একত্রিত হোৱাঃ কোনো কোনো সমাজত এনে কেতবোৰ গোট থাকে যিবোৰ গোটত সদস্যভর্তি নিজৰ ইচ্ছা - অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে ৷ বিভিন্ন সংঘ , সমিতি ৰাজনৈতিক দল আদি এই ধৰণৰ সামাজিক গোট ৷

৮। সামাজিক অনুষ্ঠান কি? ইয়াৰ বৈশিষ্ট্য়সমূহ উল্লেখ কৰা।

উত্তৰঃ সমাজত ৰীতি-নীতি, মতবাদ, ধৰ্মীয় ক্ৰিয়া আৰু বিভিন্ন কাৰ্যপদ্ধতিৰ ওপতৰ ভিত্তি কৰি সংগঠিত হোৱা অনুষ্ঠানসমূহকে সামাজিক অনুষ্ঠান বোলা হয়।সামাজিক অনুষ্ঠানসমূহ গঢ় লয়  সমাজৰ বিভিন্ন চাহিদা পূৰণৰ বাবে। সমাজ এখন গঢ় লয় বিভিন্ন সামাজিক গোট আৰু সামাজিক অনুষ্ঠানৰ সহ অৱস্থানত।  

সামাজিক অনুষ্ঠান বৈশিষ্ট্য়সমূহ হ'ল-

(১) সামাজিক অনুষ্ঠান কোনো নিৰ্দিষ্ট লক্ষ্যৰ ওপতৰ ভিত্তি কৰি গঢ় লৈ উঠে।

(২) প্ৰত্যেক সামাজিক অনুষ্ঠানৰে বস্তুকেন্দ্ৰিক প্ৰতীক একোটা থাকে।

(৩) সামাজিক অনুষ্ঠানবোৰ নিৰ্দিষ্ট নিয়ম-নীতিৰ আধাৰত পৰিচালিত হয়। অনুষ্ঠানৰ সদস্যসকলে প্ৰচলিত নিয়ম-নীতি মানি চলিব লাগে।

(৪)  অনুষ্ঠানবোৰৰ ধৰ্মীয় মতবাদ আৰু আচাৰ বিধিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা কিছুমান নিৰ্দিষ্ট কাৰ্য্য পদ্ধতি আছে।

(৫) অনুষ্ঠানৰ সফলতা নিৰ্ভৰ কৰে সদস্যসকলৰ সামগ্ৰিক সহযোগিতাৰ ওপতৰ।

(৬) সমাজত বিভিন্ন চাহিদা পূৰণ কৰাৰ অৰ্থে সামজিক অনুষ্ঠান গঢ় লৈ উঠে। 

৯। সম্প্ৰদায় কি? ইয়াৰ বৈশিষ্ট্য়সমূহ লিখা।

উত্তৰঃ সম্প্ৰদায় বুলিলে সাধাৰণতে ওচৰা-উচৰিকৈ বসবাস কৰা, প্ৰাত্যহিত জীৱনত মুখামুখি বা নিবিড় সম্বন্ধ ৰক্ষা কৰি বিভিন্ন বন্ধনেৰে বান্ধোন খাই থকা কিছুমান পৰিয়ালৰ সমষ্টিক বুজা যায়।

 সম্প্ৰদায় বৈশিষ্ট্য সমূহ হ'ল -

(১) প্ৰত্যেক সম্প্ৰদায়ৰে একাে একোটা নিৰ্দিষ্ট নাম থাকে।

(২) সম্প্ৰদায়ৰ লোকসকলে কোনো এক নিৰ্দিষ্ট এলেকাত বসবাস কৰে। 

(৩) সম্প্ৰদায়ৰ লোকসকলে দৈনন্দিন জীৱনত সাধাৰণতে ইজনে সিজনৰ লগত মুখামুখি সম্বন্ধ ৰক্ষা কৰি চলে।

(৪) কােনো  সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত পৰিয়াল সমূহৰ জীৱিকা নিৰ্বাহৰ পদ্ধতি সাধাৰণতে একে হয়।

(৫) প্ৰত্যেক সম্প্ৰদায়ৰে নিজস্ব ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আৰু সংস্কৃতি আছে।

১০। মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত থকা পাৰ্থক্য়সমূহ লিখা।

উত্তৰঃ মানৱ সমাজ আৰু ইতৰ সমাজৰ মাজত থকা পাৰ্থক্য়সমূহ হ'ল-

মানৱ সমাজ

ইতৰ সমাজ

১। সামাজিক আচৰণবোৰ বা ৰীতি-নীতিবোৰ সৰুৰে পৰা মাক-বাপেক আৰু ওচৰ চুবুৰীয়াই শিকোৱা বাবেহে আয়ত্ব কৰিব পাৰে।

২। আচৰণবোৰ কোনেও নিশিকোৱাকৈয়ে সহজাত প্ৰবৃত্তিৰ ফলত অনুসৰণ কৰে।

২। যৌন আচৰণ সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত।

২। যৌন আচৰণ নিয়ন্ত্ৰিত নহয়।

৩। কৰ্মবিভাজন দৈহিক সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল।

৩। কৰ্মবিভাজন জৈৱিক প্ৰয়োজনৰ ওপৰত নিৰ্ভৰশীল।

৪। মানুহৰ ভাষা আৰু সংস্কৃতিৰ আছে।

৪। ইতৰ প্ৰাণীৰ ভাষা আৰু সংস্কৃতি নাই।

৫। সকলো সময়তে যৌন কৰ্মত লিপ্ত হব পাৰে।

৫। ঋতু অনুযায়ী যৌন কৰ্মত লিপ্ত হয়।

     


Check by - Mukesh Borah

Author: Himashree Bora.