অধ্য়ায় ১

                                                ভাৰতীয় দৰ্শনৰ স্বৰূপ 
                                        (Nature of Indian Philosophy)



প্রশ্নাৱলা (Questions)

Answer the following questions

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া : 

1. What is the etymological meaning of 'Darsana' ?

‘দৰ্শন' শব্দৰ ব্যুৎপত্তিগত অর্থ কি?

Ans -  ইংৰাজী 'Philosophy' শব্দৰ প্ৰতিশব্দ হিচাপে 'দৰ্শন' শব্দটো ভাৰতত প্ৰচলিত হৈছে। ভাৰতীয় 'দৰ্শন' শব্দটো আহিছে সংস্কৃত 'দৃশ' ধাতুৰ পৰা। দৃশ + অনট্ = দৰ্শন। অৰ্থাৎ 'দৃশ' ধাতুৰ লগত 'অনট্' প্ৰত্য়য় যুক্ত হৈ 'দৰ্শন' শব্দৰ উৎপত্তি হৈছে। গতিকে ধাতুগত বা ব্য়ুৎপত্তিগত অৰ্থত 'দৰ্শন' শব্দৰ অৰ্থ হল 'দেখা' বা 'চাক্ষুষ প্ৰত্য়ক্ষণ' - 'দৃশ্য়তে অনেন ইতি দৰ্শনম্' অৰ্থাৎ 'যাৰ দ্বাৰা দেখা যায় সিয়েই দৰ্শন'।

 2. What is the meaning of Astika ?

আস্তিকৰ অৰ্থ কি?

Ans - আস্তিক বুলিলে যিয়ে ঈশ্বৰৰ অস্তিত্বত বিশ্বাসী তাক বুজায়। আস্তিক শব্দই ঈশ্বৰৰ অস্তিত্বত বিশ্বাস থকাটো নুবুজায়। 

3. What are the Astika systems?

 আস্তিক সম্প্রদায়বোৰ কি কি?

Ans - ন্য়ায়, বৈশেষিক, সাংখ্য়, যোগ, মীমাংসা আৰু বেদান্ত - এই ষড়দৰ্শন হল বেদ-বিশ্বাসী আস্তিক দৰ্শন। কাৰণ এই দৰ্শন সম্প্ৰদায়বোৰ বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰি লয়। এই দাৰ্শনিক সম্প্ৰদায়সমূহে বিশ্বাস কৰে যে, 'বেদা: প্ৰমাণম্'; বেদ অভ্ৰান্ত আৰু সনাতন সত্য়।

4. What is the meaning of Nastika ?

নাস্তিকৰ অৰ্থ কি?

Ans - নাস্তিক বুলিলে ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসীসকলক বুজায়। নাস্তিক দাৰ্শনিকৰ মতবাদক যি বেদক বিশ্বাস নকৰে আৰু বেদৰ সিদ্ধান্ত অভ্ৰান্ত হিচাপে গ্ৰহণ নকৰে। 

5. What are the Nastika Systems?

 নাস্তিক সম্প্রদায়বোৰ কি কি?

Ans - যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰামাণিক গ্ৰন্থ হিচাপে স্বীকাৰ নকৰে, তাক অবৈদিক বা নাস্তিক দৰ্শন বোলা হয়। নাস্তিক দৰ্শন হল বেদ নিন্দুক দৰ্শন। চাৰ্বাক, বৌদ্ধ আৰু জৈন এই ত্ৰয়ীদৰ্শন হল নাস্তিক বা অবৈদিক দৰ্শন।

6. Vedanta Philosophy is Astika / Nastika Philosophy.

বেদান্ত দর্শন আস্তিক / নাস্তিক দর্শন।

Ans - উভয় দৰ্শনৰ পাৰ্থক্য়ৰ প্ৰয়োজনত মীমাংসা দৰ্শনক 'পূৰ্ব-মীমাংসা' বা 'কৰ্ম-মীমাংসা' আৰু বেদান্ত দৰ্শনক 'উত্তৰ-মীমাংসা' বা 'জ্ঞান-মীমাংসা' নামেৰে অভিহিত কৰা হয়। গতিকে ভাৰতীয় দৰ্শনত কৰ্ম-মীমাংসাই হল মীমাংসা দৰ্শন আৰু জ্ঞান-মীমাংসাই হল বেদান্ত দৰ্শন।

 7. According to Indian philosophy, there are three kinds of pains or sufferings. What are they?

 ভাৰতীয় দৰ্শন অনুসৰি জীৱনত তিনি প্ৰকাৰৰ দুখ আছে। এইবোৰ কি কি?

Ans -  

8. What do you mean by spiritualism? 

আধ্যাত্মিকতা বাদ বুলিলে কি বুজা?

Ans - ভাৰতত দৰ্শন মানে এক আধ্য়াত্ম-দৰ্শন। ভাৰতীয় দৃষ্টিভংগীত আধ্য়াত্মিক সত্য়ৰ উপব্ধিকেই দৰ্শন বুলি কোৱা হৈছে, কাৰণ একমাত্ৰ অখণ্ড আধ্য়াত্মিক উপলব্ধিৰ দ্বাৰাহে আত্মজ্ঞান হয়, যাৰ দ্বাৰা জীৱনৰ মুখ্য় উদ্দেশ্য় মোক্ষৰ দুৱাৰত উপনীত হব পাৰি। 

9. Name two authoritative books from where Astika philosophy originated.

দুখন আধাৰগ্ৰন্থৰ নাম লিখা য'ৰ পৰা আস্তিক দর্শন নিঃসৃত হৈছে।

Ans - 

Board Questions:

ৰচনাধর্মী প্রশ্ন ঃ

1. What is darshana? Discuss the difference between Darshana and philosophy.

দর্শন কাক বোলে? ‘দৰ্শন' আৰু 'philosophy' মাজৰ পাৰ্থক্য আলোচনা কৰা। 

Ans - দৰ্শন হল সমগ্ৰ জগত আৰু জীৱন সম্পৰ্কে সামগ্ৰিকভাৱে এক প্ৰণালীবদ্ধ অধ্য়য়ন। ভাৰতীয় দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ হল 'Philosophy'। 

    পাশ্চাত্য়ত 'Philosophy' শব্দটো সৰ্বপ্ৰথম ব্য়ৱহাৰ কৰে গ্ৰীক দাৰ্শনিক পাইথাগোৰাচে (Pythagoras)। পাশ্চাত্য়  'Philosophy' শব্দ আৰু ভাৰতীয় 'দৰ্শন' শব্দক অভিন্ন বুলি ভাবিলে ভূল হব। ভাৰতীয় 'দৰ্শন' শব্দৰ অৰ্থ পাশ্চাত্য় 'Philosophy' শব্দৰ অৰ্থৰ তুলনাত অধিক ব্য়াপক। ভাৰতীয় দৰ্শনে পাশ্চাত্য় 'Philosophy' শব্দৰ সামৰি লৈও অধিক গভীৰ অৰ্থ প্ৰকাশ কৰিছে। 

2. What is philosophy ? How Indian philosophy is different from Western philosophy?

দৰ্শন কাক বোলে? ভাৰতীয় দৰ্শন কেনেদৰে পাশ্চাত্য দৰ্শনৰ পৰা পৃথক?

Ans - দৰ্শন হল সমগ্ৰ জগত আৰু জীৱন সম্পৰ্কে সামগ্ৰিকভাৱে এক প্ৰণালীবদ্ধ অধ্য়য়ন। ভাৰতীয় দৰ্শন শব্দৰ ইংৰাজী প্ৰতিশব্দ হল 'Philosophy'। 

    পাশ্চাত্য় দৰ্শনৰ উৎপত্তি হৈছে জ্ঞানৰ প্ৰয়োজনত। পাশ্চাত্য় জগতত এই জগতৰ অনন্ত বৈচিত্ৰ্য়, অপূৰ্ব ৰহস্য় মানুহৰ মনত বিপুল বিস্ময়ৰ সৃষ্টি কৰে আৰু এই বিস্ময়ৰ বা কৌতুহলৰ পৰাই দৰ্শনৰ উৎপত্তি হয় পাশ্টাত্য় জগতত। পাশ্চাত্য় দৰ্শনৰ মূল উদ্দেশ্য় হল জ্ঞান প্ৰাপ্তি। ভাৰতীয় 'দৰ্শন' শব্দৰ গভীৰতা পাশ্চাত্য় 'Philosophy' শব্দৰ তুলনাত অধিক বেছি। তথাপি 'Philosophy'  শব্দৰ প্ৰতিশব্দ হিচাপে ভাৰতত 'দৰ্শন' শব্দৰ প্ৰচলন আছে। পণ্ডিত মহলে সৰ্বজন স্বীকৃতভাৱে পাশ্চাত্য় 'Philosophy' শব্দৰ প্ৰতিশব্দ হিচাপে ভাৰতীয় 'দৰ্শন' শব্দৰ ব্য়ৱহাৰ কৰিছে। পাশ্চাত্য় দেশত যি বিষয়টোক 'Philosophy' বুলি কোৱা হয় আৰু ভাৰতত যাক 'দৰ্শন' বুলি কোৱা হয় - এই দুটা বিষয়ৰ আলোচনা পদ্ধতি আৰু আলোচ্য় বিষয়বস্তুৰ মাজত সাদৃশ্য় আছে। জীৱনৰ লগত এই দুটা বিষয়ৰ ঘনিষ্ঠ সম্পৰ্কও আছে। সেইকাৰণে 'Philosophy' প্ৰতিশব্দ হিচাপে ভাৰতত 'দৰ্শন' শব্দটো ব্য়ৱহাৰ কৰা হয় আৰু উভয়কে সমাৰ্থক হিচাপে গণ্য় কৰা হয়।

3. Explain the nature of indian philosophy.

 ভাৰতীয় দৰ্শনৰ প্ৰকৃতি বিচাৰ কৰা ।

Ans - ভাৰতীয় দৰ্শনত প্ৰাচীন-নবীন, হিন্দু-অহিন্দু, আস্তিক-নাস্তিক আদি সম্প্ৰদায়ৰ সমাবেশত বিভিন্ন চিন্তাধাৰাৰ সমন্বয় ঘটা দেখা যায় । ভাৰতীয় দৰ্শনত বিভিন্ন সম্প্ৰদায়ত দাৰ্শনিক মতবাদৰ বিস্তৃত আলোচনা কৰা হয় । উদাৰতা আৰু সহণশীলতা – এই দৰ্শনৰ এটা অন্যতম বৈশিষ্ট্য । প্ৰত্যেক সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ মতামত বা সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা আৰু সহণশীলতাৰ প্ৰদৰ্শন কৰি সহবেস্থান কৰে । সম্প্ৰদায়সমূহে পৰস্পৰৰ সমালোচনা কৰি নিজৰ মতবাদ আগবঢ়াইছে । বিৰোধী নীতিবিলাকৰ সমালোচনা খণ্ডন কৰি নিজৰ মত প্ৰতিষ্ঠিত কৰাৰ নীতি অৰ্থাৎ দন্দাত্মক যুক্তি পদ্ধতি ভাৰতীয় দৰ্শনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য । কিন্তু যদি যুক্তিৰ দ্ধাৰা নিজৰ মতবাদ প্ৰতিষ্ঠা কৰিব নোৱাৰে । গতিকে যুক্তি আৰু বিচাৰ বিশ্লেষণ ভাৰতীয় দৰ্শনৰ এটা মূল্য বৈশিষ্ট্য । 


    আকৌ তত্বজ্ঞান লাভ কৰিয়েই ভাৰতীয় দৰ্শন থমি নাথাকে । বাস্তৱিক জীৱনত এই তত্বজ্ঞানৰ প্ৰয়োগ কৰি আদৰ্শ জীৱন নিৰ্বাহ আৰু পৰমাৰ্থ লাভ কৰাই হ’ল ভাৰতীয় দর্শনৰ উদ্দেশ্য । সেইবাবে দৰ্শন আৰু জীৱন ভাৰতীয় দৰ্শনত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে । ভাৰতীয় দর্শন অধিবিদ্যা, জ্ঞানবিদ্যা, প্ৰমূল্যবিদ্যা, তৰ্কবিদ্যা আদি দাৰ্শনিক সমস্যাবোৰৰ আলোচনা, পশ্চাত্য দৰ্শনৰ দৰে প্ৰকৃতভাৱে নকৰি সামগ্ৰীকভাৱে কৰে । সেইকাৰণে, ভাৰতীয় দৰ্শন সৰ্বব্যাপক আৰু সঠিক অৰ্থত জীৱন দৰ্শন । 


4. Explain the Astika - Nastika dichotomy in Indian philosophy. 

ভাৰতীয় দৰ্শনৰ আস্তিক-নাস্তিক দ্বিধাকৰণ সম্পর্কে আলোচনা কৰা ।

Ans - ভাৰতীয় দৰ্শনক সাধাৰণতে দুটা শ্ৰেণীত ভাগ কৰা হয় - আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন। কিন্তু ব্য়ৱহাৰিক জীৱনত আমি আস্তিক আৰু নাস্তিক শব্দটো যি অৰ্থত ব্য়ৱহাৰ কৰো ভাৰতীয় দৰ্শনত এই শব্দটো তেনে অৰ্থত ব্য়ৱহাৰ কৰা নহয়। আস্তিক দৰ্শন বুলিলে ঈশ্বৰবাদী দাৰ্শনিক সম্প্ৰদায়ক বুজায় আৰু নাস্তিক দৰ্শন বুলিলে বুজায় নিৰীশ্বৰবাদী দাৰ্শনিক সম্প্ৰদায়ক। ভাৰতত আস্তিক দৰ্শন মানে বেদ-বিশ্বাসী দৰ্শন আৰু নাস্তিক দৰ্শন হল বেদ - বিৰোধী দৰ্শন। আস্তিক দৰ্শনক বৈদিক দৰ্শন আৰু নাস্তিক দৰ্শনক অবৈদিক দৰ্শন বুলি কোৱা হয়। আস্তিক আৰু নাস্তিক দৰ্শনৰ সংজ্ঞান কব পাৰি যে, যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰমাণিক গ্ৰন্থ হিচাপে স্বীকাৰ কৰে তাক আস্তিক বা বৈদিক দৰ্শন বোলা হয়। এই দাৰ্শনিক সম্প্ৰদায়সমূহে বিশ্বাস কৰে যে, বেদাঃ প্ৰমাণম্, বেদ অভ্ৰান্ত আৰু সনাতন সত্য়। আনহাতে, যি দাৰ্শনিক সম্প্ৰদায় বেদক স্বতঃসিদ্ধ প্ৰমাণিক গ্ৰন্থ হিচাপে স্বীকাৰ নকৰে, তাক অবৈদিক বা নাস্তিক দৰ্শন বোলা হয়।  

5. Discuss the common characteristics of India philosophy. 

ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য বা লক্ষণ সম্পর্কে আলচ কৰা ।

Ans - ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য় বা লক্ষণ সমূহ তলত আলোচনা কৰা হল -

১/ বেদৰ সম্পৰ্কীয় আলোচনাঃ ভাৰতীয় দৰ্শনৰ উৎস হল বেদ আৰু উপনিষদ। বৈদিক বা আস্তিক দৰ্শন বেদৰ প্ৰামাণ্য় স্বীকাৰ কৰে। মীমাংসা আৰু বেদান্ত দৰ্শন প্ৰত্য়ক্ষভাৱে বেদনিৰ্ভৰ আৰু সাংখ্য়, যোগ, ন্য়ায়, বৈশেষিক এই চাৰিদৰ্শন পৰোক্ষভাৱে বেদনিৰ্ভৰ। অবৈদিক দৰ্শন, যেনে - চাৰ্বাক, জৈন আৰু বৌদ্ধ বেদ বিৰোধী। 

২/ ব্য়ৱহাৰিক প্ৰয়োজনঃ ভাৰতীয় দৰ্শনৰ উৎপত্তি হয় জীৱনৰ প্ৰয়োজনীয়তাত। ভাৰতীয় দৰ্শনত কেৱল তাত্ত্বিক আলোচনাই কৰা নহয়, সেই তত্ত্বক ব্য়ৱহাৰিক জীৱনত প্ৰয়োগ কৰাই ভাৰতীয় দৰ্শনৰ মূল উদ্দেশ্য়।  ভাৰতৰ প্ৰায় প্ৰতিটো সম্প্ৰদায়তেই দুখ বা বন্ধনৰ পৰা মুক্তিৰ বাবে বিভিন্ন পথ অনুসৰণৰ কথা কোৱা হৈছে। এই পথসমূহ মানুহে ব্য়ক্তিগত জীৱনত প্ৰয়োগ কৰি পৰমাৰ্থ লাভ কৰা দেখা যায় গতিকে ভাৰতীয় দৰ্শন এক জীৱনদৰ্শন।

৩/ অবিদ্য়া বা অজ্ঞানতাই বন্ধনঃ ভাৰতীয় দাৰ্শনিক শাখাসমূহৰ ভিতৰত চাৰ্বাকৰ বাহিৰে বাকী সকলো দাৰ্শনিক সম্প্ৰদায়ে অবিদ্য়া বা অজ্ঞানতাকে জীৱনৰ বন্ধন আৰু দুখভোগৰ মূল কাৰণ হিচাপে গণ্য় কৰিছে। বন্ধন বুলিলে ভাৰতীয় দাৰ্শনিকসকলে পুনঃপুনঃ জন্মগ্ৰহণ কৰা আৰু তাৰ ফলত দুখভোগ কৰাকে বুজায়। আনহাতে, অবিদ্য়া বুলিলে বুজায় জীৱন আৰু জগতৰ স্বৰূপ সম্পৰ্কীয় অজ্ঞতা। 

৪/ সম্য়ক জ্ঞানঃ ভাৰতীয় দৰ্শনৰ আন এটা বৈশিষ্ট্য় হল এয়ে যে ভাৰতীয় সকলো দাৰ্শনিক সম্প্ৰদায়ে সত্য়ক উপলব্ধি কৰিবলৈ, আত্মোপলব্ধি কৰিবলৈ, অথবা মোক্ষ লাভ কৰিবলৈ সম্য়ক জ্ঞানৰ ওপৰত অত্য়াধিক গুৰুত্ব দিছে। সম্য়ক জ্ঞানৰ জৰিয়তে জীৱ অবিদ্য়া বা অজ্ঞানতাক দূৰ কৰি জগত আৰু জীৱনৰ যথাৰ্থ স্বৰূপ উপলব্ধি কৰিব পাৰে। ইয়াৰ ফলত জীৱ মোক্ষ লাভ কৰিবলৈ সক্ষম হয়।

৫/ আধ্য়াত্মিক অতৃপ্তিঃ ভাৰতীয় দৰ্শন আধ্য়াত্মিক দৰ্শন। আধ্য়াত্মিক অতৃপ্তি বা অশান্তিৰ পৰাই ভাৰতীয় দৰ্শনৰ উদ্ভৱ হৈছে। ভাৰতীয় দাৰ্শনিকসকলৰ মতে, মনুষ্য় জীৱন দুখময়, যন্ত্ৰনাময় - মানুহে সকলো সময়তে দুখ-কষ্টৰ মাজতে জীৱন নিৰ্বাহ কৰিছে। ভাৰতীয় দাৰ্শনিকসকলে উপলব্ধি কৰিছে যে, সমগ্ৰ জগতেই অস্থিৰ, সমগ্ৰ জগতেই দুখময়, মানুহৰ জীৱনৰ এক অপূৰ্ণ জীৱন। ভাৰতীয় দাৰ্শনিকৰ মনত আধ্য়াত্মিক অতৃপ্তিৰ সৃষ্টি হয় আৰু এই আধ্য়াত্মিক অস্বিত্ব বা অতৃপ্তিৰ পৰাই দৰ্শনৰ উদ্ভৱ হয়।  

6. What are the points of difference between Vedic and non-Vedic philosophy ? Discuss.

বৈদিক আৰু অবৈদিক দৰ্শনৰ মাজৰ পাৰ্থক্যবোৰ কি কি? আলোচনা কৰা।

Ans - ভাৰতীয় দৰ্শনৰ মুঠ নটা সম্প্রদায়ক দুটা ভাগত বিভক্ত কৰা হয়— বৈদিক আৰু অবৈদিক। ভাৰতীয় দৰ্শনত যিবোৰ দার্শনিক সম্প্রদায়ে বেদক স্বতঃসিদ্ধ আৰু প্রামাণ্য গ্রন্থ হিচাপে গ্ৰহণ কৰিছে সেইবোৰ দৰ্শনক বৈদিক দর্শন বোলে। ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত দর্শনে বেদক প্রামাণিক গ্রন্থ হিচাপে গ্ৰহণ কৰি লয় কাৰণে এই ছয় দর্শনক বৈদিক দর্শন বোলে। বেদৰ অস্তিত্ব আৰু সভ্যতাকস্বীকাৰ কৰে কাৰণে ইহঁতক আস্তিক দর্শন বোলা হয়।


    আনহাতে যিবোৰ দৰ্শনে বা দার্শনিক সম্প্রদায়ে বেদক স্বতঃসিদ্ধ আৰু প্রামাণ্য গ্রন্থ হিচাপে গ্ৰহণ নকৰে সেইবোৰ দৰ্শন বা দার্শনিক সম্প্রদায়ক অবৈদিক দর্শন বা সম্প্রদায় বোলে। চার্বাক, জৈন আৰু বৌদ্ধ দর্শনে বেদক প্রামাণিক গ্রন্থ হিচাপে স্বীকাৰ নকৰে। এইবোৰ বেদ বিৰোধী৷ সেইবাবে এই তিনি দর্শনক অবৈদিক দর্শন বা সম্প্রদায় বোলে। এই তিনি দর্শনে বেদব অস্তিত্ব স্বীকাৰ নকৰে কাৰণে ইহঁতক নাস্তিক দর্শন বা সম্প্রদায় বোলে। বৈদিক সম্প্রদায়ে বেদৰ কথাবোৰ অভ্রান্ত আৰু চিৰন্তন বুলি মানি লয়। বেদৰ বাণীসমূহৰ বিৰুদ্ধে কোনো বিতৰ্কৰ প্ৰশ্ন অৱতাৰণা নকৰে। বিনা প্রতিবাদে বেদৰ সত্যতাক স্বীকাৰ কৰে। আনহাতে অবৈদিক দর্শনে বেদৰ বাণীসমূহ স্বতঃসিদ্ধআৰু স্বতঃপ্রামাণ্য বুলি গ্ৰহণ নকৰে। তেওঁলোকৰ চিন্তা আৰু বিচাৰ স্বতঃস্ফূর্ত আৰু মুক্ত। বেদৰ প্রামাণ্যক মূল আৰু সত্য বুলি মানি নলয়। তেওঁলোকে বেদৰ বাণীসমূহৰ বিৰোধিতা কবে। এয়ে ভাৰতীয় দৰ্শনৰ বৈদিক আৰু অবৈদিক দর্শন বা সম্প্রদায়ৰ মাজত পার্থক্য।


7. Discuss five general characteristics of Indian philosophy.

 ভাৰতীয় দৰ্শনৰ পাঁচটা সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰা।

Ans - ভাৰতীয় দৰ্শনৰ পাঁচটা সাধাৰণ বৈশিষ্ট্য় হল - 

১/ বেদৰ সম্পৰ্কীয় আলোচনা

২/ ব্য়ৱহাৰিক প্ৰয়োজবোধ

৩/ আধ্য়াত্মিক অতৃপ্তি

৪/ আত্মাৰ সনাতন সত্তাত বিশ্বাস

৫/ সনাতন নৈতিক নিয়মত বিশ্বাস 

8. What are the various schools of Indian philosophy? Discuss briefly each of them.

ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্রদায়বোৰ কি কি? প্ৰত্যেকটোৰে বিষয়ে চমুকৈ আলচ কৰা।

Ans - ভাৰতীয় দৰ্শনৰ মুঠ নটা সম্প্রদায় আছে। এই সম্প্রদায়কেইটা হ’ল চার্বাক, জৈন, বৌদ্ধ, ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদাত্ত। এই গোষ্ঠীসমূহৰ চমু আভাস দাঙি ধৰা হ’ল।


১। চার্বাক দর্শনঃ এই দৰ্শনৰ প্ৰতিষ্ঠাতা সম্পর্কে খাটাংকৈ কোৱাটান। কিছুমানে কয় যে, চার্বাক নামৰ ঋষি এজনে এই দৰ্শন প্ৰৱৰ্তন কৰিছিল। আন কিছুমানে কয় যে বৃহস্পতি নামৰ ঋৰি এজন এই দৰ্শনৰ প্ৰৱৰ্তক। চার্বাক দর্শন এক বস্তুবাদী ও সুখবাদী দর্শন। এই দর্শনে আত্মা, ঈশ্বৰ আদিত বিশ্বাস নকৰে। প্রত্যক্ষই জ্ঞানার্জনৰ এক মাত্র উৎস।

২। জৈন দর্শনঃ জৈন ধৰ্মৰ প্ৰতিষ্ঠাতা আছিল মহাবীৰ জৈন। জৈনৰ মতে জ্ঞানৰ উৎস হ’ল তিনিটা— প্রত্যক্ষ, অনুমান আৰু শব্দজ্ঞান।

জৈন দর্শনে স্যাদবাদ আৰু অনেকান্ত বাদ নামৰ দুটা সূত্ৰ ৰচনা কৰি ক্ৰমে তৰ্কশাস্ত্ৰ আৰু বস্তুৰ অনেক ধর্ম সম্বন্ধে জ্ঞান দি থৈ গৈছে। জৈন দর্শনে আত্মাৰ অস্তিত্ব স্বীকাৰ কৰে। মানুহৰ উপৰিও জন্তু, তলতা আনকি ধুলিকণাৰো আত্মা আছে বুলি বিশ্বাস কৰে। প্ৰত্যেক আত্মাই অসীম চেতনা শক্তি আৰু সুখ লাভ কৰিব পাৰে। কিন্তু আত্মাই বস্তু বাসনাত কর্মবন্ধনত পতিত হয়। এই বন্ধনৰ পৰা মুক্ত হ’ব পাৰিলে আত্মাই পৰম শাস্তি বা সুখ লাভ কৰিব পাৰে। এই অৱস্থাক মুক্তিৰ অৱস্থা বুলি কোৱা হয়৷

জৈন দর্শনে ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰে।

৩। বৌদ্ধ দর্শন ঃ বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তৰ্ক আছিল গৌতম বুদ্ধ মানুহৰ দুখ-যাতনা, জবা ব্যাধি আদিয়ে তেওঁৰ মন বেছিকৈ আকৰ্ষিত কৰিছিল। ইয়াৰ কাৰণ আৰু উপশমৰ উপায় বিচাৰি ধ্যানত মগ্ন হৈ শেষত সত্যজ্ঞানৰ সন্ধান পাইছিল। এই সত্যজ্ঞান চাৰিটা আর্যসত্য নামে জনাজাত। চাৰিটা আর্যসত্য : (১) দুখ আছে, (২) দুখৰ কাৰণ আছে, (৩) দুখৰ নিবৃত্তি আছে, (৪) দুখ নিবৃত্তিৰ উপায় আছে।

বৌদ্ধ দৰ্শনে ঈশ্বৰ বিশ্বাস নকৰে। আত্মাৰ বন্ধনৰ পৰা মুক্তিৰ বাবে নিৰ্বাৰ্ণক বিশ্বাস কৰে। সংসাৰৰ দুখ-যাতনা, জন্ম মৃত্যুৰ চক্ৰ আদিৰ পৰা মুক্ত লাভকেই নির্বাণ বোলে ৷ বুদ্ধৰ মতে এই নির্বাণ এই জীৱনতে লাভ কৰিব পাৰি। বুদ্ধ দৰ্শনত চাৰিটা তত্ত্ব পোৱা যায় : (১) প্রতিত্য সমুপাদ বাদ। (২) ক্ষণিক বাদ। (৩) আনাত্মবাদ। (৪) কর্মবাদ।

৪। ন্যায় দর্শনঃ ন্যায় দৰ্শনৰ প্ৰৱৰ্তক হ’ল গৌতম মুনি। এই দর্শন বস্তুবাদী দর্শন। এই দৰ্শনৰ মতে জ্ঞানাৰ্জনৰ উৎস হ’ল চাৰিটা। প্রত্যক্ষ, অনুমান, উপমান আৰু শব্দ। ন্যায় দর্শনৰ তর্কশাস্ত্ৰ এক গুৰুত্বপূৰ্ণ শাস্ত্ৰ। পাশ্চাত্যৰ দার্শনিক এৰিষ্ট টলৰ তিনি অবয়ব হ’ল– (১) প্রতিজ্ঞা। (২) হেতু। (৩) উদাহৰণ। (৪) উপনয়। (৫) সিদ্ধান্ত। ন্যায় দর্শনে আত্মা আৰু ইয়াৰ মুক্তি বিশ্বাস কৰে। এই দৰ্শনে ঈশ্বৰকো বিশ্বাস কৰে। বৈশেষিকঃ ঋষি কৰণাদ হ’ল এই দৰ্শনৰ প্ৰৱৰ্তক। এই দৰ্শনৰ মতে জগত বহুতো পৰমাণুৰে গঠিত। পদাৰ্থৰ (Category) অস্তিত্বৰ বাবে দাঙি ধৰা ৰচনাৰ বাবে এই দর্শন বিখ্যাত। এই দৰ্শনৰ মতে পদার্থ সাতবিধ। (১) দ্রব্য, (২) গুণ, (৩) কর্ম, (৪) সামান্য, (৫) বিশেষ, (৬) সমবায় আৰু (৭) অভাৱ।

এই দর্শন এক বস্তুবাদী দর্শন। এই দর্শনে আত্মাৰ মুক্তি আৰু ঈশ্বৰত বিশ্বাস কৰে। 

৫/ সাংখ্য কপিল মুনি হ’ল সাংখ্য দৰ্শনৰ প্ৰৱৰ্তক। এই দৰ্শন হ’ল বাস্তৱধৰ্মী দ্বৈতবাদী দর্শন। এই দৰ্শনৰ মতে সত্তা দুটা। পুৰুষ আৰু প্ৰকৃতি। পুৰুষ, হ’ল বহুতো। ই চৈতন্যময়ী সত্তা। কিন্তু প্রকৃতি জড় সত্তা। পুৰুষক আত্মাৰ অৰ্থত বুজা হয়। প্ৰকৃতিৰ ক্ৰমবিকাশ পুৰুষৰ সান্নিধ্যত। প্রকৃতি হৈছে জগতত প্ৰধান কাৰণ। প্রকৃতি পৰিৱৰ্তনশীল। সাংখ্য দৰ্শনত ঈশ্বৰৰ উল্লেখ নাই। এই দর্শনে পুৰুষ বা আত্মাৰ মুক্তিত বিশ্বাস কৰে।

৬/ যোগ দর্শনযোগ দৰ্শনৰ প্ৰতিষ্ঠাতা হ’ল পদঞ্জলি। যোগ দৰ্শনৰ মূল সাংখ্যৰ লগত জড়িত। এই দর্শনে সাংখ্য দৰ্শনৰ জ্ঞানবিদ্যা আৰু পৰাবিদ্যা গ্ৰহণ কৰে। এই দৰ্শন ঈশ্বৰ বিশ্বাসী। যৌগ সূত্র এই দৰ্শনৰ এক অভিনৱ সূত্র। এই দৰ্শনে অষ্টালিংক যোগৰ দ্বাৰা চিত্তক কেনেকৈ নিৰোধ কৰিব পাৰি তাৰ নিৰ্দেশনা আগবঢ়াইছে। এই দৰ্শনে আত্মাৰ মুক্তিত বিশ্বাস কৰে।

৭/ মীমাংসা দর্শন ঃ জৈমিনী মীমাংসা দর্শনৰ প্ৰৱৰ্তক। বেদৰ নীতি-নিয়মৰ যুক্তি যুক্ততা আৰু সুৰক্ষা এই দৰ্শনৰ মুখ্য বিষয় বস্তু। এই দৰ্শনে জ্ঞানৰ মতবাদৰ বিশদভাৱে আলোচনা কৰে। ইয়াক জ্ঞানমীমাংসা বোলে। এই দর্শনে আত্মাক বিশ্বাস কৰে কিন্তু ঈশ্বৰক বিশ্বাস নকৰে। বেদবোৰ আবহমান কালৰ পৰা চলি অহা শব্দ বুলি গ্ৰহণ কৰে৷ এইবোৰ ঈশ্বৰে সৃষ্টি কৰা নাই৷ মীমাংসা দর্শন এক বাস্তববাদী দর্শন।

৮/ বেদান্ত দর্শন ঃ ‘বেদান্ত’ৰ অৰ্থ হৈছে অস্ত। এই দৰ্শনৰ ৰচক হ’ল বাদযায়ন। বাদযায়নৰ ‘প্ৰহ্মসূত্র’ এই দৰ্শনৰ বিখ্যাত পুথি। এই দৰ্শনৰ প্ৰধান পৃষ্ঠপোষক হ’ল শংকৰাচাৰ্য, ৰামানুজ, মাধৱ আৰু বহুভ। শংকৰাচাৰ্যৰ অদ্বৈত বেদান্ত এক প্রখ্যাত দর্শন। শংকৰাচাৰ্যৰ মতে জগত মিথ্যা, ব্ৰহ্ম সত্য। এওঁৰ মতে ব্ৰহ্ম আৰু আত্মা একে।


 9. Discuss the dichotomy between Astika and Nastika philosophy. 

আস্তিক আৰু নাস্তিক দৰ্শনৰ মাজত পাৰ্থক্য বুজাই লিখা।

Ans - ভাৰতীয় দর্শনক দুটা ভাগত শ্রেণীবিভাগ কৰা হৈছে আস্তিক আৰু নাস্তিক। যিবোৰ দৰ্শন বেদৰ ওপৰত বিশ্বাসী অর্থাৎ বেদৰ প্রামান্যক অভ্রান্ত বুলি গণ্য কৰে সেইবোৰ দর্শনক আস্তিক দর্শন বোলে। অন্যকথাত কবলৈ হ’লে আস্তিক দর্শনেই বৈদিক দর্শন। আস্তিক দৰ্শন ছয় প্ৰকাৰৰ – ন্যায়। বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত। আনহাতে যিবোৰ দৰ্শন সম্প্রদায় ঈশ্বৰৰ আস্তিত্বত অবিশ্বাসী সেইবোৰক নাস্তিক দর্শন বোলা হয়। অথবা যিবোৰ দৰ্শন বেদত বিশ্বাসী নহয় সেইবোৰক নাস্তিক দর্শন বোলে। নাস্তিক দর্শন তিনি প্ৰকাৰৰ – জৈন, বৌদ্ধ আৰু চার্বাক।

10. Explain the importance of Veda in Indian philosophy. Discuss the common characteristics of Indian philosophy. 

ভাৰতীয় দৰ্শনত বেদৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি ?

Ans - ভাৰতীয় দৰ্শনৰ সঠিক উৎপত্তিকাল নিৰ্ধাৰণ কৰা সম্ভৱ নহয়। বেদ আৰু উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনৰ আৰম্ভণি। বেদ ভাৰতীয় দৰ্শনৰ প্ৰাচীনতম গ্ৰন্থ। বেদ ভাৰতীয় দৰ্শন, সাহিত্য়, কাব্য় ইত্য়াদি সকলো চিন্তাধাৰাৰ ধাৰক আৰু বাহক। 'বেদ' শব্দৰ অৰ্থ হল জ্ঞান বা পৰমজ্ঞান। বেদ আৰু উপনিষদৰ পৰা ভাৰতীয় দৰ্শনৰ আৰম্ভণি হলেও বেদৰ সঠিক ৰচনাকাল কিন্তু নিৰ্ধাৰিত হোৱা নাই। বেদ আৰু উপনিষদক অৱলম্বন কৰি উদ্ভৱ হয় সূত্ৰ-দৰ্শনৰ। 'সূত্ৰ' শব্দৰ অৰ্থ হল 'সূতা' যাৰ সহায়ত অনেক বস্তুক একত্ৰে গ্ৰথিত কৰা যায়। বেদ আৰু উপনিষদৰ পৰা সূত্ৰ, সূত্ৰৰ পৰা ভাষ্য় আৰু ভাষ্য়ৰ পৰা টীকাগ্ৰন্থৰ মাধ্য়মত ভাৰতীয় আস্তিক দৰ্শনসমূহৰ উদ্ভৱ হোৱা পৰিলক্ষিত হয়। 

ভাৰতীয় দৰ্শনৰ সাধাৰণ বৈশিষ্ট্য়সমূহ তলত উল্লেখ কৰা হল -

১/বেদৰ সম্পৰ্কীয় আলোচনা, ২/ ব্য়ৱহাৰিক প্ৰয়োজনবোধ, ৩/ আধ্য়াত্মিক অতৃপ্তি, ৪/ আত্মাৰ সনাতন সত্তাত বিশ্বাস, ৫/ সনাতন নৈতিক নিয়মত বিশ্বাস, ৬/ কৰ্মবাদ আৰু জন্মন্তৰবাদত বিশ্বাস, ৭/ জগতখনক নৈতিক ৰঙ্গমঞ্চৰূপে কল্পনা, ৮/ অবিদ্য়া বা অজ্ঞানতাই বন্ধন, ৯/ মোক্ষই পৰম পুৰুষাৰ্ধ, ১০/ সম্য়ক জ্ঞান, ১১/ আত্মসংযম আৰু সাধনা, ১২/ জ্ঞান সম্পৰ্কীয় আলোচনা।  

11. 'Indian philosophy is pessimistic in outlook.' Do you accept? 

'ভাৰতীয় দৰ্শন দুঃখবাদী দর্শন।' কথাষাৰ গ্ৰহণযোগনে?

Ans - বহুতো দাৰ্শনিকে, বিশেষকৈ পাশ্চাত্য় দাৰ্শনিকসকলে ভাৰতীয় দৰ্শনক দুখবাদী বা নৈৰশ্য়বাদী বুলি অভিহিত কৰিছে। যি মতবাদ অনুসৰি জগত আৰু জীৱনৰ সৰ্বত্ৰ দুখ আৰু নৈৰাশ্য়ই বিৰাজমান, জগত আৰু জীৱনত কোনো আশাৰ স্থান নাই, তাক দুখবাদ বা নৈৰাশ্য়বাদ বোলা হয়। দুখেই একমাত্ৰ সত্য়, জগত আৰু জীৱন কেৱল দুখময় - এয়াই দুখবাদ বা নৈৰাশ্য়বাদৰ মূল কথা। ভাৰতীয় দৰ্শনত দুখক গুৰুত্ব দিয়া হৈছে - এই কথা সত্য়। কিন্তু দুখৰ আলোচনাই ভাৰতীয় দৰ্শনৰ পৰিসমাপ্তি নহয়। ভাৰতীয় দৰ্শনত দুখৰ আলোচনা কৰা হৈছে এই উদ্দেশ্য়ে যাতে দুখৰ যথাৰ্থ স্বৰূপ আৰু কাৰণ অনুধাৱন কৰি দুখৰ পৰা নিবৃত্তি পোৱা যায়। ভাৰতীয় দৰ্শন দুখবাদী দৰ্শন নহয়, ভাৰতীয় দৰ্শন আশাবাদী দৰ্শন। 

12. Explain the development of Indian philosophy. 

ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশ সন্দৰ্ভত আলোচনা কৰা।

Ans - ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশ পাশ্চাত্য় দৰ্শনৰ ক্ৰমবিকাশৰ পৰা স্বতন্ত্ৰ। ভাৰতীয় দৰ্শনৰ ক্ৰমবিকাশৰ ইতিহাস লক্ষ্য় কৰিলে দেখা যায় যে, এই দেশৰ দাৰ্শনিক মতবাদসমূহৰ এক অনুপম বৈশিষ্ট্য় আছে। ভাৰতীয় দাৰ্শনিকৰ ওচৰত দৰ্শন কেৱল তত্ত্বালোচনাৰ মাজতেই সীমাবদ্ধ নাছিল, ভাৰতীয় দাৰ্শনিকে দৰ্শনক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰিছিল - তেওঁলোকে দৰ্শনক জীৱনক যথাৰ্থভাৱে পৰিচালিত কৰাৰ কৰাৰ অন্য়তম হাঁতিয়াৰ হিচাপে গ্ৰহণ কৰিছিল। ভাৰতীয় দৰ্শনৰ বিকাশৰ ক্ষেত্ৰত আন এটা গুৰুত্বপূৰ্ণ কথা হল, ভাৰতীয় দাৰ্শনিক মতবাদবোৰ কোনোদিনেই নিজ সম্প্ৰদায়ৰ মাজত আৱদ্ধ নাছিল। ভাৰতীয় দাৰ্শনিক মতবাদসমূহ পৰস্পৰে পস্পৰক প্ৰভাৱিত কৰিছিল। ভাৰতীয় দাৰ্শনিকসকল এজনে আনজনৰ দাৰ্শনিক মতবাদবোৰ ব্য়াখ্য়া আৰু সমালোচনা কৰিছিল, এজনে আনজনৰ মতবাদসমূহ জনাৰ বাবে আগ্ৰহী আছিল। চক্ৰেটিছৰ দৰ্শনৰ পিছত প্লেটোৰ দৰ্শনৰ আবিৰ্ভাৱ হৈছিল, ডেকাৰ্টৰ দৰ্শনৰ পিছত স্পিনোজাৰ দৰ্শন বিকশিত হৈছিল, পিছৰ দৰ্শনত পূৰ্বৰ দৰ্শনৰ আলোচনা কৰা হৈছিল। ইয়াৰ উদ্দেশ্য় আছিল দৰ্শনত ডেকাৰ্টৰ ক্ৰটিসমূহ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছিল, বাৰ্কলিৰ দৰ্শনত ল'কৰ ত্ৰুটিসমূহ দূৰ কৰাৰ প্ৰয়াস কৰা হয় ইত্য়াদি। 

13. Is Indian philosophy dogmatic? Discuss. 

ভাৰতীয় দৰ্শন নিৰ্বিচাৰবাদী নে? আলোচনা কৰা।

Ans - ভাৰতীয় দৰ্শনৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ ভিতৰত এটা প্ৰধান অভিযোগ হল 'ভাৰতীয় দৰ্শন নিৰ্বিচাৰবাদী দৰ্শন'। যি দৰ্শনত বিনা বিচাৰে কোনো বিশাস বা মতবাদক স্বতঃসিদ্ধ বুলি গ্ৰহণ কৰি দাৰ্শনিক সমস্য়া সমাধানৰ চেষ্টা কৰা হয়, তাক নিৰ্বিচাবাদী দৰ্শন বোলা হয়। পাশ্চাত্য় দাৰ্শনিকসকলৰ মতে, ভাৰতীয় দৰ্শনত যুক্তি - বিচাৰৰ কোনো স্থান নাই। ভাৰতীয় দৰ্শনৰ মূল ভিত্তি হল অন্ধবিশ্বাস। নিৰ্বিচাৰবাদী দৰ্শনত অন্ধবিশ্বাস বা ধৰ্মীয় গোড়ামীৰ বশঃবৰ্তী হৈ কোনো মতবাদৰ সত্য়তাক বিনা বিচাৰে গ্ৰহণ কৰা হয়। ভাৰতীয় দৰ্শনৰ বিৰুদ্ধে নিৰ্বিচাৰবাদৰ যি অভিযোগ সি গ্ৰহণযোগ্য় নহয়। ভাৰতীয় দৰ্শন নিৰ্বিচাৰ দৰ্শন নহয়, ভাৰতীয় দৰ্শন যুক্তি - বিচাৰৰ ওপৰত প্ৰতিষ্ঠিত দৰ্শন। 

Write Short Note On :

চমু টোকা লিখা :

1. Asstika philosophy.

 আস্তিক দর্শন।

2. Nastika Philosophy.

 নাস্তিক দর্শন।