চৌপাশৰ বস্তুবোৰ - ধাতু আৰু অধাতু  | পাঠ ৪ | Lesson 4 | Class 8 Science Jatiya Bidyalay Answer |  Jatiya Bidyalay Class 8 Question Answer | অসম জাতীয় বিদ্যলয়ৰ অষ্টম শ্ৰেণীৰ বিঞ্জানৰ প্ৰশ্ন উত্তৰ | Download Free Question Answer Class 8 science Jatiya Bidyalaya | 

পাঠ ৪

ধাতু আৰু অধাতু

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) জুলীয়া অধাতুবিধ হ’ল — 

a) আয় ডিন  b) মার্কিউৰি  c) ব্ৰমিন  d) ক্ল'ৰিন 

উত্তৰঃ c) ব্ৰমিন।

ii) নিম্নোক্তবােৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ’ল—

a) ছ’ডিয়াম  b) গেলিয়াম  c) এলুমিনিয়াম  d) টাংষ্টেন

উত্তৰঃ গেলিয়াম।

iii) হীৰা 一

a) নমনীয়  b) ঘাতসহনীয়  c) অতি কোমল  d) উজ্জ্বল

উত্তৰঃ উজ্জ্বল।

iv) মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হােৱা বগা গুড়ি হ’ল—

a) মেগনেছিয়াম  b) মেগনেছিয়াম অক্সাইড  c) মেগনেছিয়াম ছালফেট  d) মেগমেছিয়াম হাইড্রক্সাইড

উত্তৰঃ মেগনেছিয়াম অক্সাইড।

v) পানীত বুৰাই ৰখা মৌলবিধ হ’ল—

a) ছ’ডিয়াম  b) আইৰন  c) ফছফৰাছ  d) মার্কিউৰি

উত্তৰঃ ফছফৰাছ।

2. খালী ঠাই পূৰ কৰাঃ

i) ধাতু + এছিড → লৱন + হাইড্রজেন 

ii) ধাতুৰ অক্সাইড ক্ষাৰকীয় আৰু অধাতুৰ অক্সাইড আম্লিক ধর্মবিশিষ্ট।

iii) একে ধৰণৰ কণাৰে গঠিত পদার্থক মৌল বোলে।

iv) বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ'ল টাংষ্টেন

v) কাঠপেঞ্চিলত থকা কলা অধাতুবিধ হ’ল গ্ৰেফাইট

vi) Zn + CuSO4 à ZnSO4 + Cu

3. নমনীয়তা আৰু ঘাতসহনীয়তা বুলিলে কি বুজা লিখা।

উত্তৰঃ এবিধ ধাতুক পিটি পিটি চেপেটা ৰূপ দিব পৰা যায়। কিন্তু তাক ভাঙি গুড়ি কৰিব নোৱাৰি। ধাতুৰ টুকুৰাটো পিটি পিটি আন ৰূপ দিব পৰাটোৱে হৈছে নমনীয়তা গুণ।

    ধাতু এবিধ পিটি পিটি পাতল ৰূপ দিব পাৰি। এনেদৰে ধাতুক পাতল ৰূপ দিয়াটোৱে হৈছে ঘাতসহনীয়তা গুণ।

4. ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পার্থক্য লিখা।

উত্তৰঃ ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পার্থক্য হৈছে 一

ধাতু

অধাতু

ধাতুৰ দ্যুতি আছে।

অধাতুৰ দ্যুতি নাই।

ধাতু কঠিন।

অধাতু কোমল।

ধাতু তাপৰ পৰিবাহী।

অধাতু তাপৰ অপৰিবাহী।

5. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পার্থক্য লিখা।

উত্তৰঃ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পার্থক্য হৈছে 一

ভৌতিক ধৰ্ম

ৰাসায়নিক ধৰ্ম

ইয়াৰ সহায়ত পদাৰ্থৰ ৰূপৰ পৰিৱৰ্তন হয়।

ইয়াৰ সহায়ত নতুন পদাৰ্থ পোৱা যায়।

6. অপসাৰণ বিক্রিয়াৰ বিষয়ে উদাহৰণ সহ লিখা।

উত্তৰঃ এবিধ যৌগত থকা কোনো এক মৌলৰ স্থান আন এবিধ মৌলই অধিকাৰ কৰা বিক্ৰিয়াই হ'ল অপসাৰণ বিক্ৰিয়া। এই ক্ষেত্ৰত বেছি সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক অপসাৰণ কৰে। উদাহৰণ 一 আইৰণ + কপাৰ ছালফেট → আইৰন ছালফেট + কপাৰ

Fe + CuSO4 → FeSO4 + Cu

7. ছ'ডিয়াম ধাতুক কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা।

উত্তৰঃ বায়ু আৰু পানীৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকে ছ'ডিয়ামক কেৰাচিনত ডুবাই ৰখা হয়। ছ'ডিয়ামে পানীৰ সংস্পৰ্শ পালে এটা তীব্ৰ বিক্ৰিয়া ঘটে। তাৰ ফলত ছ'ডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপো উৎপন্ন হয়। সেয়েহে ছ'ডিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।

8. ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা।

উত্তৰঃ ফছফৰাছে সাধাৰণ অৱস্থাত অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। সেয়েহে ইয়াক বায়ুৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ পানীত ডুবাই ৰখা হয়।

9 . ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্রিয়া কৰে লিখা। উদাহৰণ দিবা।

উত্তৰঃ ধাতুৱে ক্ষাৰকৰ সৈতে বিভিন্ন প্ৰকাৰে বিক্ৰিয়া কৰে। কিছুমান ধাতুৱে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে। অৰ্থাৎ 

ধাতু + ক্ষাৰক → লৱণ + হাইড্ৰ'জেন গেছ। উদাহৰণ - 

এলুমিনিয়াম + ছ'ডিয়াম হাইড্ৰ'ক্সাইড → ছ'ডিয়াম এলুমিনেট + হাইড্ৰ'জেন

Al + NaOH → NaAlO2 + H2  

10. এবিধ ধাতুৱে এছিডৰ সৈতে বিক্রিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে। গেছবিধ হাইড্রজেন বুলি কেনেকৈ গম পাবা?

উত্তৰঃ হাইড্ৰজেন গেছ জ্বলিলে ধপকৈ শব্দ এটা হয়।হাইড্ৰজেন গেছ জ্বলে আৰু জ্বলোতে অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটে আৰু পানী উৎপন্ন হয়। উৎপন্ন হোৱা গেছ বিধ হাইড্ৰজেন বুলি গম পাবলৈ এটা পৰীক্ষা কৰি চাব পাৰা।

     এটা কাচৰ প্ৰাত্ৰ লৈ তাত এটা ফুটা কৰি এডাল ষ্ট্ৰ সুমুৱাই দিয়া আৰু ভালদৰে এঠা লগোৱা যাতে বায়ু পাৰ হ'ব নোৱাৰে। বটলটোত জিংক ধাতু লৈ অলপ লঘু ছালফিউৰিক এছিড ঢালা আৰু লগে লগে সাফৰখন বন্ধ কৰা। ষ্ট্ৰডালৰ খোলা মূৰটো এটা পানী ভৰ্তি পাত্ৰত ডুবাই ৰাখা। পানীখিনিত চাবোন মিহলাই ৰাখিবা। এতিয়া বটলটোত ভিতৰত বুৰবুৰণি উঠি গেছ ওলাব। এই গেছ ষ্ট্ৰডালেৰে আহি চাবোন পানীত বুদবুদৰ শব্দ কৰিব। এতিয়া জুইৰ  শিখা বুদবুদৰ কাষলৈ নিলে ধপকৈ শব্দ কৰিব ইয়াৰ পৰা বুজা যায় যে ইয়াত উৎপন্ন গেছ বিধ হাইড্ৰজেন গেছ।

11. মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা পদার্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা।

উত্তৰঃ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ দুটোপাল পনী দি মিহলাই লোৱা হ'ল। এতিয়া সেই দ্ৰৱটোৰ অলপমান ৰঙা লিটমাছ কাগজত লগোৱা হ'ল। লিটমাছ কাগজৰ ৰং সলনি হৈ নীলা হ'ল। ইয়াৰ দ্বাৰা আমি প্ৰমাণ কৰিলোঁ যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয়।

12. ছালফাৰে অক্সিজেনৰ লগত বিক্রিয়া কৰি এবিধ গেছ উৎপন্ন কৰে। গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্রমাণ কৰিবা?

উত্তৰঃ প্ৰথমতে এখন দহন চামুচত অলপ ছালফাৰৰ গুড়ি লৈ উত্তপ্ত কৰা হ'ল। ক্ষন্তেক পিছতে ছালফাৰখিনি জ্বলি উঠিল। তেতিয়া চামুচখন গেছ জাৰ এটাত ভৰাই সাফৰ খন বন্ধ কৰি দিয়া হ'ল। জাৰটোত অলপ পানী ঢালি সাফৰখন আকৌ বন্ধ কৰা হ'ল। লগে লগে জাৰটো লৰাই দিলে গেছখিনি পানীৰ লগত মিহলি হৈ গ'ল। এই দ্ৰৱটোত নীলা লিটমাছ কাগজ এখন ডুবাই দিয়াত লিচমাছ কাগজৰ ৰং সলনি হৈ ৰঙা হ'ল। ইয়াৰ পৰা গম পোৱা গ'ল যে ছালফাৰে অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা গেছ বিধ আম্লিক।

13. বাঁওফালৰ প্রতিটোৰ সৈতে সোঁফালৰটো মিলােৱা । 

a. ধাতু    -    d. নিনাদী গুণসম্পন্ন

b. কপাৰ    -    c. বিদ্যুতৰ সুপৰিবাহী

c. গেলিয়াম     -     e. হাতত ল'লে গলে

d. ক্ল'ৰিন    -    a.পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয়।

e. ছালফাৰ    -    b. অধাতু

 


- Dikha Bora

SPELLING CHECK BY - MUKESH BORAH